ETV Bharat / international

নাইজেৰিয়াৰ সশস্ত্ৰ সংগঠনৰ আক্ৰমণত শতাধিক লোক নিহত - নাইজেৰিয়াৰ সশস্ত্ৰ সংগঠনৰ আক্ৰমণত শতাধিক লোক নিহত

Nigeria Attack: মধ্য নাইজেৰিয়াত সশস্ত্ৰ সংগঠনৰ আক্ৰমণত ১০০ জন লোকৰ মৃত্যু । নাইজেৰিয়াৰ এই অঞ্চলটো ধৰ্মীয় আৰু জাতিগত উত্তেজনাই জুৰুলা কৰিছে । ইয়াত কৃষক আৰু পশুপালকৰ মাজত সঘনাই সংঘৰ্ষ হৈ আহিছে ।

Etv Bharat
নাইজেৰিয়াৰ সশস্ত্ৰ সংগঠনৰ আক্ৰমণত শতাধিক লোক নিহত
author img

By ANI

Published : Dec 26, 2023, 12:09 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: মধ্য নাইজেৰিয়াত বৃহৎ পৰিসৰৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । ৰাষ্ট্ৰখনত কেইবাখনো চহৰক লক্ষ্য কৰি সশস্ত্ৰ সংগঠনে ধাৰাবাহিকভাৱে চলোৱা আক্ৰমণত প্ৰায় ১০০ৰো অধিক লোকৰ মৃত্যু হয় । ইতিমধ্যে এই অঞ্চলটো ধৰ্মীয় আৰু জাতিগত উত্তেজনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । স্থানীয় বিষয়াসকলৰ মতে এই সশস্ত্ৰ গোটসমূহক ডাকাত বুলি জনা যায় । সপ্তাহৰ শেষৰ ফালে সংঘটিত আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৩ জনলৈ বৃদ্ধি পাইছে যিটো চৰকাৰৰ প্ৰাৰম্ভিক সংখ্যা ১৬তকৈ বহু বেছি ।

আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি প্লেটো ৰাজ্যৰ গৱৰ্ণৰ কেলেব মুটাফৱাঙৰ মুখপাত্ৰ গিয়াং বেৰেই কয় যে, “নিৰীহ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে চলি থকা আক্ৰমণ বন্ধ কৰাৰ বাবে চৰকাৰে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিব ।” নাইজেৰিয়াৰ জাতিগত আৰু ধৰ্মীয়ভাৱে বৈচিত্ৰ্যপূৰ্ণ মধ্য বেল্ট ৰাজ্যসমূহৰ ভিতৰত অন্যতম প্লেটো, য’ত জলবায়ু পৰিৱৰ্তন আৰু সম্প্ৰসাৰিত কৃষিয়ে সম্প্ৰদায়সমূহৰ মাজত পৰিস্থিতি উত্তেজিত কৰি তুলিছে ৷ ইয়াৰ ফলত মুছলমান পশুপালক আৰু খ্ৰীষ্টান কৃষকৰ মাজত উত্তেজনা সৃষ্টি হৈছে আৰু আন্তঃসাম্প্ৰদায়িক হিংসাৰ ঘটনা বৃদ্ধি পাইছে ।

এই আন্তঃসাম্প্ৰদায়িক হিংসাৰ বাবেই যোৱা কিছু বছৰত শ শ লোকে প্ৰাণ হেৰুৱাইছে । শেহতীয়া আক্ৰমণৰ পিছত এম্নেষ্টী ইণ্টাৰনেশ্যনেলে নাইজেৰিয়াৰ কৰ্তৃপক্ষক সমালোচনা কৰি কয় যে তেওঁলোকে প্লেটো ৰাজ্যৰ গ্ৰাম্য জনগোষ্ঠীসমূহৰ ওপৰত ধাৰাবাহিকভাৱে কৰা আক্ৰমণ বন্ধ কৰাত ব্যৰ্থ হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উত্তৰ আৰু মধ্য অঞ্চলত সশস্ত্ৰ সংগঠন সক্ৰিয় হৈ থকা অঞ্চলটোৱে সংঘাতৰ সৈতে যুঁজি আছে । একে সময়তে চৰকাৰী বাহিনীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰে ।

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুৱে চলিত মাহৰ আৰম্ভণিতে ধৰ্মীয় উদযাপনৰ বাবে সমবেত হোৱা ৮৫ জন সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি লোৱা সামৰিক ড্ৰোন আক্ৰমণৰ তদন্তৰ নিৰ্দেশ দিছিল । টিনুবুৱে ইয়াক বোমা বিস্ফোৰণৰ দুৰ্ঘটনা বুলি অভিহিত কৰি দুখ প্ৰকাশ কৰে । আল জাজিৰাৰ বাতৰি অনুসৰি কাডুনাৰ গৱৰ্ণৰ উবা ছানীয়ে স্পষ্ট কৰি দিয়ে যে অভিযানৰ সময়ত সন্ত্ৰাসবাদী আৰু ডাকাতক লক্ষ্য কৰি ড্ৰ’নে ভুলবশতঃ সাধাৰণ নাগৰিকক হত্যা কৰে ।

লগতে পঢ়ক: 276 যাত্ৰীসহ ফ্ৰান্সত আবদ্ধ হৈ থকা বিমানখন অৱশেষত আহি পালে ভাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.