ETV Bharat / international

New York Times : নিউয়ৰ্ক টাইমছৰ 24 ঘণ্টীয়া নিউজৰুম ধৰ্মঘট

author img

By

Published : Dec 8, 2022, 12:35 PM IST

নিউয়ৰ্ক টাইমছৰ শ শ সাংবাদিক আৰু অন্যান্য কৰ্মচাৰীয়ে বৃহস্পতিবাৰে 24 ঘণ্টীয়া ধৰ্মঘটৰ বাবে সাজু হৈছে (New York Times 24 hour walkout) । উল্লেখ্য, 40 বছৰতকৈও অধিক সময়ৰ বাতৰিকাকতখনৰ ইতিহাসত এনে ধৰণৰ ধৰ্মঘট এয়াই প্ৰথম হ'ব ।

New York Times
New York Times

ইণ্টাৰনেচনেল ডেস্ক, ৮ ডিচেম্বৰ : নিউয়ৰ্ক টাইমছৰ শ শ সাংবাদিক আৰু অন্যান্য কৰ্মচাৰীয়ে বৃহস্পতিবাৰে 24 ঘণ্টীয়া ধৰ্মঘটৰ বাবে সাজু হৈছে (New York Times 24 hour strike) । 40 বছৰতকৈও অধিক সময়ৰ বাতৰিকাকতখনৰ ইতিহাসত এনে ধৰণৰ ধৰ্মঘট এয়াই প্ৰথম হ'ব । নিউজৰুমৰ কৰ্মচাৰী আৰু নিউয়ৰ্কৰ নিউজগিল্ডৰ (NewsGuild of New York Times) আন সদস্যসকলে কৈছে যে তেওঁলোকে ২০২১ চনৰ মাৰ্চত তেওঁলোকৰ অন্তিম চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত চলি থকা দৰদামত অতিষ্ঠ হৈ পৰিছে (New York Times journalists walkout) ।

ইউনিয়নে যোৱা সপ্তাহত ঘোষণা কৰিছিল যে 1,100-ৰো অধিক কৰ্মচাৰীয়ে 12.01 বজাৰ পৰা আৰম্ভ কৰি 24 ঘণ্টাৰ বাবে কাম বন্ধ কৰিব যদিহে বৃহস্পতিবাৰে দুয়োপক্ষই চুক্তিত উপনীত নহয় । উল্লেখ্য, মঙলবাৰৰ শেষৰ ফালে 12 ঘণ্টাতকৈও অধিক সময় ধৰি আলোচনা চলিছিল আৰু বুধবাৰেও সেয়া অব্যাহত আছিল । কিন্তু মজুৰি বৃদ্ধি আৰু দূৰৱৰ্তী কামৰ নীতিকে ধৰি বিষয়বোৰত দুয়োপক্ষৰ মাজত বহু ব্যৱধান আছিল ।

"বৃহস্পতিবাৰে আমি ধৰ্মঘট কৰাৰ সম্ভাৱনা আছে ।" এগৰাকী বিত্ত প্ৰতিবেদক আৰু ইউনিয়নৰ প্ৰতিনিধি ষ্টেচী কাউলীয়ে এনেদৰে কয় । অৰ্থনৈতিক আৰু কেইবাটাও বিষয়ত আমাৰ মাজত এতিয়াও যথেষ্ট ব্যৱধান আছে । দিনটোৰ ক'ভাৰেজ কেনেদৰে প্ৰভাৱিত হ'ব সেয়া অস্পষ্ট । কিন্তু ধৰ্মঘটৰ সমৰ্থকসকলৰ ভিতৰত আছে দ্ৰুত গতিৰ লাইভ-নিউজ ডেস্কৰ (fast paced live news desk) সদস্যসকল, যিয়ে ডিজিটেল কাকতৰ বাবে ব্ৰেকিং নিউজ (breaking news) ক'ভাৰ কৰে । কৰ্মচাৰীসকলে বৃহস্পতিবাৰে আবেলি টাইমছ স্কোৱেৰৰ (Times Square) ওচৰত বাতৰিকাকতৰ কাৰ্যালয়ৰ বাহিৰত এটা ৰেলীৰো পৰিকল্পনা কৰি আছে ।

আনহাতে, নিউয়ৰ্ক টাইমছৰ মুখপাত্ৰ ডেনিয়েল ৰ'ডেছ হায়ে (New York Times spokesperson Danielle Rhoades Ha) এছ'চিয়েটেড প্ৰেছক কয় যে বাতৰি পৰিবেশন অব্যাহত ৰখাৰ বাবে কোম্পানীটোৰ দৃঢ় পৰিকল্পনা আছে । ইয়াৰ ভিতৰত আছে আন্তৰ্জাতিক সাংবাদিক আৰু ইউনিয়নৰ সদস্য নোহোৱা আন সাংবাদিকৰ ওপৰত নিৰ্ভৰ কৰাটো । "যদিও নিউজগিল্ডে ধৰ্মঘট কৰাৰ ভাবুকি দিয়াত আমি হতাশ হৈছোঁ, কিন্তু আমি এইটো নিশ্চিত কৰিবলৈ প্ৰস্তুত যে টাইমছে আমাৰ পঢ়ুৱৈসকলক কোনো বাধা অবিহনে সেৱা আগবঢ়াই যাব ।" ৰ'ডেছ হায়ে এক পৃথক বিবৃতিত কয় ।

লগতে পঢ়ক :Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.