ETV Bharat / international

Pakistan Crisis : ১৯৯৯ চনৰ পাছত পাকিস্তানী মুদ্ৰাৰ সৰ্বাধিক পতন

author img

By

Published : Jan 27, 2023, 11:54 AM IST

এটাৰ পাছত আনটো সমস্যা পাকিস্তানৰ সন্মুখত । পাকিস্তানৰ অৰ্থনীতি এতিয়া সংকটত (Economic crisis in Pakistan)। দেশজুৰি ১২ ঘণ্টাতকৈও অধিক সময় ধৰি ব্লেকআউট ।

Pakistan Crisis
১৯৯৯ চনৰ পাছত পাকিস্তানী মুদ্ৰাৰ সৰ্বাধিক পতন

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ জানুৱাৰী : পাকিস্তান চৰকাৰে আন্তৰ্জাতিক মুদ্ৰা নিধি (IMF) চুক্তি পুনৰুজ্জীৱিত কৰাত ব্যৰ্থ হৈছে । যাৰ বাবে পাকিস্তানৰ অৰ্থনীতি বিপদত পৰিছে । ব্ৰিটিছ প্ৰকাশন ফাইনেন্সিয়েল টাইমছে এই সতৰ্কবাণী দিছে । জিঅ' নিউজৰ বাতৰি অনুসৰি, ৰোলিং ব্লেকআউট আৰু বৈদেশিক মুদ্ৰাৰ তীব্ৰ অভাৱৰ ফলত ব্যৱসায় অব্যাহত ৰখাটো কঠিন হৈ পৰিছে । আমদানি কৰা বিভিন্ন সামগ্ৰীৰ জাহাজৰ কণ্টেইনাৰবোৰ বন্দৰত জমা হৈ আছে কিয়নো ক্ৰেতাসকলে ইয়াৰ বাবে ধন পৰিশোধ কৰিব পৰা নাই (Economic crisis in Pakistan)।

এয়াৰলাইন আৰু বিদেশী কোম্পানীৰ সংগঠনসমূহে সতৰ্ক কৰি দিছে যে বিদেশী ভাণ্ডাৰ হ্ৰাস হোৱাৰ সুৰক্ষাৰ বাবে আৰোপ কৰা মূলধন নিয়ন্ত্ৰণে তেওঁলোকক ডলাৰ ঘূৰাই দিয়াত বাধা দিছে । বস্ত্ৰ উদ্যোগৰ দৰে কাৰখানাবোৰে শক্তি আৰু সম্পদ সংৰক্ষণৰ বাবে দীৰ্ঘ সময় ধৰি কাম বন্ধ ৰখাৰ লগতে স্থায়ী বন্ধৰো সিদ্ধান্ত লৈছে । বিভিন্ন সংস্থাৰ বাতৰি অনুসৰি পাকিস্তানৰ বাবে সমস্যাবোৰ ক্ৰমে বাঢ়ি গৈ আছে । ব্ৰিটিছ বাতৰি কাকতৰ খবৰ অনুসৰি সোমবাৰে দেশজুৰি ব্লেকআউট ১২ ঘণ্টাতকৈও অধিক সময় ধৰি চলিছিল ।

পাকিস্তান ষ্টক এক্সচেঞ্জৰ (PSX) বেঞ্চমাৰ্ক সূচক ১,০০০ পইণ্টতকৈ অধিক বৃদ্ধি পাইছে আৰু মুকলি আৰু আন্তঃবেংক বজাৰত টকাৰ মূল্য হ্ৰাস হোৱাৰ পাছত লাভ হৈছে (Pakistan Stock Exchange report)। এই তথ্য সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।

এই সন্দৰ্ভত আৰিফ হাবিব লিমিটেডৰ গৱেষণাৰ মুৰব্বী তাহিৰ আব্বাছে কয় যে টকাৰ তীব্ৰ হ্ৰাসৰ ফলত বজাৰত এক ইতিবাচক অনুভূতিৰ সৃষ্টি হৈছে । তেওঁৰ মতে বজাৰৰ আঁৰৰ চালিকা কাৰক হৈছে টকাৰ বজাৰৰ ওপৰত নিৰ্ভৰ কৰা বিনিময়ৰ হাৰ (Pakistan currency Value)। এইটোৱে বিনিয়োগকাৰীসকলৰ অনিশ্চয়তা আঁতৰ কৰাত সহায় কৰিছে ।

বিশেষজ্ঞৰ মতে চৰকাৰৰ পদক্ষেপে বজাৰ পুনৰুদ্ধাৰত সহায় কৰিছে । একে সময়তে, আন্তৰ্জাতিক মুদ্ৰা নিধি (IMF) কাৰ্যসূচীৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে অনিশ্চয়তাৰ বাবে কঠিন পৰিস্থিতিত থকা বিনিয়োগকাৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে । আশা কৰা মতে অহা ৮ ৰ পৰা ১০ দিনৰ ভিতৰত এখন মিনি বাজেট উত্থাপন কৰিব পাৰে । য'ত গেছ আৰু বিদ্যুতৰ শুল্ক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে লগতে অধিক কৰ আৰোপ কৰাৰো সম্ভাৱনা আছে ।

আন এক সংবাদ সংস্থাৰ বাতৰি অনুসৰি পাকিস্তানত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দ্ৰুতগতিত হ্ৰাস পাইছে, লগতে IMF দুৰ্বল হৈ পৰিছে । ফলস্বৰূপে, পাকিস্তানী টকাই দুই দশকতকৈও অধিক সময়ৰ ভিতৰত ডলাৰৰ বিপৰীতে আটাইতকৈ বৃহৎ হ্ৰাস হোৱাৰ দিশে আগবাঢ়িছে । যাৰ ফলত চৰকাৰে মুদ্ৰাৰ ওপৰত নিজৰ স্থিতি দুৰ্বল কৰিবলৈ বাধ্য হয় ।

IMFৰ চৰ্ত অনুসৰি চৰকাৰে টকা-ডলাৰৰ বিনিময় হাৰৰ ওপৰত নিয়ন্ত্ৰণ এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ পাছত পাকিস্তানী মুদ্ৰা ৯.৬১ শতাংশ বা ২৪.৫ টকা হ্ৰাস হৈ আমেৰিকান ডলাৰৰ বিপৰীতে ২৫৫.৪৩ টকাৰ অভিলেখ নিম্নতম স্থানলৈ হ্ৰাস পায় । ১৯৯৯ চনৰ ৩০ অক্টোবৰৰ পাছত ৯ শতাংশতকৈও অধিক সৰ্বাধিক হ্ৰাস আছিল যেতিয়া মুদ্ৰা ৯.৪ শতাংশ হ্ৰাস পাইছিল (Pak rupee at all time low after devaluation)।

বিশেষজ্ঞ চাদ আলীয়ে কোৱা মতে পাকিস্তানৰ ষ্টেট বেংকে চৰকাৰী আৰু মুকলি বজাৰৰ হাৰৰ মাজৰ বহল ব্যৱধান দূৰ কৰিবলৈ আৰু অনানুষ্ঠানিক বজাৰৰ জৰিয়তে ডলাৰৰ প্ৰবাহ প্ৰতিহত কৰিবলৈ মুকলি বজাৰৰ ওচৰৰ বজাৰৰ হাৰৰ সৈতে বিনিময় হাৰ চিজিল কৰাত ব্যস্ত আছে ।

লগতে পঢ়ক :Ukraine Russia war : ৰাছিয়াৰ মিছাইল আক্ৰমণত ধৰাশায়ী কিভ চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.