ETV Bharat / international

ৰবটৰ আক্ৰমণত আঘাতপ্ৰাপ্ত টেছলাৰ অভিযন্তা

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 4:00 PM IST

টেছলাৰ ২০২১ চনৰ দুৰ্ঘটনা প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । গিগা টেক্সাছ কাৰখানাত এটা বিকল ৰবটে ছফ্টৱেৰ অভিযন্তাক আক্ৰমণ কৰাৰ কথা স্বীকাৰ টেছলাৰ । টেছলাৰ বিৰুদ্ধে কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ ।

Tesla robot attack
ৰবটৰ আক্ৰমণত আঘাতপ্ৰাপ্ত টেছলাৰ অভিযন্তা

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ : বিজ্ঞানৰ আৱিষ্কাৰো কেতিয়াবা অভিশাপ হ'ব পাৰে ! সেই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে টেছলাৰ ৰবটে । টেছলাৰ ৰবটৰ আক্ৰমণত আঘাতপ্ৰাপ্ত কোম্পানীটোৰ এগৰাকী অভিযন্তা । টেছলা কোম্পানীটোৱে প্ৰকাশ কৰা মতে অষ্টিনৰ সমীপৰ গিগা টেক্সাৰ কোম্পানীত এই ঘটনা সংঘটিত হৈছে । কাৰখানাত এলুমিনিয়াম গাড়ীৰ অংশ স্থানান্তৰ কৰাৰ বাবে প্ৰস্তুত কৰা এটা বিকল ৰবটৰ আক্ৰমণৰ ফলত অভিযন্তাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

প্ৰতিবেদন অনুসৰি ৰবটটোৱে অভিযন্তাগৰাকীক পিঠি, হাতৰ লগতে বিভিন্ন স্থানত আঘাত কৰিছে । লক্ষণীয়ভাৱে দুবছৰ পূৰ্বে এই ঘটনাটো সংঘটিত হৈছিল । কিন্তু ২০২১ চনৰ দুৰ্ঘটনাৰ প্ৰতিবেদনতহে এই তথ্য প্ৰকাশ পাইছে ।

প্ৰতিবেদন অনুসৰি কাৰখানাত এলুমিনিয়াম গাড়ীৰ অংশ স্থানান্তৰৰ বাবে ব্যৱহৃত ৰবটটোৱে ৰবটৰ বাবে ছফ্টৱেৰ প্ৰগ্ৰাম কৰি থকা অভিযন্তাজনক আক্ৰমণ কৰে । সুৰক্ষিতভাৱে দুটা ৰবটক অক্ষম কৰা হৈছিল যদিও তৃতীয়টো ৰবট দুৰ্ঘটনাক্ৰমে সক্ৰিয় হৈ পৰে আৰু অভিযন্তাজনক আক্ৰমণ কৰে ।

আক্ৰমণটোত অভিযন্তাজন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় আৰু তেজেৰে লুতুৰি-পুতুৰি হৈ মজিয়াত বাগৰি পৰে । সহকৰ্মীসকলে অভিযন্তাজনক সহায়ৰ বাবে আগবাঢ়ি আহে আৰু জৰুৰীকালীন সহায়ৰ আহ্বান জনায় । অভিযন্তাজনে নিজকে ৰক্ষা কৰিবলৈ পলায়ন কৰে যদিও ভাৰসাম্য হেৰুৱাই এলুমিনিয়াম সংগ্ৰহৰ বাবে ব্যৱহৃত ধাতুৰ ওপৰত পিছলৈ পৰে ।

কিন্তু আমেৰিকান অট'মোটিভ আৰু ক্লিন এনাৰ্জি কোম্পানী টেছলাই ঘটনাটোৰ ওপৰত প্ৰতিক্ৰিয়া দিবলৈ অস্বীকাৰ কৰিছে । যাৰ বাবে কৰ্মস্থানৰ সুৰক্ষা আৰু দুৰ্ঘটনাৰ প্ৰতিবেদনৰ দুৰ্বল পৰিচালনাৰ বাবে কোম্পানীটোক নিৰন্তৰ সমালোচনা কৰা হৈছে । তথ্য অনুসৰি গিগা টেক্সাছ প্ৰকল্পটোত উদ্যোগৰ গড়ৰ তুলনাত আঘাতৰ হাৰ অধিক ।

আমেৰিকাৰ বৃত্তিগত সুৰক্ষা আৰু স্বাস্থ্য প্ৰশাসনৰ তথ্য অনুসৰি যোৱা বছৰ গিগা টেক্সাছত প্ৰতি ২১ গৰাকী শ্ৰমিকৰ ভিতৰত প্ৰায় এগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে । টেছলাৰ বহু শ্ৰমিকে অভিযোগ কৰিছে যে কোম্পানীটোৱে প্ৰায়ে নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু কাৰ্যকলাপৰ ক্ষেত্ৰত আপোচ কৰি আহিছে । যাৰ ফলত কৰ্মচাৰীসকল বিপদত পৰে ।

লগতে পঢ়ক :কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষ উপহাৰ; কৰিব মৃত্যুৰ ভৱিষ্যদ্বাণী, আপোনাক দিব অৰ্থনৈতিক অৱস্থাৰ পূৰ্বানুমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.