ETV Bharat / international

School gym collapse: বিদ্যালয়ৰ ছাঁদ ভাগি চীনত মৃত্যু 11 জনৰ, এজনক গ্ৰেপ্তাৰ

author img

By

Published : Jul 24, 2023, 9:38 AM IST

চীনৰ এখন বিদ্যালয়ত শোকাৱহ ঘটনা ৷ বিদ্যালয়ৰ জিমৰ ছাঁদ ভাঙি মৃত্যু 11 জনৰ ৷ ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত ৷

School gym roof collapse
বিদ্যালয়ৰ চাঁদ ভাগি চীনত মৃত্যু 11 জনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 24 জুলাই: চীনত অঘটন ৷ চীনৰ এখন বিদ্যালয়ৰ জিমৰ ছাঁদ ভাঙি পৰাৰ ফলত 11 জনৰ মৃত্যু ঘটে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে বুলি জানিবলৈ পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত চলোৱা প্ৰাথমিক তদন্তত নিৰ্মাণ শ্ৰমিকসকলে বিদ্যালয়ৰ জিমখানাৰ ছাঁদত অবৈধভাৱে পাৰ্লাইট ৰাখিছিল বুলি জানিবলৈ পৰা গৈছে ৷ যিবোৰৰ বৰষুণৰ প্ৰভাৱত পানীত তিতি ওজন বৃদ্ধি পাইছিল আৰু ইয়াৰ ফলতে ছাদখন ভাঙি পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

উত্তৰ-পূব চীনৰ হেইলংজিয়াং প্ৰদেশৰ কিকিহাৰ চহৰৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত দেশখনৰ লংছা জিলাৰ 34 নং বিদ্যালয় প্ৰাংগণত উপস্থিত আছিল প্ৰায় 19 জন লোক ৷ ঘটনাটো দেওবাৰে সংঘটিত হয় ।

পৌৰসভাৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী মুখ্য কাৰ্যালয়ে জনোৱা মতে, চাৰিজন লোকে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 15 জন আৱদ্ধ হৈ পৰে । সোমবাৰে চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে আঘাতপ্ৰাপ্ত 13 জন লোক সুস্থ হৈ উঠিছে ৷ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিচত ছয়জন লোকৰ মৃত্যু হৈছে । উদ্ধাৰৰ অভিযান এতিয়াও অব্যাহত আছে । মৰ্মান্তিক ঘটনাটোৰ ফলত অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷

জিমনেছিয়ামটোৰ কাষতে আন এটা শিক্ষণ ভৱন নিৰ্মাণ কৰাৰ সময়তো নিৰ্মাণ শ্ৰমিকসকলে অবৈধভাৱে ছাদত পাৰ্লাইট স্থাপন কৰিছিল বুলি পোহৰলৈ আহিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে এক তদন্ত । স্থানীয় সংবাদ সংস্থাই নিৰ্মাণ কোম্পানীটোৰ দায়িত্বত থকাসকলক আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Sudan air crash: ছুডানত বিমান দুৰ্ঘটনাত সেনাসহ মৃত্যু 9 জনৰ, কথমপি প্ৰাণ ৰক্ষা এটি শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.