ইণ্টাৰনেশ্যনেল ডেস্ক, 27 আগষ্ট: বৰ্ণৰ ভিত্তিক হিংসাত্মক ঘটনা আমেৰিকাত ৷ শনিবাৰে বিয়লি ফ্ল'ৰিডাৰ জেকচনভিলৰ ডলাৰ জেনেৰেল ষ্ট'ৰত গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ এই গুলীচালনাত তিনিজন লোক নিহত হয় বুলি জানিব পৰা গৈছে ৷
এগৰাকী শ্বেতাংগ লোকে কৃষ্ণাংগ লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ পৰৱৰ্তী সময়ত লোকজনে নিজেও গুলীয়াই আত্মহত্যা কৰে ৷ গুলীচালনাৰ ফলত বৰ্তমান পৰ্যন্ত কিমান লোক আহত হৈছে জানিব পৰা হোৱা নাই ৷ জনবহুল এলেকাটোত হোৱা গুলীচালনাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
আনহাতে, CNN ৰ বাতৰি অনুসৰি শনিবাৰে পুৱা ব’ষ্টনত হোৱা আন এক গুলীচালনাত আহত হয় সাতজন লোক । গুলীচালনাৰ পিছতে সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্তসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় । দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে একাধিক আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলিও আৰক্ষীয়ে জনায় ।
চহৰখনৰ কেৰিবিয়ান কাৰ্নিভালত জে’উভাৰ্ট পেৰেডৰ সময়তে এই গুলীচালনা সংঘটিত হৈছে বুলি ব’ষ্টন আৰক্ষীৰ চাৰ্জেণ্ট ড. ডেট. জন বয়েলে জনায় । গুলীচালনাৰ ঘটনাৰ বাবে পেৰেড অনুষ্ঠান বন্ধ হৈ পৰে ৷
এটা বহুমূলীয়া সামূহিক অনুষ্ঠানৰ সৈতে যিসকলৰ কোনো সম্পৰ্ক নাছিল তেওঁলোকৰ হিংসাত্মক কাৰ্যই অনুষ্ঠানটো বিঘ্নিত কৰিছে বুলি মেয়ৰ মিচেল উৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ " চলিত বৰ্ষত বৰ্তমান পৰ্যন্ত আমেৰিকাত কমেও 470 টা এনেধৰণৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ জুলাই মাহত এই ঘটনাই 400 ৰ সীমা অতিক্ৰম কৰিলে বুলি উল্লেখ কৰি ৰাজ্যিক চিনেটৰ ডেভিডে এই বৰ্ধিত হিংসা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ৷ 2013 চনৰ পৰা এয়া সৰ্বাধিক বুলিও কয় ৰাজ্যিক চিনেটৰগৰাকীয়ে ।
লগতে পঢ়ক: Plane crash in Ukraine: মাজ আকাশত যুঁজাৰু বিমানৰ সংঘৰ্ষ; প্ৰাণ হেৰুৱালে 3 পাইলটে