ইণ্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ : ইজৰাইলত শেহতীয়া হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনেও এই আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইজৰাইলৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে । ইজৰাইলৰ নাগৰিকসকলৰ প্ৰয়োজনীয় সহায়ৰো ব্যৱস্থা কৰিব আমেৰিকাই । ইজৰাইলৰ ঘটনাক গৰিহণা দি ৰাষ্ট্ৰপতিগৰাকীয়ে হামাছৰ লগতে সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদীসকলক সকীয়নি প্ৰদান কৰে । সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বাবেও আমেৰিকাই কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মধ্য প্ৰাচ্যত হোৱা শেহতীয়া আক্ৰমণবোৰত ২০০ ৰো অধিক লোক নিহত হৈছে আৰু কমেও ১১০৪ গৰাকী লোক আহত হৈছে আৰু কেইবাজনো ইজৰাইলীক গাজাত বন্দী কৰি ৰখা হৈছে । বিডেনে কয় যে সমগ্ৰ বিশ্বই ইজৰাইলৰ চহৰসমূহত হাজাৰ হাজাৰ ৰকেট আক্ৰমণৰ দৃশ্যবোৰ দেখিছে ।
তেওঁ উল্লেখ্য কৰা মতে পুৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে তেওঁ কথা পাতিছে আৰু ইজৰাইলক সকলো সম্ভৱ সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে । বিডেনৰ মতে ইজৰাইলে নিজকে আৰু ইয়াৰ লোকসকলক ৰক্ষা কৰাৰ অধিকাৰ আছে । সন্ত্ৰাসবাদী আক্ৰমণৰ কোনো যৌক্তিকতা নাই আৰু ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি আমেৰিকাৰ প্ৰশাসনৰ সমৰ্থন দৃঢ় আৰু অটল বুলিও বিডেনে উল্লেখ কৰে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ নিজৰ দলটোক ইজিপ্ত, তুৰস্ক, চৌদি আৰৱ, জৰ্ডান, ওমান, ইউ.এ.ই. লগতে ইউৰোপীয় অংশীদাৰ আৰু ফিলিস্তিনি কৰ্তৃপক্ষকে ধৰি সমগ্ৰ অঞ্চলৰ নেতাসকলৰ সৈতে নিৰন্তৰ সম্পৰ্কত থাকিবলৈ নিৰ্দেশ দিছে ।
ইজৰাইলৰ সন্ত্ৰাসবাদী আক্ৰমণ মানৱীয় দৃষ্টিকোণৰ পৰা অতি ভয়ংকৰ । নিৰীহ লোকসকলে প্ৰাণ হেৰুৱাইছে । সেয়ে দুৰ্ভগীয়া পৰিয়ালবোৰৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেন আৰু তেওঁ পত্নী জিল বিডেনে গভীৰ সমবেদনা জ্ঞাপন কৰে । ইফালে আঘাতপ্ৰাপ্ত বহুলোকৰ দ্ৰুত আৰোগ্যৰো কামনা কৰে । বিডেনৰ মতে তেওঁ ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে সম্পৰ্কত থাকিব আৰু পৰিস্থিতি পৰিৱৰ্তন হ'লেও আমেৰিকা ইজৰাইলৰ সৈতে থাকিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।