ETV Bharat / international

Lewiston Maine Shootings : আমেৰিকাৰ লুইষ্টনত গুলীচালনা; নিহত ২২তকৈ অধিক - আমেৰিকান আৰক্ষীয়ে আবেদন জনায়

আমেৰিকাৰ লুইষ্টনত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ এই গুলীচালনাত ২২ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে হাতত এটা মাৰণাস্ত্ৰ লৈ থকা আক্ৰমণকাৰীৰ ফটো প্ৰকাশ কৰিছে । লগতে এই আক্ৰমণকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে সহায়ৰ বাবে সকলোকে আহ্বানো জনাইছে ।

Lewiston Maine Shootings
আমেৰিকাৰ লুইষ্টনত সংঘটিত হৈছে গুলীচালনা
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 11:31 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ : আকৌ এবাৰ আমেৰিকাত গুলীচালনাৰ ঘটনা পোহৰলৈ আহিছে । তথ্য অনুসৰি বুধবাৰে লুইষ্টনত এই গুলীচালনা সংঘটিত হোৱাৰ এক তথ্য লাভ কৰা গৈছে । এই গুলীচালনাত ২২ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।

আনকি এই গুলীচালনাত বহু লোক আহত হৈছে । এই আহতসকলৰ একাংশৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা হৈছে । আমেৰিকান আৰক্ষীৰ মতে, এজন শ্বাৰপশ্বুটাৰে এই ঘটনাটো সংঘটিত কৰিছে ।

আৰক্ষীয়ে প্ৰকাশ কৰে আক্ৰমণকাৰীৰ ফটো

আমেৰিকাত সংঘটিত এই গুলীচালনাৰ ঘটনাটো নতুন নহয় । ইয়াৰ পূৰ্বেও আমেৰিকাত গুলীচালনাৰ বহু ঘটনা পোহৰলৈ আহিছে । এণ্ডোস্ক’গিন কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে (আৰক্ষী) আক্ৰমণকাৰীৰ এখন ফটোও ছ’চিয়েল মিডিয়া X ত পোষ্ট কৰিছে । আৰক্ষীয়ে X ত পোষ্ট কৰা এই ফটোখনত অভিযুক্ত আক্ৰমণকাৰীয়ে হাতত অস্ত্ৰ লৈ থকা দেখিবলৈ পোৱা গৈছে ।

এই অপৰাধ সংঘটিত কৰাৰ পিচতে ঘটনাস্থলীৰ পৰা অভিযুক্তটোৱে পলায়ন কৰে । অভিযুক্ত আক্ৰমণকাৰীটোৰ বৰ্ণনা প্ৰকাশ কৰাৰ সময়তে আমেৰিকান আৰক্ষীয়ে কয় যে তেওঁ পিন্ধনত আছিল এটা দীঘল চাৰ্ট আৰু জিন্স । অভিযুক্তটোৰ মুখমণ্ডলত দাড়িও আছিল ।

লুইষ্টনৰ চেণ্ট্ৰেল মেইনে এক বিবৃতিত প্ৰকাশ কৰে যে এই ঘটনাত আহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে । আহত আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

আমেৰিকান আৰক্ষীয়ে আবেদন জনায়

লুইষ্টনত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিচত আমেৰিকান আৰক্ষীয়ে নাগৰিকসকলক ঘৰতে থাকিবলৈ আহ্বান জনায় । আৰক্ষীয়ে উল্লেখ কৰে, ‘‘আমি আক্ৰমণকাৰীক ধৰিবলৈ চেষ্টা কৰিছো আৰু গুলীচালনাৰ আঁৰৰ কাৰণ জানিবলৈ লৈছো’’ ।

লগতে পঢ়ক : Accident In Karnataka : কৰ্ণাটকৰ চিক্কাবল্লাপুৰত পথ দুৰ্ঘটনা 12 জনৰ মৃত্যু; মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.