ETV Bharat / international

Xi Jinping to US Visit : আমেৰিকা ভ্ৰমণ কৰিব ঝি জিনপিঙে; কৰিব জো বাইডেনক সাক্ষাৎ ! - Joe Biden to meet Xi Jinping

বিশ্বজুৰি চলি থকা প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং এন বৰ্তমান ৱাশ্বিংটনত আছে । আনহাতে, দুয়োখন দেশৰ মাজৰ উত্তেজনা চৰম পৰ্যায়ত আছে । বিশেষকৈ উন্নত প্ৰযুক্তিৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰপ্তানি নিয়ন্ত্ৰণ আৰু পূব আৰু দক্ষিণ চীন সাগৰত চীনৰ অধিক দৃঢ় পদক্ষেপ ইয়াৰ মুখ্য বিষয় । তাৰ মাজতে বাইডেন আৰু চীনৰ বৈদেশিক মন্ত্ৰীৰ মাজত বৈঠক অনুষ্ঠিত হয় ।

আমেৰিকা ভ্ৰমণ কৰিব জি জিনপিঙে; কৰিব জো বাইডেনক সাক্ষাৎ !
Xi Jinping to US Visit
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:29 AM IST

ইণ্টাৰনেটনেল ডেস্ক, ১ নৱেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে শুকুৰবাৰে (স্থানীয় সময় অনুসৰি) চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে এক আলোচনাত মিলিত হয় । উল্লেখ্য যে নৱেম্বৰত চীনা নেতা ঝি জিনপিঙৰ সম্ভাৱ্য আমেৰিকা ভ্ৰমণৰ পূৰ্বে দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্ক মসৃণ কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে । আনহাতে, আমেৰিকা আৰু চীনে বিশ্বজনীন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ একেলগে কাম কৰাৰ সম্ভাৱনা অন্বেষণ কৰি থকা বুলি আমেৰিকাৰ বৈদেশিক বিভাগে এক বিবৃতিত কয় ।

বৈঠকত বাইডেনে আমেৰিকা আৰু চীন দুয়ো দেশৰে সম্পৰ্কত দায়িত্বশীলভাৱে প্ৰতিযোগিতা পৰিচালনা কৰা আৰু যোগাযোগৰ সকলো মাধ্যম মুকলি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও বিবৃতিটোত কোৱা হৈছে । তেওঁলোকে লগতে কয় যে আমেৰিকা আৰু চীনে বিশ্বজনীন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ একেলগে কাম কৰা উচিত ।

উল্লেখ্য যে ইউক্ৰেইন আৰু ইজৰাইলত চলি থকা সংঘৰ্ষৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে জো বাইডেনৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে । কিয়নো আমেৰিকা আৰু চীনে বিগত কেইবছৰমানত তেওঁলোকৰ সম্পৰ্কৰ আটাইতকৈ উত্তেজনাপূৰ্ণ পৰ্যায়ৰ মাজেৰে গৈ আছে ।

বাইডেন প্ৰশাসনৰ মুখপাত্ৰ জন কিৰ্বিৰ মতে, বাইডেন আৰু ৱাঙে হোৱাইট হাউছৰ ৰুজভেল্ট কক্ষত বৈঠক অনুষ্ঠিত কৰে । সেই সময়ত বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানো উপস্থিত থাকে । কিৰ্বিয়ে কয় যে বাইডেনে বৈঠকখনক এক ইতিবাচক উন্নয়ন আৰু আলোচনা অব্যাহত ৰখাৰ এটা ভাল সুযোগ হিচাপে গ্ৰহণ কৰে ।

অৱশ্যে চীনে ঝি জিনপিঙৰ ভ্ৰমণ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই । ইয়াৰ পূৰ্বে বিশ্ব শান্তি আৰু উন্নয়নৰ ওপৰত আমেৰিকা-চীন সম্পৰ্কৰ প্ৰভাৱৰ কথা উল্লেখ কৰি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে কৈছিল যে বেইজিঙে তেওঁলোকৰ পাৰ্থক্য সঠিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ, ইজনে সিজনৰ প্ৰগতিত অৰিহণা যোগাবলৈ আৰু উমৈহতীয়া সমৃদ্ধি আগবঢ়োৱাৰ বাবে ৱাশ্বিংটনৰ সৈতে কাম কৰিবলৈ সাজু । চীনা চৰকাৰী সংবাদ মাধ্যম সংস্থা ছিনহুয়াই এই কথা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Sensational incident in Flight : উৰন্ত বিমানত কেপ্তেইনক প্ৰাণে মৰাৰ ভাবুকি পাইলটৰ!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.