ETV Bharat / international

Prachandas remark on India : ভাৰত সন্দৰ্ভত নেপালৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যই জোকাৰিছে নেপাল

author img

By

Published : Jul 6, 2023, 4:14 PM IST

মুখ্য বিৰোধী কমিউনিষ্ট চিপিএন-ইউএমএল আৰু আৰপিপিৰ সদস্যসকলে শ্লোগান দিয়ে যে নতুন দিল্লীৰ দ্বাৰা নিযুক্ত এজন প্ৰধানমন্ত্ৰীৰ এই পদত অধিষ্ঠিত হৈ থকাৰ অধিকাৰ নাই ।

Nepal PM controversy
Nepal PM controversy

ইণ্টাৰনেচনেল ডেস্ক, ৬ জুলাই : নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ডৰ এক আশ্চৰ্যজনক মন্তব্যই তোলপাৰ লগাইছে নেপাল । তেওঁ কয় যে নেপালত প্ৰতিষ্ঠিত এজন ভাৰতীয় ব্যৱসায়ীয়ে তেওঁক প্ৰধানমন্ত্ৰী বনোৱাৰ বাবে এবাৰ প্ৰচেষ্টা চলাইছিল । এই মন্তব্যৰ পিছতে এতিয়া নেপালৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে । কেৱল সিমানেই নহয়, বিৰোধীয়ে তেওঁৰ পদত্যাগ দাবী কৰি হিমালয়ান ৰাষ্ট্ৰখনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰচণ্ডই লগতে কয় যে নেপালৰ এগৰাকী আগশাৰীৰ ট্ৰাকিং উদ্যোগী চৰ্দাৰ প্ৰীতম সিঙে নেপাল-ভাৰত সম্পৰ্ক বৃদ্ধিত এক বিশেষ আৰু ঐতিহাসিক ভূমিকা পালন কৰিছে ।

সোমবাৰে নেপালত 'ৰোডছ টু দ্য ভেলী : দ্য লিগেচী অব চৰ্দাৰ প্ৰীতম সিং' নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি প্ৰচণ্ডই এই মন্তব্য কৰে । "তেওঁ (সিঙে) এবাৰ মোক প্ৰধানমন্ত্ৰী বনোৱাৰ বাবে প্ৰচেষ্টা চলাইছিল ।" প্ৰচণ্ডে কয় । তেওঁ কেইবাবাৰো দিল্লী ভ্ৰমণ কৰে আৰু মোক প্ৰধানমন্ত্ৰী বনোৱাৰ বাবে কাঠমাণ্ডুৰ ৰাজনৈতিক নেতাসকলৰ সৈতে একাধিক আলোচনা কৰে বুলিও প্ৰধানমন্ত্ৰীয়ে কয় ।

প্ৰচণ্ডই লগতে কয় যে সিঙে নেপাল-ভাৰত সম্পৰ্ক বৃদ্ধিত এক বিশেষ আৰু ঐতিহাসিক ভূমিকা পালন কৰিছে । এই মন্তব্যৰ পিছতে এতিয়া নেপালত তীব্ৰ ধুমুহাৰ সৃষ্টি কৰিছে আৰু কেইবাটাও মহলৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে । প্ৰধান বিৰোধী দল কমিউনিষ্ট পাৰ্টী অব নেপাল-ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদীয়ে বুধবাৰে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰি নেচনেল এছেম্বলীৰ বৈঠকত ব্যাঘাত জন্মায় । যাৰ বাবে বৈঠকখন বৃহস্পতিবাৰে দুপৰীয়া ১ বজালৈ পিছুৱাই দিয়া হয় ।

চিপিএন-ইউএমএলৰ অধ্যক্ষ কে পি শৰ্মা অলিয়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ পৰা পদত্যাগ বিচাৰে, স্পষ্টীকৰণ নহয় । প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অলিয়ে কয়, "তেওঁৰ মন্তব্যই ৰাষ্ট্ৰীয় স্বাধীনতা, মৰ্যাদা, সংবিধান আৰু সংসদক আঘাত কৰিছে ।"

একেদৰে, প্ৰচণ্ডৰ মন্তব্যক লৈ বিৰোধী দল ইউএমএল, ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টী আৰু ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টীৰ (আৰপিপি) ব্যাঘাতৰ পিছত শুকুৰবাৰে আবেলি ৩ বজালৈ হাউছ অব ৰিপ্ৰেজেণ্টেটিভৰ বৈঠক স্থগিত ৰখা হৈছে । মুখ্য বিৰোধী কমিউনিষ্ট চিপিএন-ইউএমএল আৰু আৰপিপিৰ সদস্যসকলে শ্লোগান দিয়ে যে নতুন দিল্লীৰ দ্বাৰা নিযুক্ত এজন প্ৰধানমন্ত্ৰীৰ এই পদত অধিষ্ঠিত হৈ থকাৰ অধিকাৰ নাই ।

নিম্ন সদনত ভাষণ দি ইউএমএলৰ সাংসদ ৰঘুজী পন্তে কয়, প্ৰধানমন্ত্ৰীয়ে নৈতিক ভিত্তিত পদত্যাগ কৰা উচিত । আমাক দিল্লীৰ দ্বাৰা নিযুক্ত প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন নাই । কেৱল বিৰোধীয়েই নহয়, শাসকীয় দলসমূহেও প্ৰচণ্ডৰ বক্তব্যক লৈ তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

প্ৰধানমন্ত্ৰীৰ মন্তব্য সমালোচনাৰ যোগ্য । বুধবাৰে সদনৰ বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিশ্ব প্ৰকাশ শৰ্মাই কয়, তেওঁৰ মন্তব্য ভুল । অৱশ্যে এইটো প্ৰথমবাৰৰ বাবে নহয় যে নেপালৰ শীৰ্ষ নেতাসকলে ভূ-ৰাজনীতি, দ্বিপাক্ষিক সম্পৰ্ক আৰু অন্যান্য ৰাষ্ট্ৰীয় বিষয়ৰ দৰে সংবেদনশীল বিষয়ত তেওঁলোকৰ অবিবেচক মন্তব্যৰ বাবে বিতৰ্কৰ সন্মুখীন হৈছে ।

ইফালে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চৰ্দাৰ প্ৰীতম সিঙৰ সন্দৰ্ভত কৰা তেওঁৰ বিতৰ্কিত মন্তব্যৰ স্পষ্টীকৰণ দি কয় যে আলোড়ন সৃষ্টি কৰাৰ বাবে ইয়াৰ ভুল ব্যাখ্যা কৰা হৈছে । বুধবাৰে ৰাজধানীত তেওঁৰ দলৰ ভগ্নী সংগঠন অল নেপাল নেচনেল ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্টছ ইউনিয়নে আয়োজন কৰা এক প্ৰশিক্ষণ কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰী প্ৰচণ্ডে কয় যে কিৰণদীপ সান্ধুৰ দ্বাৰা ৰচিত 'ৰোডছ টু দ্য ভেলী' (নেপালত চৰ্দাৰ প্ৰীতম সিঙৰ উত্তৰাধিকাৰী) নামৰ গ্ৰন্থখনৰ উন্মোচনৰ সময়ত তেওঁ প্ৰীতম সিঙৰ বিষয়ে যি কৈছিল, সেয়া প্ৰীতম সিঙে কিতাপখনত কোৱা কথাৰ পৰা উদ্ধৃতি দিয়া হৈছিল । কিন্তু মানুহে ইয়াক লৈ অযথা হুলস্থুল কৰিবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক :New York Times on ISRO : ভাৰতৰ মহাকাশ কাৰ্যসূচীক উচ্চ প্ৰশংসা নিউয়ৰ্ক টাইমছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.