ETV Bharat / international

North Korea cruise missile launches: আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ যুদ্ধ অনুশীলন আৰম্ভ, কিম জং উনো ৰোৱা নাই থমকি

author img

By

Published : Aug 21, 2023, 12:21 PM IST

পূব উপকূলত নৌসেনাৰ ফ্লোটিলাৰ পৰিদৰ্শন ভ্ৰমণৰ সময়ত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে নৌসেনাৰ এখন জাহাজৰ পৰা কৌশলগত ক্ৰুজ মিছাইলৰ পৰীক্ষণ প্ৰত্যক্ষ কৰে । আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ সেনা বাহিনীয়ে মুখ্য বাৰ্ষিক অনুশীলন আৰম্ভ কৰিছে যাক উত্তৰ কোৰিয়াই যুদ্ধৰ অনুশীলন হিচাপে বিবেচনা কৰে ।

North Korea
ক্ৰুজ মিছাইল পৰীক্ষণৰ তদাৰক কিম জং উনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ সেনাই আৰম্ভ কৰিছে বাৰ্ষিক যুদ্ধকৌশলৰ অনুশীলন । এনে সময়তে উত্তৰ কোৰিয়াইও শক্তি প্ৰদৰ্শন কৰিছে । স্থানীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি উত্তৰ কোৰিয়াত ক্ৰুজ মিছাইল উৎক্ষেপণ কৰা হয় । ক্ৰুজ মিছাইল উৎক্ষেপণ পৰীক্ষণ প্ৰত্যক্ষ কৰিলে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ।

জানিব পৰা মতে তেওঁ নৌসেনাৰ এখন জাহাজৰ পৰা ইয়াক প্ৰত্যক্ষ কৰে । শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া আৰু জাপানৰ নেতাসকলে নিৰাপত্তা আৰু অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰিত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত আয়োজন কৰিছিল এখন সন্মিলনৰ । এই সন্মিলনৰ ঠিক পাছতে উত্তৰ কোৰিয়াইও ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মিছাইল পৰীক্ষণ কৰে ।

পূব উপকূলত নৌসেনাৰ ফ্লোটিলাৰ পৰিদৰ্শনৰ সময়ত কিমে অস্ত্ৰ-শস্ত্ৰ আৰু যুঁজৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ এখন টহলদাৰী নাৱত ভ্ৰমণ কৰে । তাৰ পৰাই তেওঁ নাবিকসকলক কৌশলগত ক্ৰুজ মিছাইল উৎক্ষেপণৰ এক অনুশীলন চলাই থকা প্ৰত্যক্ষ কৰে । অৱশ্যে কেতিয়া মিছাইল উৎক্ষেপণ হৈছিল সেয়া এতিয়ালৈ কোৱা হোৱা নাই । আনহাতে ৰাজ্যিক সংবাদ মাধ্যমৰ এখন ফটোত দেখা গৈছে যে কিমে টহলদাৰী জাহাজৰ পৰিৱৰ্তে আন ঠাইৰ পৰাহে মিছাইল উৎক্ষেপণ চাই আছিল ।

ইফালে কিমে কৈছে যে, তেওঁ শক্তিশালী যুদ্ধজাহাজ নিৰ্মাণ আৰু উত্তৰৰ নৌবাহিনীৰ বাবে জাহাজৰ বোৰ্ড আৰু পানীৰ তলৰ অস্ত্ৰ প্ৰণালীৰ আধুনিকীকৰণৰ প্ৰচেষ্টাক শক্তিশালী কৰিব । কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সিৰ মতে তেওঁ দেশৰ নাবিকসকলক অভূতপূৰ্ব আদৰ্শগত আৰু আধ্যাত্মিক শক্তি গঢ়ি তুলিবলৈ আহ্বান জনাইছে আৰু অস্ত্ৰৰ সংখ্যাগত বা কাৰিকৰী শ্ৰেষ্ঠতাতকৈ এইটো অধিক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে ।

উল্লেখ্য যে সোমবাৰে ১১ দিনীয়া গ্ৰীষ্মকালীন আমেৰিকা-দক্ষিণ কোৰিয়াৰ সামৰিক প্ৰশিক্ষণৰ প্ৰতিক্ৰিয়া স্বৰূপে উত্তৰ কোৰিয়াই অস্ত্ৰ পৰীক্ষা পুনৰ আৰম্ভ কৰা বুলি সন্দেহ কৰা হৈছে । উলচি ফ্ৰীডম শ্বিল্ড প্ৰশিক্ষণ হৈছে এক কম্পিউটাৰ-চিমুলেটেড কমাণ্ড পোষ্ট এক্সাৰচাইজ । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ সেনাবাহিনীয়ে কয় যে তেওঁলোকে বৃহৎ পৰিমাণৰ ক্ষেত্ৰ অনুশীলনো কৰাৰ পৰিকল্পনা কৰিছে ।

ইফালে ২০২২ চনৰ আৰম্ভণিৰ পৰাই উত্তৰ কোৰিয়াই ১০০ৰো অধিক অস্ত্ৰ পৰীক্ষা কৰিছে, যাৰ কিছুমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ড, দক্ষিণ কোৰিয়া আৰু জাপানত আঘাত কৰাৰ বাবে প্ৰস্তুত কৰা পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইল আছে । ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াই তেওঁলোকৰ নিয়মীয়া প্ৰশিক্ষণ অনুশীলনো সম্প্ৰসাৰিত কৰিছে ।

লগতে পঢ়ক :America politics: ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাথমিক বিতৰ্ক ত্যাগ কৰিব ট্ৰাম্পে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.