ETV Bharat / international

ভাৰতীয় বংশোদ্ভূত মনোবিজ্ঞানী প্ৰেমিকাক ডিঙি কাটি হত্যা প্ৰেমিকৰ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 2:29 PM IST

প্ৰেমৰ জঘন্য ৰূপ ৷ নিজ প্ৰেমিকাক বন্দী কৰি ৰাখি অৱশেষত ডিঙি কাটি হত্যা কৰিলে প্ৰেমিকে ৷ শুনিলে আপোনাৰো কঁপিব বুকু...

UK: Tunisian man admits killing his Indian-origin psychologist girlfriend
ভাৰতীয় বংশোদ্ভূত মনোবিজ্ঞানী প্ৰেমিকাক ডিঙি কাটি হত্যা প্ৰেমিকৰ

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 16 জানুৱাৰী : প্ৰেম কৰোঁতে সাৱধান হওক ৷ নহ’লেও আপুনিও প্ৰাণ হেৰুৱাব পাৰে প্ৰেমিক-প্ৰেমিকাৰ হাতত ৷ এইবাৰ লণ্ডনত ভাৰতীয় বংশোদ্ভূতৰ এগৰাকী মনোবিজ্ঞানীক নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকে ৷ ২০২২ চনৰ 19 মাৰ্চত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৷ লণ্ডনত থকা বিশ্ববিদ্যালয়ৰ আৱাসত বাস কৰিছিল চাবিতা থানৱানী নামৰ 19 বছৰীয়া যুৱতীগৰাকীয়ে ৷ তেওঁ লণ্ডনৰে মাৰোফ নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ৷ লণ্ডনৰ ক্লাৰ্কেনৱেল অঞ্চলৰ আৰ্বাউৰ হাউছৰ ছাত্ৰ ফ্লেটত চাবিতাক বন্দী কৰি ডিঙি কাটি হত্যা কৰে প্ৰেমিক মাৰোফে ৷

মাৰোফৰ কোনো নিৰ্দিষ্ট ঠিকনা নাছিল ৷ মাৰোফে নিজেই এই জঘন্য ঘটনাৰ কথা স্বীকাৰ কৰিছিল ৷ মাৰোফে জানিবলৈ দিয়া অনুসৰি সেই সময়ত তেওঁ শ্বিজোফেক্টিভ ৰোগত ভুগি আছিল ৷ তেওঁ এজন জৰুৰীকালীন কৰ্মীক প্ৰহাৰ কৰি আক্ৰমণৰ কথাও স্বীকাৰ কৰিছিল ৷ মাৰোফক শাস্তি প্ৰদান কৰাৰ সময়ত, ন্যায়াধীশ নাইজেল লিকলি কেচিয়ে কৈছিল যে মাৰোফে এটা মানসিক বিকাৰৰ ফলত এই ঘটনাটো সংঘটিত কৰিছিল ৷

তেওঁলোকৰ সম্পৰ্কৰ সময়তো মাৰোফে কেইবাবাৰো তেওঁক আক্ৰমণ কৰাৰ কথা চাবিতাই ঘৰত জানিবলৈ দিছিল ৷ চাবিতাই তাৰ পিচতো তেওঁলোকৰ সম্পৰ্কটো চলাই লৈ গৈছিল ৷ ইফালে অভিযুক্তপক্ষৰ মতে, এই ঘটনাৰ সময়ত, মাৰোফে গাঞ্জা সেৱন কৰিছিল আৰু ভাবিছিল যে ৷ তেওঁ নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল ৷

আক্ৰমণৰ আগদিনা সন্ধিয়া, তেওঁলোকে এটা মছজিদৰ বাহিৰত লগ পাইছিল আৰু কেন্দ্ৰীয় লণ্ডনত সময় অতিবাহিত কৰিছিল ৷ তেওঁলোক থানৱানীৰ বাসস্থানলৈ উভতি অহাৰ পিছত, আন শিক্ষাৰ্থীসকলে চাবিতাৰ চিঞৰ শুনিছিল ৷ "মই উশাহ ল'ব নোৱাৰো" আৰু "মই আপোনাক অনুৰোধ কৰিছো", "মোক হত্যা নকৰিব" বুলি চিঞৰি থকা শুনিছিল ৷ যাৰ পিছত জৰুৰীকালীন সেৱাসমূহক সতৰ্ক কৰি দিয়া হৈছিল ৷ আৰক্ষীয়ে বিচনাখনৰ চাৰিওফালে তেজৰ দাগ, লগতে থানৱানীৰ কোঠাৰ মজিয়াত কম্বল দেখিছিল ৷

লগতে পঢ়ক:ইৰাকৰ মাৰ্কিন দূতাবাসৰ সমীপত বিস্ফোৰণত 4 জনৰ মৃত্যু; বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ ইৰাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.