ETV Bharat / international

15 th BRICS summit : ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ মোদীৰ, আমেৰিকাৰ অৰ্থ ব্যৱস্থাক সমালোচনা চীনৰ - 15 th BRICKS SUMMIT

15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । 22-24 আগষ্টত জোহান্সবাৰ্গত অনুষ্ঠিত হয় এই ব্ৰিকছ সন্মিলন ৷ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে মঙলবাৰে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ব্ৰিকছ বিজনেছ ফ’ৰামত উপস্থিত নহ’ল যদিও তেওঁৰ ভাষণ পাঠ কৰে বাণিজ্য মন্ত্ৰী ৱাং ৱেন্টাওৱে ৷ ভাষণটোত আমেৰিকাৰ অৰ্থ ব্যৱস্থাক কটাক্ষ কৰে দেশখনে ৷

PM Modi attends BRICS Leaders
প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে ব্ৰিকছ লিডাৰ্ছ ৰিট্ৰিট
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 12:00 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 আগষ্ট: মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ লিডাৰ্ছ ৰিট্ৰিটত অংশগ্ৰহণ কৰি পাঁচজনীয়া ব্লকটোৰ অন্যান্য নেতাৰ সৈতে বিশ্বৰ উন্নয়ন আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ সন্দৰ্ভত আলোচনা কৰে । Covid-19 মহামাৰীৰ বাবে একেৰাহে তিনি বছৰ ধৰি ভাৰ্চুৱেল বৈঠকৰ অন্তত এয়া প্ৰথম আনুষ্ঠানিক BRICS সন্মিলন ।

দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ বাবে মঙলবাৰে জোহান্সবাৰ্গত উপস্থিত হয় মোদী । দক্ষিণ আফ্ৰিকাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মাটামেলা চাইৰিল ৰামাফোছাৰ আমন্ত্ৰণত 22-24 আগষ্টত জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া 15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে X ৰ এক পোষ্টত কয় যে, "ব্ৰিকছৰ বন্ধন শক্তিশালী কৰা ! ব্ৰিকছ লিডাৰ্ছ ৰিট্ৰিটত অংশগ্ৰহণ কৰিবলৈ ছামাৰ প্লেচত উপস্থিত হয় প্ৰধানমন্ত্ৰী । আয়োজক, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা উষ্ম আদৰণি জনায় ।"

তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী, ব্ৰিকছৰ অন্যান্য নেতাসকলৰ সৈতে বিশ্বৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হ’ব আৰু বিশ্বৰ বিভিন্ন প্ৰত্যাহ্বান সমাধানৰ বাবে ব্ৰিকছত আলোচনা কৰা হ’ব । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ বিজনেছ ফ’ৰামৰ নেতাসকলৰ আলোচনাত ভাষণ প্ৰদান কৰে । ব্ৰিকছ বিজনেছ ফ’ৰামৰ নেতা সংলাপত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশখনত নিৰ্মাণৰত স্বামীনাৰায়ণ মন্দিৰৰ আৰ্হি পৰিদৰ্শন কৰে ।

" ভাৰতে মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ডত বিশ্বাস কৰে । যোৱা কেইবছৰমানৰ পৰা আমি আই টি, অৰ্ধপৰিবাহী আৰু অন্যান্য এনে খণ্ডত অপৰিসীম অগ্ৰগতি লাভ কৰিছো । আমাৰ অৰ্থনৈতিক দৃষ্টিভংগীয়েও মহিলা সবলীকৰণৰ ওপৰত অপৰিসীম গুৰুত্ব প্ৰদান কৰে ।’’ X ত মোদীয়ে এইদৰে পোষ্ট কৰে ।

ব্ৰিকছৰ গোটত ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা অন্তৰ্ভুক্ত । ইফালে জোহান্সবাৰ্গৰ পৰা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে মঙলবাৰে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ব্ৰিকছ বিজনেছ ফ’ৰামত উপস্থিত নহ’ল, য’ত তেওঁ ভাষণ প্ৰদান কৰিব বুলি আশা কৰা হৈছিল । তেওঁৰ ঠাইত বাণিজ্য মন্ত্ৰী ৱাং ৱেন্টাওৱে আমেৰিকাৰ আধিপত্যৰ প্ৰৱণতাক লৈ সমালোচনা কৰা ভাষণটো পাঠ কৰে ।

জোহান্সবাৰ্গৰ ছেণ্ডটন কনভেনচন চেণ্টাৰত ৱাঙে পঢ়া ভাষণত ঝিয়ে কয় যে, আমেৰিকাই বিত্তীয় বজাৰত নিজৰ আধিপত্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা দেশসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰৱণতা আছে । ভাষণত ঝিয়ে কয় যে, প্ৰতিখন দেশৰ উন্নয়নৰ অধিকাৰ আছে আৰু মানুহে সুখী জীৱন যাপনৰ স্বাধীনতা লাভ কৰিব লাগে ।

কিন্তু এখন দেশে আধিপত্য বজাই ৰখা বিষয়ত গুৰুত্ব, মুক্ত বজাৰ আৰু উন্নয়নশীল দেশসমূহক পংগু কৰিবলৈ যিকোনো পথ গ্ৰহণ কৰা বুলি আমেৰিকাক কটাক্ষ কৰে । উল্লেখ্য যে, সোমবাৰে সন্ধিয়া চীনৰ ৰাষ্ট্ৰপতিগৰাকী দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছিল ৷ কিন্তু ঝিয়ে ব্যৱসায়িক আলোচনাত অংশগ্ৰহণ কৰা নাছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: Joe Biden on Hawaii wildfire: শতিকাৰ সবাতোকৈ ভয়ংকৰ অগ্নিকাণ্ডক পাকঘৰৰ জুইৰ সৈতে তুলনা মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.