ইণ্টাৰনেশ্যনেল ডেস্ক,৯ অক্টোবৰ : তীব্ৰ উত্তেজনা ইজৰাইলৰ পূব জেৰুজালেমত । ইজৰাইলী সামৰিক চেকপইণ্টত পেলেষ্টাইনী বন্দুকধাৰীৰ আক্ৰমণ (Palestinian gunman attack)। বন্দুকধাৰীৰ গুলীচালনাত শনিবাৰে দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় (Palestinian gunman wounds 2 Israelis)। ইজৰাইল কৰ্তৃপক্ষই এই কথা স্পষ্ট কৰিছে ।
উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি সমগ্ৰ অঞ্চলটোত যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰি আছে । ইজৰাইল সেনা আৰু পেলেষ্টাইনীৰ মাজত সংঘাত অব্যাহত আছে । ইয়াৰ মাজতে শেহতীয়াকৈ পশ্চিম তীৰত ইজৰাইলী সামৰিক অভিযানৰ সময়ত দুটাকৈ পেলেষ্টাইনী কিশোৰ নিহত হয় (Palestinian teen dead during Israeli military raid)। এই ঘটনাৰ কেইঘণ্টামান পাছতে ইজৰাইলী সামৰিক চেকপইণ্টত পেলেষ্টাইনী বন্দুকধাৰীয়ে আক্ৰমণ কৰে ।
ইজৰাইলীসকলে সপ্তাহজোৰা চুককোট বন্ধ উদযাপন কৰি আছে । যিটো সময়ত হাজাৰ হাজাৰ ইহুদীয়ে পবিত্ৰ চহৰখনলৈ ভ্ৰমণ কৰিছে । এনে এক পৰিৱেশৰ মাজতে শনিবাৰে নিশা পূব জেৰুজালেমৰ চুয়াফাট শৰণাৰ্থী শিবিৰৰ সমীপত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় (Shooting near the Shuafat refugee camp)।
আৰক্ষীয়ে জনোৱা মতে আক্ৰমণকাৰীয়ে গুলীচালনা কৰাৰ ফলত এগৰাকী মহিলা সৈনিক আৰু এজন নিৰাপত্তাৰক্ষী আহত হয় । উদ্ধাৰকাৰী দলে জনোৱা মতে মহিলাগৰাকীৰ অৱস্থা সংকটজনক আছিল আৰু নিৰাপত্তাৰক্ষীজনৰ অৱস্থাও গুৰুতৰ আছিল । এই ঘটনাত আন এগৰাকী ইজৰাইলীও সাধাৰণভাৱে আঘাতপ্ৰাপ্ত হৈছে ।
আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে আক্ৰমণকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে । বিশেষ বাহিনী আৰু এখন হেলিকপ্টাৰ এই অভিযানত জড়িত হৈ আছে । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী য়াইৰ লাপিদে (PM Yair Lapid)। প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে সন্ত্ৰাসবাদে কোনো কাৰণে তেওঁলোকক পৰাজিত কৰিব নোৱাৰে ।
উল্লেখ্য যে, ইজৰাইলে ১৯৬৭ চনৰ মিড ইষ্ট যুদ্ধত (1967 Mideast war) পূব জেৰুজালেম দখল কৰিছিল আৰু আন্তৰ্জাতিকভাৱে স্বীকৃত নোহোৱাকৈয়ে অঞ্চলটো অধিগ্ৰহণ কৰিছিল । ইতিমধ্যে চহৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পবিত্ৰ স্থান পূৱ জেৰুজালেমকে ধৰি সমগ্ৰ চহৰখনক তেওঁলোকৰ ৰাজধানী বুলি গণ্য কৰে । আনহাতে পেলেষ্টাইনীসকলে পূব জেৰুজালেমক তেওঁলোকৰ ভৱিষ্যতৰ ৰাজ্যৰ ৰাজধানী বুলি দাবী কৰে ।
বিগত সময়চোৱাত কেইবাটাও ফিলিস্তিনিৰ আক্ৰমণত ১৯ গৰাকী ইজৰাইলী নিহত হোৱাৰ পাছৰে পৰা ইজৰাইলে ইতিমধ্যে অধিকৃত পশ্চিম তীৰত দৈনিক অভিযান চলাই আহিছে । বেছিভাগ সামৰিক কাৰ্যকলাপ উত্তৰ পশ্চিম তীৰৰ জেনিন আৰু নাবলুছ চহৰত দেখা গৈছে ।
লগতে পঢ়ক :ইজৰাইলত ভাৰতীয়মূলৰ কিশোৰক হত্যা