ETV Bharat / international

Russia vs Wagner mercenary force : ৱেগনাৰ বাহিনীৰ সেনা প্ৰধানৰ বিৰুদ্ধে থকা অভিযোগ প্ৰত্যাহাৰ ৰাছিয়াৰ

ব্যক্তিগত সেনা বাহিনী ৱেগনাৰ আৰু ৰাছিয়া চৰকাৰৰ মাজৰ বিবাদ হ্ৰাস হোৱাৰ দিশে । বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপত পৰিস্থিতি উন্নত হৈছে । ৱেগনাৰৰ সেনা প্ৰধান য়েভগেনি প্ৰিগোজিনেৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে ৰাছিয়া চৰকাৰে । মস্কো এৰি ক্ষেত্ৰ শিবিৰলৈ ৰাওনা হৈছে ৱেগনাৰ বাহিনী ।

Russia vs Wagner mercenary force
ৱেগনাৰ বাহিনীৰ সেনা প্ৰধানৰ বিৰুদ্ধে থকা অভিযোগ প্ৰত্যাহাৰ ৰাছিয়াৰ
author img

By

Published : Jun 25, 2023, 10:18 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৫ জুন : অৱশেষত ৱেগনাৰ সেনা বাহিনীৰ ওচৰত হাৰ মানিলে ৰাছিয়া চৰকাৰে ! ৱেগনাৰ বাহিনীৰ সেনা প্ৰধান য়েভগেনি প্ৰিগোজিনেৰ বিৰুদ্ধে থকা অভিযোগসমূহ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে ৰাছিয়া চৰকাৰে । ইফালে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ সৈতে কৰা চুক্তিৰ অধীনত ৱেগনাৰ ব্যক্তিগত সেনা বাহিনীয়ে মস্কো অভিমুখে তেওঁলোকৰ যাত্ৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।

তাৰ পাছতে ক্ৰেমলিনৰ মুখপাত্ৰই কয় যে দেশৰ সামৰিক নেতৃত্বৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ নেতৃত্ব দিয়া ৱেগনাৰ নেতাজনৰ বিৰুদ্ধে থকা অভিযোগসমূহ প্ৰত্যাহাৰ কৰা হ'ব । ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী এছ পেচকভে জনোৱা মতে সৈনিক বিদ্ৰোহত অংশগ্ৰহণ নকৰা ৱেগনাৰ যোদ্ধাসকলে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব পাৰিব ।

বেলাৰুছৰ ৰাষ্ট্ৰপতিয়ে প্ৰিগোজিনৰ সৈতে পৰিস্থিতি নিয়ন্ত্ৰণৰ চুক্তিৰ বিষয়ে আলোচনা কৰি থকা বুলি কোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে । টুইটাৰযোগে বেলাৰুছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিখিছে যে নিশা ৯ বজাত বেলাৰুছ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিদ্বয়ে পুনৰ ফোনযোগে কথা পাতিছিল । বেলাৰুছৰ ৰাষ্ট্ৰপতি লুকাচেঙ্কোৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আলোচনাৰ ফলাফলৰ বিষয়ে অৱগত কৰে । বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ এই পদক্ষেপৰ বাবে ৰাষ্ট্ৰপতি পুটিনে ধন্যবাদ জ্ঞাপন কৰে ।

সামাজিক মাধ্যমত প্ৰচাৰিত কেইবাটাও ভিডিঅ' অনুসৰি শনিবাৰে নিশা দক্ষিণ-পশ্চিম ৰাছিয়াৰ ৰোষ্টভ-অন-ডনৰ সামৰিক কেন্দ্ৰৰ পৰা ৱেগনাৰৰ সজ্জিত বাহনসমূহে প্ৰস্থান কৰিবলৈ আৰম্ভ কৰে । অৱশ্যে, প্ৰিগোজিনে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই যে তেওঁৰ সেনা বাহিনী দক্ষিণৰ ৰোষ্টভ-অন-ডন চহৰৰ পৰা প্ৰস্থান কৰিছে নে নাই ।

শুকুৰবাৰৰ পৰা ৰাছিয়াত একপ্ৰকাৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছিল । প্ৰিগোজিনে পূৰ্বে ঘোষণা কৰিছিল যে তেওঁ দুৰ্নীতিগ্ৰস্ত বুলি গণ্য কৰা ৰাছিয়াৰ সামৰিক বিষয়াসকলৰ মুখামুখি হ'বলৈ মস্কোলৈ গৈ আছে । প্ৰিগোজিনে ৰাছিয়া চৰকাৰৰ পৰা কোনো সমৰ্থন লাভ নকৰাৰ অভিযোগ কৰিছিল । ইয়াৰ পৰিৱৰ্তে, পুটিনে ৱেগনাৰ সেনা প্ৰধানক বিশ্বাসঘাতক আখ্যা দিছিল । আনকি প্ৰিগোজিনক গ্ৰেপ্তাৰৰো নিৰ্দেশনা দিছিল ।

অৱশ্যে বেলাৰুছৰ ৰাষ্ট্ৰপতি লুকাচেঙ্কোৰ ঘোষণাৰ অলপ পাছতে প্ৰিগোজিনে নিশ্চিত কৰে যে তেওঁৰ সেনাই মস্কোলৈ কৰা যাত্ৰা সামৰি তেওঁলোকৰ ক্ষেত্ৰ শিবিৰলৈ উভতি গৈছে ।

লগতে পঢ়ক :Yevgeny Prigozhin: পুটিনক প্ৰত্যাহ্বান জনাই অভ্যুত্থান কৰা য়েভগেনি প্ৰিগোজিন কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.