ETV Bharat / international

FIFA World Cup 2022 : কাটাৰ বিশ্বকাপত ইতিহাস সৃষ্টি ৰোণাল্ডোৰ

author img

By

Published : Nov 25, 2022, 1:49 PM IST

বৃহস্পতিবাৰে ঘানাৰ বিৰুদ্ধে ৩-২ গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰা মেচখনত পৰ্তুগাল তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে ৬৫ মিনিটত এটা পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰে । লগে লগে তেওঁ ২০০৬ চনৰ পৰা বৰ্তমানৰ বিশ্বকাপলৈ প্ৰতিখন বিশ্বকাপতে গ'ল কৰা ফুটবলাৰ হিচাবে পৰিগণিত হয় (Ronaldo set record in world cup football) ।

Ronaldo
Ronaldo

স্পৰ্টছ ডেস্ক, ২৫ নৱেম্বৰ : অঘটনেৰে আৰম্ভ হোৱা কাটাৰ বিশ্বকাপত বৃহস্পতিবাৰে ৰচিত হ'ল এক নতুন ইতিহাস । ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে (Cristiano Ronaldo) । বিশ্ব ফুটবলৰ নয়নৰ মণি । দচকু মুদি, দীঘল উশাহ লৈ ৰোণাল্ডোৱে অনুভৱ কৰে এক নতুন ইতিহাসৰ । হয়, পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে বিশ্বকাপত এক নতুন ইতিহাস সৃষ্টি কৰে । পৰ্তুগাল ষ্ট্ৰাইকাৰজনে বৃহস্পতিবাৰে ঘানাৰ বিৰুদ্ধে ৩-২ গ'লৰ বিজয়ত ৬৫ মিনিটৰ পেনাল্টিৰে গ'ল কৰে (Portugal beat Ghana) । লগে লগে তেওঁ ক্ৰমাগত পাঁচখন বিশ্বকাপত গ'ল কৰা প্ৰথমগৰাকী পুৰুষ ফুটবলাৰ হিচাপে পৰিগণিত হয় (Ronaldo set record in world cup football) ।

মেচখনত ১-০ গ'লত অগ্ৰগতি লাভ কৰি থকাৰ পিছত আন্দ্ৰে আয়েৱে আঠ মিনিট পিছত ঘানাৰ হৈ সমতা অৰ্জন কৰে । কিন্তু জোয়াও ফেলিক্সে ৭৮ মিনিটত পৰ্তুগালক পুনৰ অগ্ৰগতি প্ৰদান কৰে আৰু ৰাফেল লিয়াওৱে তৃতীয়টো গ'ল যোগ কৰে । ওচমান বুকাৰীয়ে ৮৯ মিনিটত ঘানাৰ ব্যৱধান হ্ৰাস কৰে (FIFA world cup 2022) ।

উল্লেখ্য, ৩৭ বছৰীয়া ৰোণাল্ডোৱে চলিত সপ্তাহত মানচেষ্টাৰ ইউনাইটেডৰ সৈতে তেওঁৰ চুক্তি বাতিল কৰে । ইয়াৰ পিছত সম্ভাৱ্য নতুন ক্লাবসমূহক তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিব বিচাৰিছিল । প্ৰথমাৰ্ধত দুটা ভাল সুযোগ নষ্ট কৰাৰ পিছত তেওঁ ঘানাৰ ডিফেণ্ডাৰ মহম্মদ ছালিচুৰ নীতি বিৰুদ্ধ প্ৰত্যাহ্বানৰ ফলত পেনাল্টি অৰ্জন কৰে (Qatar world cup football) ।

তেওঁৰ পেনাল্টি শ্বটটোৱে নেটৰ পিছফালে আঘাত কৰাৰ পিছতে ৰোণাল্ডোৱে তেওঁৰ চিৰাচৰিত ভংগীমাৰে উল্লাস প্ৰকাশ কৰে । আনহাতে, সতীৰ্থসকলে আৱৰি ধৰাৰ পূৰ্বে উপস্থিত দৰ্শকে তেওঁৰ ট্ৰেডমাৰ্ক "ছি-ইউ" বুলি গৰ্জন দিয়ে । বৰ্তমান তেওঁ ২০০৬ চনত প্ৰথমবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ পিছৰ পৰা প্ৰতিখন বিশ্বকাপতে গ'ল কৰাৰ অভিলেখ ৰচে । তেওঁৰ নামত আছে ১১৮ টা আন্তঃৰাষ্ট্ৰীয় গ'ল (Ronaldo first footballer to score 5 world cup) ।

অতিৰিক্ত সময়ৰ নৱম মিনিটত পৰ্তুগালৰ ডিফেণ্ডাৰ ডানিলোৱে ছাইড লাইনৰ ওচৰৰ পৰা বলটো সুন্দৰভাৱে পাছ কৰিছিল । উক্ত বলটো আগবঢ়াই নিওঁতেই ঘানাৰ ডিফেণ্ডাৰজনৰ নীতিবিৰুদ্ধ ফাউলত পেনাল্টি লাভ কৰে পৰ্তুগালে । উক্ত সুযোগ বিফলে যাব নিদিয়ে ৰোণাল্ডোৱে (Ronaldo makes World Cup history) ।

স্বাভাৱিকতে ৰোনাল্ডোৱে তেওঁৰ পঞ্চম আৰু সম্ভাৱ্য অন্তিমখন বিশ্বকাপৰ আৰম্ভণিতে মানচেষ্টাৰ ইউনাইটেডৰ মেনেজাৰ, মালিক আৰু সতীৰ্থসকলক সমালোচনা কৰি এক সাক্ষাৎকাৰ দিছিল । মঙলবাৰে তেওঁ ইংলিছ ক্লাবটোৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয় । এতিয়া তেওঁ কাটাৰ বিশ্বকাপৰ প্ৰদৰ্শনৰ জৰিয়তে অন্য দলবোৰৰ বাবে নিজৰ দুৱাৰ খোলা ৰাখিছে (Ronaldo leave Manchester United) ।

আন এটা স্ক'ৰিং ৰেকৰ্ডে তেওঁৰ খেলুৱৈ জীৱনৰ উজ্জ্বলতা বৃদ্ধি কৰিছে । ২০০৬ চনত ইৰাণৰ বিৰুদ্ধে এটা পেনাল্টিৰ জৰিয়তে তেওঁৰ বিশ্বকাপৰ গ'লৰ সংখ্যা আৰম্ভ কৰিছিল, যিটো বৰ্তমান ১৮ খন মেচত আঠটালৈকে বৃদ্ধি হৈছে । পেনাল্টিৰ ক্ষেত্ৰত ৰোণাল্ডোক এক বিশেষজ্ঞ হিচাবে গণ্য কৰে ফুটবলৰ বিশ্লেষকসকলে ।

লগতে পঢ়ক :FIFA World Cup 2022: এছিয়ান সিংহৰ দপদপনি, বৃহৎ অঘটন কাটাৰ বিশ্বকাপত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.