ETV Bharat / international

Israli Ground Attack : ইজৰাইলৰ বিমান ষ্ট্ৰাইকত নিহত হামাছৰ শীৰ্ষ কমাণ্ডাৰ

যোৱা 7 অক্টোবৰত ইজৰাইলৰ কিবুটজ নিৰিম গণহত্যাত জড়িত হামাছৰ উচ্চ পদস্থ কমাণ্ডাৰ বিল্লাল আল কেদ্ৰা ইজৰাইলৰ বিমান ষ্টাইকত নিহত হৈছে ৷ ইজৰাইলৰ বায়ু সেনাই নিশ্চিত কৰে এই খবৰ ৷

ইজৰাইলৰ বিমান ষ্ট্ৰাইকত নিহত কিবুটজ নিৰিম গণহত্যাত জড়িত জ্যেষ্ঠ হামাছ কমাণ্ডাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 6:07 PM IST

নিউজ ডেস্ক, 15 অক্টোবৰ : ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ নৱম দিন ৷ দেওবাৰে ইজৰাইলৰ বায়ু সেনা নিশ্চিত কৰি কয় যে যোৱা 7 অক্টোবৰত ইজৰাইলৰ কিবুটজ নিৰিম গণহত্যাত জড়িত থকা হামাছৰ এজন উচ্চ পদস্থ কামাণ্ডাৰ বিল্লাল আল কেদ্ৰাৰ ইজৰাইলী বিমান ষ্ট্ৰাইকত নিহত হৈছে ৷ ইজৰাইলী চোৰাংচোৱাই গাজা ষ্ট্ৰিপৰ দক্ষিণ অঞ্চলত অৱস্থিত খান য়ুনিছ চহৰত আল কেদ্ৰাক বাস কৰাৰ কথা নিশ্চিত কৰাৰ পিচতে এই অভিযান আৰম্ভ কৰিছিল ইজৰাইলী বিমান সেৱা বাহিনীয়ে ৷

বিল্লাল আল কেদ্ৰাই নুখবা বাহিনী এজন সক্ৰিয় কমাণ্ডাৰ হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ নুখবা বাহিনী হৈছে হামাছৰ ইজ এড-দিন আল-কাচাম ব্ৰিগেডৰ অধীনত কাম কৰা এক বিশেষ নৌ কমাণ্ডো গোট ৷

ইজৰাইলী বায়ু সেনাই X ত এটা পোষ্টযোগে উল্লেখ কৰে যে, "গাজা ষ্ট্ৰিপত জ্যেষ্ঠ কৰ্মচাৰী আৰু সন্ত্ৰাসবাদী আন্তঃগাঁথনি উৎখাত কৰিবলৈ আইএএফ আক্ৰমণৰ অংশ হিচাপে, আইডিএফ আৰু আইএছএ-য়ে দক্ষিণ খান য়ুনিছত নুখবা বাহিনীৰ কামাণ্ডাৰক হত্যা কৰি কৰে ৷ তেওঁ কিবুটজ নিৰিম গণহত্যাৰ অন্যতম অভিযুক্ত আছিল ৷"

  • As part of the extensive IAF strikes of senior operatives and terror infrastructure in the Gaza Strip, the IDF and ISA killed the Nukhba commander of the forces in southern Khan Yunis, who was responsible for the Kibbutz Nirim massacre pic.twitter.com/UTspdQYgSN

    — Israeli Air Force (@IAFsite) October 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

"আইএছএৰ চোৰাংচোৱা তথ্য অনুসৰি, আইএএফ যুঁজাৰু বিমানে গাজা ষ্ট্ৰিপত শনিবাৰে নিশা বিল্লাল আল কেদ্ৰাক হত্যা কৰিছিল ৷ বিল্লালে দক্ষিণ খান য়ুনিছত বাস কৰিছিল ৷ বিল্লাল নুখবা বাহিনীৰ কমাণ্ডাৰ আছিল ৷ বিল্লাল কিবুটজ নিৰিম গণহত্যাৰ দায়ী ৷ এই বিমান ষ্ট্ৰাইকত হামাছ আৰু ইছলামিক জিহাদৰ সন্ত্ৰাসবাদীসকলকো হত্যা কৰা হৈছিল ৷" আইএএফে এক বিবৃতিযোগে এই কথা উল্লেখ কৰে ৷

ইজৰাইলৰ সামৰিক বাহিনীয়ে জাইতুন, খান য়ুনিছ আৰু পশ্চিম জাবালিয়াকে ধৰি বিভিন্ন স্থানত 100 ত কৈও অধিক বিমানৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণৰ প্ৰাথমিক উদ্দেশ্য আছিল হামাছৰ কাৰ্যকৰী কমাণ্ড চেণ্টাৰ আৰু সামৰিক সুবিধাসমূহ অক্ষম কৰা ৷ ইয়াৰ ভিতৰত মূল লক্ষ্য হৈছে এণ্টি-টেংক মিছাইল উৎক্ষেপণ পেড আৰু পৰ্যৱেক্ষণ পোষ্টসমূহ ধ্বংস কৰা ৷

শেহতীয়াকৈ, হামাছে ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলায় ৷ এই আক্ৰমণত জলপথ আৰু স্থলপথেৰে মটৰচালিত গ্লাইডাৰ নিক্ষেপ কৰা হৈছিল ৷ এই আক্ৰমণত গাজা সীমান্তৰ পৰা মাত্ৰ নাতি দুৰৈত অৱস্থিত নিৰিম নামৰ কিবুটজ লক্ষ্য কৰি লৈছিল হামাছ সন্ত্ৰাসবাদীয়ে ৷ এই অঞ্চলত হামাছ সন্ত্ৰাসবাদকাৰীয়ে শোকাৱহ গণহত্যাৰ ঘটনা সংঘটিত কৰিছিল ৷

ইজৰাইলী কৰ্তৃপক্ষৰ অনুসৰি হামাছৰ এই নাৰকীয় আক্ৰমণত একাধিক লোকে প্ৰাণ হেৰুৱাইছিল ৷ আনহাতে শনিবাৰে গাজা চহৰত ইজৰাইলৰ এক পৃথক বিমান আক্ৰমণত এজন জ্যেষ্ঠ সামৰিক কমাণ্ডাৰ মুৰাদ আবু মুৰাদে প্ৰাণ হেৰুৱায়, যিয়ে হামাছৰ বায়ু অভিযানৰ নেতৃত্ব দিছিল ৷

লগতে পঢ়ক: Israel Palestine War : ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ ষষ্ঠ দিন; যুদ্ধ তদাৰকৰ বাবে একতা চৰকাৰ গঠন ইজৰাইলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.