ETV Bharat / international

Trudeau’s allegations: জাষ্টিন ট্ৰুডোৰ অভিযোগ সন্দৰ্ভত উদ্বেগ প্ৰকাশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ - US State Department Reacts

কানাডাত খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ ঘটনাত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে উত্থাপন কৰা অভিযোগক গুৰুত্বসহকাৰে লৈছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে । এই সন্দৰ্ভত বিদেশ বিভাগে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷

Deeply concerned US State Department
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ গভীৰ উদ্বেগ প্ৰকাশ
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 11:38 AM IST

নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ : খালিস্তানি নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যা সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ অভিযোগক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷ যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ এজন মুখপাত্ৰই কয় যে, "প্ৰধানমন্ত্ৰী ট্ৰুডোৱে উত্থাপন কৰা অভিযোগক লৈ আমি গভীৰভাৱে চিন্তিত ৷ আমি আমাৰ কানাডিয়ান অংশীদাৰসকলৰ সৈতে নিয়মীয়া যোগাযোগত আছো ৷"

এই সময়ত কানাডিয়ানসকলে অগ্ৰগতি লাভ কৰি অপৰাধীক ন্যায়ৰ কাঠগৰালৈ অনাটো গুৰুত্বপূৰ্ণ ৷ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতক খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত ভাৰতে এই সমস্যাৰ সঠিক সমাধানৰ ইচ্ছা প্ৰকাশ কৰে ৷ ট্ৰুডোৱে কয় যে কানাডাই কোনো ধৰণে ভাৰতক উচটনি দিবলৈ চেষ্টা কৰা নাই ৷

প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কয় যে, তেওঁ এই বিষয়টোক উত্থাপিত কৰিবলৈ চেষ্টা কৰা নাই ৷ তেওঁ মাত্ৰ এই সন্দৰ্ভত তথ্য দাঙি ধৰিছে বুলি কয় ৷ তেওঁ ভাৰত চৰকাৰক এই বিষয়টোক অতি গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনায় ৷ তেওঁ এই কথা ক’বলৈ চেষ্টাহে কৰিছে বুলি উল্লেখ কৰে ৷ তেওঁ নিজৰ গণতান্ত্ৰিক নীতি আৰু মূল্যবোধত অটল থাকিব ৷ উল্লেখ্য যে, ভাৰতত বিচাৰি থকা নিজ্জাৰক ১৮ জুনত কানাডাত হত্যা কৰা হৈছিল ৷

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই হৰদীপ সিং নিজ্জাৰক পলাতক বুলি ঘোষণা কৰিছিল ৷ তেওঁ পঞ্জাৱৰ জলন্ধৰৰ ভৰসিংপুৰ গাঁৱত বাস কৰিছিল ৷ উল্লেখ্য যে, সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে ভাৰত চৰকাৰৰ বিৰুদ্ধে নিজ্জাৰ হত্যাৰ অভিযোগ উত্থাপন কৰিছিল ৷ সোমবাৰে ট্ৰুডোৱে কৈছিল যে ভাৰতৰ এজেণ্টে কানাডাৰ এজন নাগৰিকক হত্যা কৰাৰ তথ্য তেওঁৰ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াৰ হাতত আছে ৷

লগতে পঢ়ক : Hardeep Singh Nijjar: কোন আছিল হৰদীপ সিং নিজ্জাৰ ? যাৰ হত্যাই কুটনৈতিকভাৱে বিভাজিত কৰিছে ভাৰত কানাডাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.