ETV Bharat / international

Shooting in US: চাঞ্চল্যকৰ ! ছাত্ৰৰ গুলীত মৃত্যু আন এজন ছাত্ৰৰ - আমেৰিকাত গুলীচালনাৰ ঘটনা

আমেৰিকাত এগৰাকী কিশোৰে গুলীচালনা কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ এগৰাকী ছাত্ৰৰ মৃত্যু ৷ মংগলবাৰৰ দুপৰীয়া 3 মান বজাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷

Shooting in US
চাঞ্চল্যকৰ ! ছাত্ৰৰ গুলীচালনাত মৃত্যু আন এজন ছাত্ৰৰ
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:06 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: মাৰ্কিন যুক্তৰাষ্ট্ৰত ক্ৰমাগত হাৰত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ আমেৰিকাত গুলীচালনাৰ ঘটনা ৷ আমেৰিকাৰ লুইজিয়ানাৰ এখন বিদ্যালয়ত গুলীচালনা কৰাৰ ফলত এজন ছাত্ৰৰ মৃত্যু হয় আৰু আন দুজন আহত হয় । অভিযুক্তজনক জিম্মাত লোৱা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । গুলীচালনাৰ উদ্দেশ্য এতিয়াও জানিবলৈ পৰা হোৱা নাই ।

লুইজিয়ানাৰ এখন হাইস্কুলত মঙলবাৰে সংঘটিত হয় চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাটো ৷ ফলত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে আন এজনক জিম্মাত লোৱা হৈছে বুলি কৰ্তৃপক্ষই জনায় । ছেইণ্ট হেলেনা পেৰিছ শ্বেৰিফৰ কাৰ্যালয়ে সংবাদ মাধ্যমক জনোৱা মতে, গ্ৰীণছবাৰ্গৰ ছেইণ্ট হেলেনা কলেজ আৰু কেৰিয়াৰ একাডেমীত বিয়লি 3 বজাৰ সমীপত এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে । আন দুজন লোকক চিকিৎসাৰ বাবে অঞ্চলটোৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ।

শ্বেৰিফ নেট উইলিয়ামছে জনোৱা মতে, অভিযুক্তজন বিদ্যালয়খনৰ ছাত্ৰ আৰু এগৰাকী কিশোৰ বুলি জানিব পৰা গৈছে ৷ গুলীচালনাকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে । অৱশ্যে গুলীচালনাৰ কাৰণ সন্দৰ্ভত কোনো ঘোষণা কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই । বুধবাৰৰ পৰা সাধাৰণ দিনৰ দৰে পাঠদান আৰম্ভ হ’ব নে নাই সেই কথাও কৰ্তৃপক্ষই জনোৱা নাই ।

এছ’চিয়েটেড প্ৰেছ (এপি)ৰ এক প্ৰতিবেদন অনুসৰি ছেইণ্ট হেলেনা পেৰিছ স্কুল জিলাৰ অধীক্ষক কেলি জোচেফে মন্তব্য বিচাৰি ইমেইল আৰু ভইচ মেছেজ এৰি দিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, যোৱা বছৰৰ মে’ মাহত আমেৰিকাৰ টেক্সাছৰ এখন বিদ্যালয়ত সংঘটিত হৈছিল এক মাৰাত্মক গণ গুলীচালনাৰ কাণ্ড, য’ত এজন 18 বছৰীয়া বন্দুকধাৰীয়ে নিৰ্বিচাৰ গুলীচালনা কৰিছিল । ইয়াক আমেৰিকাৰ ইতিহাসৰ অন্যতম মাৰাত্মক গুলীচালনা বুলি অভিহিত কৰা হৈছিল । সেই গুলীচালনাত 19 টা শিশু আৰু দুজন প্ৰাপ্তবয়স্ককে ধৰি মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি পায় ।

লগতে পঢ়ক: Horrific road accident: পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনাত অতিকমেও 11 গৰাকী বাছ যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.