ETV Bharat / international

Saudi Arabia bans travel : ভাৰতকে ধৰি 16 দেশলৈ নিষিদ্ধ ভ্ৰমণ

author img

By

Published : May 23, 2022, 12:21 PM IST

Updated : May 23, 2022, 1:06 PM IST

ভ্ৰমণৰ ক্ষেত্ৰত নতুন নিষেধাজ্ঞা জাৰি কৰিছে চৌদি আৰৱ চৰকাৰে ৷ চৌদি আৰৱে জাৰি কৰা এই নিৰ্দেশনা প্ৰযোজ্য হ’ব ভাৰতকে ধৰি প্ৰায় 16 খন দেশৰ ক্ষেত্ৰত(Saudi Arabia bans travel to 16 countries including India) ৷ এই দেশসমূহৰ ভিতৰত আছে লেবানন, চিৰিয়া, তুৰস্ক, ইৰাণ, আফগানিস্তান, য়েমেন, ছোমালিয়া, ইথিঅ’পিয়া, কংগো গণতান্ত্ৰিক গণৰাজ্য, লিবিয়া, ইণ্ডোনেছিয়া, ভিয়েটনাম, আৰ্মেনিয়া, বেলাৰুছ আৰু ভেনিজুৱেলা ।

Saudi Arabia bans travel
নতুন ক’ভিড সংক্ৰমণৰ বাবে ভাৰতকে ধৰি 16 দেশলৈ

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 মে’: বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড 19 ৰ সংক্ৰমণ(New Covid outbreaks in World) ৷ বিগত কেইসপ্তাহমানত দৈনিক ক’ভিডত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰাত চৌদি আৰৱ চৰকাৰে ভ্ৰমণৰ ক্ষেত্ৰত জাৰি কৰিছে নতুন নিষেধাজ্ঞা ৷ সেই অনুসৰি ভাৰতকে ধৰি প্ৰায় 16 খন দেশত ভ্ৰমণ নিষিদ্ধ ঘোষণা কৰিছে চৌদি আৰৱ চৰকাৰে(Saudi Arabia bans travel to 16 countries including India) ৷

এই দেশসমূহৰ ভিতৰত আছে লেবানন, চিৰিয়া, তুৰস্ক, ইৰাণ, আফগানিস্তান, য়েমেন, ছোমালিয়া, ইথিঅ’পিয়া, কংগো গণতান্ত্ৰিক গণৰাজ্য, লিবিয়া, ইণ্ডোনেছিয়া, ভিয়েটনাম, আৰ্মেনিয়া, বেলাৰুছ আৰু ভেনিজুৱেলা ইত্যাদি ।

ইয়াৰ লগে লগে চৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয়ে ৰাইজক আশ্বাস প্ৰদান কৰিছে যে, দেশখনত বৰ্তমানলৈকে মাংকিপক্সৰ কোনো ঘটনা ধৰা পৰা নাই ৷ দেশখনৰ উপ স্বাস্থ্যমন্ত্ৰী আব্দুল্লাহ আচিৰিয়ে এই সন্দৰ্ভত সদৰি কৰা অনুসৰি, দেশখনত যিকোনো সন্দেহজনক মাংকিপক্সৰ ঘটনাৰ কথা পোহৰলৈ আহিলে যুঁজি দিয়াৰ বাবে সৰ্বতোপ্ৰকাৰে সাজু হৈ আছে দেশখনৰ স্বাস্থ্য বিভাগ ৷

তেওঁ লগতে কয়, বৰ্তমানলৈকে জনসাধাৰণৰ মাজত হোৱা এনেধৰণৰ ঘটনা নিচেই কম ৷ সেয়েহে ইয়াৰ পৰা হ’ব পৰা সংক্ৰমণৰ সম্ভাৱনা কম হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই 11 খন দেশত 80 টাকৈ মাংকিপক্সত আক্ৰান্তৰ সংখ্যা নিশ্চিত(WHO on monkey pox) কৰিছে ৷ তদুপৰি ইয়াৰ কাৰণ আৰু প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত গৱেষণা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ জাৰি কৰা এক বিবৃতিত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ(WHO on virus endemic) কৰে যে, কেইবাখনো দেশৰ কিছুসংখ্যক জন্তুৰ মাজত ভাইৰাছবিধে দেখা দিছে ৷ যাৰ জৰিয়তে একাংশ পৰ্যটকৰ দেহত ইয়াৰ অৱস্থিতি লাভ কৰা গৈছে ৷

লগতে চাওক: সন্ত্ৰাসবাদ নিৰ্মূল কৰি দেশত সম্পূৰ্ণ শান্তি আনিব পাকিস্তানে

Last Updated : May 23, 2022, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.