ETV Bharat / international

North Korea threatens nuclear strike : পুনৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি উত্তৰ কোৰিয়াৰ

আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই উদ্বেগ বঢ়াইছে উত্তৰ কোৰিয়াৰ । দক্ষিণ কোৰিয়াৰ দক্ষিণ-পূব বন্দৰ বুচানত উপস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ বিমান কঢ়িওৱা বিশেষ জাহাজ । তাৰ পাছতে কিম জং উন প্ৰশাসনে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভাবুকি দিছে ।

North Korea threatens nuclear strike
পুনৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি উত্তৰ কোৰিয়াৰ
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 11:10 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : দক্ষিণ কোৰিয়াত পুনৰ পাৰমাণিক আক্ৰমণৰ ভাবুকি দিছে উত্তৰ কোৰিয়াই । দক্ষিণ কোৰিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ বিমান কঢ়িওৱা বিশেষ জাহাজ উপস্থিত হোৱাৰ পাছতে এই ঘোষণা উত্তৰ কোৰিয়া । ইয়াক উত্তৰ কোৰিয়াই উচটনিমূলক পদক্ষেপ বুলিও অভিহিত কৰিছে । দেশখনত পাৰমাণৱিক অস্ত্ৰাগাৰ বৃদ্ধিৰ বাবেই এনে ধৰণৰ অস্ত্ৰ-শস্ত্ৰ আগতীয়াকৈ ব্যৱহাৰ কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে বুলি সকলোৱে অনুমান কৰিছে । কিন্তু উত্তৰ কোৰিয়াই এতিয়ালৈ আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ দ্বাৰা পৰাজিত হৈ আহিছে ।

বিশেষজ্ঞসকলে দাবী কৰা মতে উত্তৰ কোৰিয়াই প্ৰথমে পাৰমাণৱিক আক্ৰমণৰ দৰে পদক্ষেপ লোৱাৰ সম্ভাৱনা নাই । নিশ্চিতভাৱে উত্তৰ কোৰিয়াই অস্ত্ৰবোৰ উন্নীত কৰা অব্যাহত ৰাখিব ।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় জল সীমাত আমেৰিকা-দক্ষিণ কোৰিয়া-জাপানৰ নৌ-অনুশীলনৰ পাছত ইউএছএছ ৰোনাল্ড ৰেগান আৰু এক যুদ্ধৰ গ্ৰুপ দক্ষিণ কোৰিয়াৰ দক্ষিণ-পূব বন্দৰ বুচানত উপস্থিত হয় । তাৰ পাছতে উত্তৰ কোৰিয়াই এই ভাবুকি প্ৰদান কৰিছে । দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা বিভাগে জনোৱা মতে উত্তৰৰ বৰ্ধিত পাৰমাণৱিক কাৰ্যসূচীৰ প্ৰতিক্ৰিয়া স্বৰূপে শক্তিশালী আমেৰিকাৰ সামৰিক সম্পদৰ অস্থায়ী নিয়োজন বৃদ্ধি কৰাৰ চুক্তিৰ অংশ হিচাপে যুদ্ধ বিমান কঢ়িওৱা বিশেষ জাহাজ ৫ দিনৰ বাবে বুচানত থাকিব ।

কিন্তু উত্তৰ কোৰিয়াৰ চৰকাৰী কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেঞ্চিয়েযুদ্ধ বিমান কঢ়িওৱা বিশেষ জাহাজৰ আগমনক এক ছদ্মবেশহীন সামৰিক উচটনি বুলি অভিহিত কৰে ।বহু বিশেষজ্ঞই কয় যে উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰাগাৰ সম্প্ৰসাৰণৰ অজুহাত প্ৰদান কৰিবলৈ ইয়াৰ প্ৰতিদ্বন্দীসকলৰ সৈতে উত্তেজনা বৃদ্ধি কৰে আৰু তাৰ পাছত ইয়াৰ অধিক ব্যৱহাৰ কৰে । যোৱা বছৰৰ পৰা, উত্তৰ কোৰিয়াই আমেৰিকা-দক্ষিণ কোৰিয়াৰ সম্প্ৰসাৰিত সামৰিক অনুশীলনৰ প্ৰতি সঁহাৰি জনোৱাৰ নামত ১০০ৰো অধিক মিছাইল পৰীক্ষা কৰিছে । আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মতে এই অনুশীলনবোৰ প্ৰতিৰক্ষামূলক ।

বিগত বছৰ কিম জং উনৰ নেতৃত্বৰ উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ সন্দৰ্ভত এখন আইনো গ্ৰহণ কৰিছিল । অৱশ্যে আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ চৰকাৰে বাৰে বাৰে সতৰ্ক কৰি দিছে যে উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ যিকোনো প্ৰচেষ্টাৰ ফলত কিম জং উনৰ নেতৃত্বত উত্তৰ কোৰিয়াৰ চৰকাৰৰ সমাপ্তি ঘটিব ।

লগতে পঢ়ক :Israel Hamas War : সংকটত গাজা, বিশ্ববাসীৰ ওচৰত সহায় ভিক্ষা হামাছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.