ETV Bharat / international

অনুচ্ছেদ ৩৭০ সন্দৰ্ভত ৰায়ে কাশ্মীৰ সমস্যাক অধিক জটিল কৰি তুলিব; ইমৰান খান - SC upholded abrogation of Article 370

ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে কৈছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ বাতিল বাহাল ৰখাৰ বাবে দিয়া ৰায়ে দশকজুৰি চলি থকা বিবাদ সমাধানৰ পৰিৱৰ্তে কাশ্মীৰ সংঘৰ্ষক অধিক জটিল কৰি তুলিব । খানে লগতে সোঁৱৰাই দিয়ে যে কেনেকৈ কাশ্মীৰ বিবাদ পাকিস্তান আৰু ভাৰতৰ মাজত বিবাদৰ কাৰণ হৈ আছে ।

Imran Khan on SC verdict on Article 370
অনুচ্ছেদ ৩৭০ সন্দৰ্ভত ৰায়ে কাশ্মীৰ সমস্যাক অধিক জটিল কৰি তুলিব; ইমৰান খান
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 2:11 PM IST

Updated : Dec 13, 2023, 2:19 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআই নেতা ইমৰান খানে কৈছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অনুচ্ছেদ ৩৭০ বাতিল বাহালৰ ৰায়ে কাশ্মীৰ সমস্যাক অধিক জটিল কৰি তুলিব ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে সোমবাৰে জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ২০২৯ চনৰ আগষ্ট মাহৰ সিদ্ধান্তক সৰ্বসন্মতিক্ৰমে বাহাল ৰাখে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা ইমৰান খানে এক বাৰ্তাত কয় যে ভাৰতীয় শীৰ্ষ ন্যায়ালয়ৰ ৰায়টো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ সম্পূৰ্ণ উলংঘন । তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফৰ এক্স হেণ্ডেলত কৰা এটা পোষ্টত এনেদৰে কয় ।

ইমৰান খানে লগতে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় শীৰ্ষ আদালতৰ বিতৰ্কিত আৰু বেআইনী সিদ্ধান্তই দশকজোৰা সংঘাত সমাধানত সহায় কৰাৰ পৰিৱৰ্তে কাশ্মীৰ সমস্যাক অধিক জটিল কৰি তুলিব । আনহাতে, তেওঁৰ দলে কাশ্মীৰী লোকসকলক সম্পূৰ্ণ কূটনৈতিক, নৈতিক আৰু ৰাজনৈতিক সমৰ্থন আগবঢ়াই যাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) আজীৱন অধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰা ইমৰান খানে স্মৰণ কৰে যে কাশ্মীৰ সমস্যা হৈছে পাকিস্তান আৰু ভাৰতৰ মাজত বিবাদৰ মুখ্য কাৰণ । তেওঁ এই কথাও জোৰ দি কয় যে ২০১৯ চনত ভাৰতে কাশ্মীৰৰ বিশেষ মৰ্যাদা সলনি কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁৰ নেতৃত্বত তদানীন্তন পিটিআই চৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । লগতে তেওঁ দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্ক হ্ৰাস হোৱাৰ কথাও উল্লেখ কৰিছিল ।

ইমৰান খানে লগতে কয় যে তেওঁ ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰথম স্থান দিয়াৰ সময়ত ভাৰতৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল । অৱশ্যে ৫ আগষ্ট, ২০১৯ চনৰ পিছত সেয়া সম্ভৱ হোৱা নাছিল । কিয়নো কাশ্মীৰী জনসাধাৰণৰ আশা-আকাংক্ষাৰ সৈতে আপোচ কৰিব বিচৰা নাছিল বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :সঠিক ভাৰসাম্য বজাই ৰখাটোৱে আমাৰ প্ৰত্যাহ্বান; যুদ্ধবিৰতিৰ সপক্ষে ভাৰত ভোটদান সন্দৰ্ভত কম্বোজ

Last Updated : Dec 13, 2023, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.