ETV Bharat / international

Sudan clashes continue: ছুডানত সংঘৰ্ষত নিহতৰ সংখ্য়া ৯৭লৈ বৃদ্ধি - Clashes of paramilitary group and Sudanese army

ছুডানৰ খাৰ্তুমত সেনা আৰু পেৰামিলিটাৰী গ্ৰুপৰ মাাজত সংঘৰ্ষ (paramilitary group and Sudanese army clash) । সংঘৰ্ষত নিহতৰ সংখ্য়া ৯৭ লৈ বৃদ্ধি ।

Clashes of paramilitary group and Sudanese army
ছুডানৰ খাৰ্তুমত সেনা আৰু পেৰামিলিটাৰী গ্ৰুপৰ সংঘৰ্ষ
author img

By

Published : Apr 17, 2023, 2:05 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: ছুডানী সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ (আৰএছএফ) মাজত হোৱা সংঘৰ্ষৰ ফলত নিহতৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পাইছে (Clashes of paramilitary group and Sudanese army)। দ্য ৱাশ্বিংটন পোষ্টে ছুডানী ডক্টৰছ ইউনিয়নৰ উদ্ধৃতি দি কয়, "সোমবাৰৰ আৰম্ভণিলৈকে হিংসাত ৯৭ জন নাগৰিক নিহত হৈছিল । এই ঘটনাত ৬০০ জন আহত হৈছিল । ৰাজধানী চহৰ খাৰ্তুমৰ ওচৰত সংঘটিত হোৱা এই সংঘৰ্ষত হতাহতৰ সংখ্যা বৃদ্ধি হৈ আছে (The Washington Post)। ছুডানী ডক্টৰছ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিয়ে সোমবাৰে পুৱা কয় যে একাংশ লোকে ৰাজধানীৰ দক্ষিণ অংশৰ এখন চিকিৎসালয়ত আঘাত কৰাৰ ফলত আতংকময় পৰিৱেশৰ সৃষ্টি হয় (Central Committee of Sudan Doctors) । অৱশ্য়ে ৰোগী আৰু কৰ্মচাৰীসকল ক্ষতিগ্ৰস্ত হোৱা নাছিল ।

ৰাজধানী চহৰ খাৰ্তুমৰ প্ৰত্যক্ষদৰ্শীয়ে কয় যে দেওবাৰে পুৱা প্ৰাৰ্থনাৰ পিছত সংঘৰ্ষ তীব্ৰতৰ হৈ উঠে । নিশা প্ৰচণ্ড শব্দ আৰু বিস্ফোৰণৰ শব্দ শুনা গৈছিল । লগতে পোৰ্ট ছুডানৰ পূব চহৰত কেইবাশ মাইল দূৰত যুদ্ধৰ বাতৰি প্ৰচাৰ হয় । উল্লেখ্য় যে ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ পিচত ৰাজনৈতিক দলসমূহে এক পৰিৱৰ্তনশীল চৰকাৰ গঠনৰ বাবে আলোচনা কৰবলৈ সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীয়ে (আৰএছএফ) ক্ষমতাৰ বাবে প্ৰতিদ্বন্দিতা কৰি আহিছে । জেনেৰেল আব্দেল ফাত্তাহ আল-বুৰহানৰ নেতৃত্বত সামৰিক বাহিনী আৰু জেনেৰেল মহম্মদ হামদান দাগালোৰ নেতৃত্বত আৰ এছ এফৰ মাজত অৰ্ধসামৰিক বাহিনীক কেনেদৰে সশস্ত্ৰ বাহিনীত একত্ৰিত কৰিব লাগে আৰু আল জাজিৰাৰ মতে সেই প্ৰক্ৰিয়াটো কেনেদৰে তদাৰক কৰা উচিত সেই সন্দৰ্ভত হোৱা মতভেদৰ ফলত এই উত্তেজনা সৃষ্টি হৈছে ।

অভ্যুত্থানৰ ১৮ মাহ পাচত সামৰিক বাহিনীয়ে এই মাহত অসামৰিক নেতৃত্বাধীন চৰকাৰক নিয়ন্ত্ৰণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল । তথাপি এই প্ৰক্ৰিয়াটোত জেনেৰেল আল-বুৰহান আৰু জেনেৰেল হামদানৰ মাজত প্ৰতিদ্বন্দিতা দেখা গৈছে । দুয়োজন নেতাই যোৱা কেইমাহমান ধৰি ভাষণত ইজনে-সিজনক মুকলিকৈ সমালোচনা কৰি আহিছে । তেওঁলোকে চহৰখনৰ চাৰিওফালে বিয়পি থকা সামৰিক শিবিৰৰ বিৰোধিতা কৰিবলৈ শক্তিশালী বাহন প্ৰেৰণ কৰিছে ।

ইফালে, শনিবাৰে ৰাষ্ট্ৰসংঘৰ তিনিজন বিশ্ব খাদ্য কাৰ্যসূচীৰ মৃত্যু হয় । সংঘৰ্ষত তিনিজন কৰ্মচাৰীৰ মৃত্যুৰ পাচত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে সকলো কাৰ্যকলাপ সাময়িকভাৱে বন্ধ কৰি দিছে । এক বিবৃতিত ৰাষ্ট্ৰসংঘৰ সংস্থাৰ কাৰ্যবাহী সঞ্চালক চিণ্ডি মেককেইনে দেওবাৰে কয় যে ছুডানৰ সকলো অভিযান স্থগিত ৰখা হৈছে । উল্লেখ্য় যে ইয়াৰ পূৰ্বে এক বিবৃতিত ছুডানী ডক্তৰ্ছ ট্ৰেড ইউনিয়নে তিনিজন পেৰামিলিটাৰী গ্ৰুপৰ সদস্যৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰিছিল । ইয়াৰ ভিতৰত দুজন খাৰ্তুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিহত হৈছিল (97 people killed in Sudan clashes) । উল্লেখ্য় যে যোৱা শনিবাৰে পুৱা খাৰ্তুমৰ বিভিন্ন স্থানত কেইবাটাও গুলীবৰ্ষণ আৰু বিস্ফোৰণ প্ৰত্যক্ষ কৰা হৈছিল । ইয়াৰ পাচত সংঘৰ্ষ যথেষ্ট বৃদ্ধি পোৱাত দিনটোত ছুডানৰ অৰ্ধসামৰিক গোট ৰেপিড চাপোৰ্ট ফ'ৰ্চে ৰাষ্ট্ৰপতি প্ৰাসাদৰ নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছিল ।

উল্লেখ্য় যে যোৱা শনিবাৰে পুৱা খাৰ্তুমৰ বিভিন্ন স্থানত কেইবাটাও গুলীবৰ্ষণ আৰু বিস্ফোৰণ প্ৰত্যক্ষ কৰা হৈছিল । ইয়াৰ পাচত সংঘৰ্ষ যথেষ্ট বৃদ্ধি পোৱাত দিনটোত ছুডানৰ অৰ্ধসামৰিক গোট ৰেপিড ছাপোৰ্ট ফ'ৰ্চে ৰাষ্ট্ৰপতি প্ৰাসাদৰ নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছিল ।

লগতে পঢ়ক:Sudan clash: সেনা আৰু পেৰা মিলিটাৰী গ্ৰুপৰ সংঘৰ্ষত নিহত ২৫ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.