ETV Bharat / international

টকিঅ'ৰ হানেদা বিমানবন্দৰত যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড, 400 যাত্ৰীক উদ্ধাৰ - 400 যাত্ৰীক উদ্ধাৰ

Plane catches fire: টকিঅ'ৰ হানেদা বিমানবন্দৰত জাপান এয়াৰলাইনছৰ এখন বিমানত মঙলবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ বিমানখনত থকা প্ৰায় 400 গৰাকী যাত্ৰীক ইতিমধ্যে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷ এতিয়ালৈ কোনো যাত্ৰী হতাহত হোৱা নাই ৷

Plane catches fire
যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 3:59 PM IST

Updated : Jan 3, 2024, 8:18 AM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 2 জানুৱাৰী : বিপদে লগ এৰা নাই জাপানক ৷ জাপানৰ টকিঅ’ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ টকিঅ'ৰ হানেদা বিমানবন্দৰত জাপান এয়াৰলাইনছৰ এখন বিমানত মঙলবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ বিমানবন্দৰৰ ৰাণৱেত থকা এখন বিমানত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ এই ঘটনাত কমেও 400 গৰাকী যাত্ৰী আৰু কৰ্মচাৰীক সুকলমে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

জাপানৰ ব্যক্তিগত সংবাদমাধ্যমত উল্লেখ কৰা অনুসৰি, জাপানৰ হানেদা বিমানবন্দৰত অৱতৰণ কৰোঁতেই আন এখন বিমানত খুন্দা মাৰিছিল বিমানখনে ৷ তাৰ পিচতে অগ্নিসংযোগ হয় বিমানখনত ৷

শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটা ভিডিঅ’ত বিমানখন ৰাণৱেত থাকোতেই বিমানখনৰ কাষৰ পৰা জুই আৰু ধোঁৱাৰ এটা ডাঙৰ বিস্ফোৰণ দেখুওৱা হৈছে ৷ লগে লগে উইঙৰ চাৰিওফালৰ জুই লাগিছিল । অগ্নিকাণ্ড সংঘটিত হোৱা জেএএল ফ্লাইট 516 নম্বৰ বিমানখন জাপানৰ শিন চিটোজ বিমানবন্দৰৰ পৰা হানেদালৈ উৰা মাৰিছিল ।

ইয়াৰোপৰি ভিডিঅ'টোত অগ্নি নিৰ্বাপক বাহিনীয়ে পানীৰে জুই নুমোৱাৰ দেখা যায় ৷ এই বিধ্বংসী জুই বিমানখনত নিমিষতে বিয়পি যায় ৷

হানেদা হৈছে জাপানৰ অন্যতম ব্যস্ত বিমানবন্দৰ ৷ শেহতীয়াকৈ বহুলোকে নৱবৰ্ষৰ বন্ধত ভ্ৰমণ এই বিমানবন্দৰেৰে ভ্ৰমণ কৰে ৷ এই ঘটনাৰ পিচতে বহুলোকে তেওঁলোকৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছে ৷

লক্ষণীয় যে, সোমবাৰে জাপানত 7.5 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি যায় ষ এই ভূমিকম্পৰ ফলত জাপানত কমেও 30 জন লোক নিহত হৈছে । জাপানৰ স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় 4.10 বজাত ইশিকাৱা প্ৰান্তৰ নোটো উপদ্বীপত ভূপৃষ্ঠৰ পৰা 10 কিলোমিটাৰ গভীৰত ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ৷

লগতে পঢ়ক: জাপানত ভূমিকম্পত নিহত ৩০, ছুনামিৰ সতৰ্কবাণী

Last Updated : Jan 3, 2024, 8:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.