ETV Bharat / international

Blinken US stands behind Israel : যুদ্ধ বিধ্বস্ত ইজৰাইলৰ কাষত আমেৰিকা

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:30 AM IST

ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত আছে সংঘাত । ইয়াৰ মাজতে আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিংকেনে পুনৰবাৰ ইজৰাইল আৰু পশ্চিম এছিয়াৰ দেশসমূহ ভ্ৰমণ কৰিবলৈ ওলাইছে ।

Blinken US stands behind Israel
আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে পুনৰবাৰ ইজৰাইলৰ প্ৰতি সমৰ্থন জনায়

ইন্টাৰনেশ্যনেল, 3 নৱেম্বৰ : আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে পুনৰবাৰ ইজৰাইলৰ প্ৰতি সমৰ্থন জনায় ব্যক্ত কৰে নিজৰ মন্তব্য ৷ তেওঁ কয় যে ইজৰাইলৰ নিজৰ ৰক্ষাৰ অধিকাৰ আছে । অৱশ্যে গণতন্ত্ৰত নাগৰিকক সুৰক্ষা দিয়াৰ দায়িত্ব আছে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । মধ্যপ্ৰাচ্য আৰু এছিয়াৰ ছয়খন দেশৰ পুনৰ ভ্ৰমণলৈ যোৱাৰ সময়তে তেওঁ এই মন্তব্য কৰে । কোনো দেশেই নিজৰ নাগৰিকৰ হত্যা সহ্য নকৰে ।

এণ্টনি ব্লিংকেনে কয়, ‘‘আমি গণতান্ত্ৰিক জাতি হিচাপে ইজৰাইলৰ আঁৰত থিয় দিছো । গাজাত আবদ্ধ হৈ থকা সাধাৰণ নাগৰিকক সুৰক্ষা দিয়াটো আমেৰিকা আৰু ইজৰাইলৰ দায়িত্ব । ই প্ৰত্যাহ্বানমূলক যদিও দায়িত্ব সহকাৰে আগবাঢ়িব লাগিব’’ ।

ব্লিংকেনে আৰু কয়, ‘‘হামাছে দানৱীয় আৰু ইচ্ছাকৃতভাৱে পুৰুষ, মহিলা আৰু শিশুক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে । হামাছে নিজৰ যোদ্ধা, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ আদি চিকিৎসালয়, বিদ্যালয় আৰু মছজিদৰ অধীনত ৰাখিছে’’ ।

তেওঁ কয়, ‘‘এইটোৱে ইয়াক অবিশ্বাস্যভাৱে প্ৰত্যাহ্বানপূৰ্ণ কৰি তুলিছে ৷ কিন্তু আমি দায়িত্বসহকাৰে আগবাঢ়িব লাগিব ৷ গাজাৰ পুৰুষ, মহিলা আৰু শিশুৰ ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ ল'বলগীয়া সকলো পদক্ষেপসমূহৰ বিষয়ে কাম কৰিবলৈ আমেৰিকা প্ৰতিশ্ৰুতিবদ্ধ’’ ।

উল্লেখ্য যে, আমেৰিকাৰ বৈদেশিক মন্ত্ৰী এণ্টনি ব্লিংকেনে ছয়খন দেশ ভ্ৰমণলৈ যাব। তথ্য অনুসৰি, ইজৰাইল, জৰ্ডান, জাপান, দক্ষিণ কোৰিয়া আৰু শেষত ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ।

ইজৰাইলত ব্লিংকেনে আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন অনুসৰি ইজৰাইলক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰক্ষা কৰিবলৈ পুনৰবাৰ সমৰ্থন প্ৰকাশ কৰে ৷ লগতে ইজৰাইল, পশ্চিম পাৰ আৰু গাজাত আমেৰিকাৰ নাগৰিকক সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিব বুলি উল্লেখ কৰে তেওঁ ।

লগতে তেওঁ পণবন্দীসকলক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াটো নিশ্চিত কৰাৰ লগতে পেলেষ্টাইনী সাধাৰণ নাগৰিকক বিতৰণৰ বাবে গাজাত প্ৰৱেশ কৰা মানৱীয় সাহায্যৰ গতি আৰু পৰিমাণ বৃদ্ধি কৰিব ৷ লগতে সংঘাত বিয়পি পৰাত বাধা দিয়াৰ বাবেও কাম কৰিব বুলি তেওঁ কয় ।

ভাৰত ভ্ৰমণৰ সময়ত ব্লিংকেনৰ সৈতে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনো উপস্থিত থাকিব । আমেৰিকাৰ প্ৰতিনিধি দলটোৱে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ অন্যান্য উচ্চপদস্থ বিষয়াক সাক্ষাৎ কৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিপাক্ষিক আৰু বিশ্বব্যাপী উভয় উদ্বেগ আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰিব ।

লগতে পঢ়ক : Bhutan King Assam Visit : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.