ETV Bharat / international

Haj 2023 : মাৰ্চত অন্ত পৰিব ২০২৩ বৰ্ষৰ হজ যাত্ৰাৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ

author img

By

Published : Feb 12, 2023, 12:09 PM IST

Updated : Feb 12, 2023, 2:32 PM IST

২০২৩ বৰ্ষৰ হজ যাত্ৰাৰ বাবে আৰম্ভ হোৱা অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ অন্ত পৰিব মাৰ্চ মাহৰ ১০ তাৰিখে (Online applications for Haj 2023)৷ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ে এক জাননীযোগে জানিবলৈ দিয়ে এই কথা (Ministry of Minority Affairs) ।

Haj 2023
মাৰ্চত অন্ত পৰিব ২০২৩ বৰ্ষৰ হজ যাত্ৰাৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ

নেশ্যনেল ডেস্ক, ১২ ফেব্ৰুৱাৰী : সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ জাননী অনুসৰি হজ ২০২৩ ৰ বাবে অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ মাৰ্চ (Online applications for Haj 2023 closes on March 10) । চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা নথি-পত্ৰৰ সৈতে অনলাইন আবেদন দাখিলৰ কাম আৰম্ভ হৈছে আৰু এই প্ৰক্ৰিয়া ১০ মাৰ্চ পৰ্যন্ত চলিব বুলি মন্ত্ৰণালয়ে জাননীযোগে প্ৰকাশ কৰে (Ministry of Minority Affairs)৷

হজ যাত্ৰাৰ বাবে ইচ্ছুক লোকে hajcommittee.gov.in/haf23 ত আবেদন দাখিল কৰিব পাৰিব বুলি মন্ত্ৰণালয়ে এই জাননীত উল্লেখ কৰে । উল্লেখযোগ্য যে, ৬ ফেব্ৰুৱাৰীৰ দিনা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে নতুন হজ নীতি ঘোষণা কৰিছিল যাৰ অধীনত আবেদন পত্ৰ বিনামূলীয়াকৈ উপলব্ধ কৰা হৈছে ৷ প্ৰতিজন তীৰ্থযাত্ৰীৰ পেকেজৰ খৰচ ৫০ হাজাৰ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে (Online registration for Haj 2023)।

নতুন হজ নীতিৰ বিষয়ে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে, মন্ত্ৰণালয়ে মহিলা, কেঁচুৱা, দিব্যাংগ আৰু বৃদ্ধসকলৰ বাবে হজ যাত্ৰাৰ সময়ছোৱাত গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ যাত্ৰাৰ সময়ৰে পৰা মহিলা, কেঁচুৱা, দিব্যাংগ আৰু বৃদ্ধ শ্ৰেণীৰ অন্তৰ্গত লোকসকলৰ সুবিধা হোৱাকৈ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ৷

মুছলমানসকলৰ বাবে আটাইতকৈ পৱিত্ৰ স্থান হিচাপে বিবেচিত হৈ আহিছে চৌদি আৰৱত অৱস্থিত মক্কা (Islamic pilgrimage to Mecca) ৷ চৌদি আৰৱত অৱস্থিত ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ মক্কালৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতিবছৰেই হজ যাত্ৰালৈ মনোকামনা পূৰণাৰ্থে যায় । শাৰীৰিক তথা আৰ্থিকভাৱে সক্ষম সকলো প্ৰাপ্তবয়স্ক ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে হজ এক বাধ্যতামূলক ধৰ্মীয় কৰ্তব্য হিচাপে বিবেচিত হৈ আহিছে ।

ইফালে, হজ মন্ত্ৰী আৰু উমৰা তৌফিক আল-ৰবিয়াৰ উদ্ধৃতিৰে ছৌদি আৰবৰ এখন সংবাদ পত্ৰই এইবাৰৰ হজৰ বাবে হজযাত্ৰীৰ সংখ্যাৰ কোনো সীমা নাথাকিব বুলি জানুৱাৰী মাহত ঘোষণা কৰিছিল । দুটাকৈ বছৰ ধৰি ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰাখিবলগীয়া হৈছিল হজ যাত্ৰা ৷ হজ এক্সপ’ ২০২৩ ত ভাষণ প্ৰদান কৰি ত’ফিক আল-ৰবিয়াই (Umrah Tawfiq Al Rabiah) এইবাৰ হজত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাব বুলি উল্লেখ কৰি কয় যে, মহামাৰী অহাৰ পূৰ্বে যিমান সংখ্যক লোকে হজযাত্ৰাত অংশগ্ৰহণ কৰিছিল এইবাৰো অংশগ্ৰহণ কৰিব ৷ তেওঁ লগতে এইবাৰৰ হজযাত্ৰীসকলৰ বয়সৰ কোনো সীমা নাথাকিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : New Governor of Assam : গুলাব চান্দ কাটাৰীয়াক অসমৰ নতুন ৰাজ্যপাল নিযুক্তি

Last Updated : Feb 12, 2023, 2:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.