ETV Bharat / international

Plane crashes in Virginia : ৱাশ্বিংটনৰ আকাশত এখন বিমানৰ সন্দেহজনক উৰণ - Unresponsive plane flew over Washinton

আমেৰিকাৰ ৱাশ্বিংটনত এখন বিমানৰ উৰণক লৈ চাঞ্চল্য (Unresponsive plane flew over Washinton)। কোনো সঁহাৰি নিদিয়াকৈ ৰাজধানীৰ আকাশেৰে উৰণ বিমানখনৰ । সামৰিক বাহিনীয়ে সতৰ্ক কৰি দিয়ে বিমানখনৰ পাইলটক । ভাৰ্জিনিয়াত দুৰ্ঘটনাগ্ৰস্ত বিমানখন ।

Plane crashes in Virginia
ৱাশ্বিংটনৰ আকাশত এখন বিমানৰ সন্দেহজনক উৰণ
author img

By

Published : Jun 5, 2023, 10:47 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ জুন : আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ আকাশত উৰি থকা এখন বিমানক লৈ তীব্ৰ চাঞ্চল্য (Unresponsive business plane flew over Washinton)। ভুল পথেৰে গৈ থকা আৰু কোনো সঁহাৰি নিদিয়া বিমানখনক যুঁজাৰু বিমানৰ সকীয়নি । অৱশেষত ভাৰ্জিনিয়াত বিমানখন দুৰ্ঘটনাগ্ৰস্ত । কিন্তু কি কাৰণত বিমানখনে সঁহাৰি অবিহনে গৈছিল আৰু দুৰ্ঘটনা কেনেকৈ হ'ল সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত ।

উল্লেখ্য যে দেওবাৰে বিয়লি দেশৰ ৰাজধানীৰ আকাশত দেখা গৈছিল ব্যৱসায়িক বিমানখন । ৰাজধানীৰ আকাশত বিমানখন প্ৰত্যক্ষ কৰাৰ লগে লগে প্ৰচণ্ড শব্দৰে যুঁজাৰু বিমানে সেই বিমানখনক সতৰ্ক কৰি দিয়ে (Fighter jet alerted Unresponsive aircraft)। সামৰিক বাহিনীৰ বিমানৰ শব্দ সমগ্ৰ ৰাজধানীতে শুনা গৈছিল ।

ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে কোৱা মতে দেওবাৰে টেনেচীৰ এলিজাবেথ টাউনৰ পৰা উৰা মাৰিছিল বিমানখন আৰু লং আইলেণ্ডৰ মেকআৰ্থাৰ বিমানবন্দৰলৈ গৈ আছিল । কিন্তু কোনো সঁহাৰি নিদিয়াকৈ বিমানখন নিউয়ৰ্কৰ লং আইলেণ্ডৰ ওপৰেৰে ঘূৰি আহিছিল আৰু ৰাজধানীৰ ওপৰেৰে গৈ বিয়লি প্ৰায় ৩:৩০ বজাত ভাৰ্জিনিয়াৰ মণ্টেবেলোৰ ওচৰৰ পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় (Plane crash in Virginia)।

বিমানখনে কিয় কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাছিল বা কিয় দুৰ্ঘটনাগ্ৰস্ত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । বিমানখনত কিমান জন লোক আছিল সেয়াও স্পষ্ট হোৱা নাই । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিষয়াই জনোৱা মতে সামৰিক যুঁজাৰু বিমানখনে সৰু বিমানখনৰ প্ৰতি সঁহাৰি দিবলৈ স্ক্ৰেম্বল কৰিছিল ।

ফ্লাইট ট্ৰেকিং চাইটবোৰত দেখা গৈছে যে বিমানখন দ্ৰুত গতিত অৱতৰণ কৰিছিল । দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে প্ৰতি মিনিটত ৩০,০০০ ফুটতকৈ অধিক হাৰত নামি গৈছিল । নৰ্থ আমেৰিকান এৰোস্পেচ ডিফেন্স কমাণ্ডে পাছত এক বিবৃতিত কয় যে এফ-১৬ চুপাৰচনিক গতিত ভ্ৰমণ কৰিবলৈ কৰ্তৃত্বপ্ৰাপ্ত আছিল, যাৰ ফলত এক চনিক বুম হৈছিল ।

বিবৃতিটোত কোৱা হৈছে যে সৰু বিমানখনৰ পাইলটৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰচেষ্টাত ফ্লেয়াৰ ব্যৱহাৰ কৰা হৈছিল । ফ্লেয়াৰবোৰ সম্পূৰ্ণৰূপে জ্বলি যায় আৰু ইয়াৰ দ্বাৰা মাটিত থকা লোকসকলৰ কোনো বিপদ নহয় । ভাৰ্জিনিয়া ৰাজ্যিক আৰক্ষীয়ে জনোৱা মতে আবেলি ৪ বজাৰ পূৰ্বে সম্ভাৱ্য দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হৈছিল । আৰক্ষীয়ে বিমানখন বিচাৰি উলিয়াবলৈ অভিযান চলাই আছিল কিন্তু দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে । হোৱাইট হাউচৰ এগৰাকী বিষয়াই জনোৱা মতে ৰাষ্ট্ৰপতিক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে ।

লগতে পঢ়ক :USA President Condolences; ৰে’ল দুৰ্ঘটনাই আমাক মৰ্মাহত কৰিছে : ৰাষ্ট্ৰপতি জ’ বাইডেন

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.