ETV Bharat / international

নেপালত বাছ দুৰ্ঘটনাত ২ ভাৰতীয়সহ ১২ জন নিহত - নেপালত বাছ দুৰ্ঘটনা

Dang Bus Tragedy : বাছ দুৰ্ঘটনাত আন 22 গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় । আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । নিহত ভাৰতীয় দুজনক বিহাৰৰ মালাহীৰ যোগেন্দ্ৰ ৰাম (৬৭) আৰু উত্তৰ প্ৰদেশৰ মুনে (৩১) বুলি চিনাক্ত কৰা হৈছে ।

নেপালত বাছ দুৰ্ঘটনাত ২ ভাৰতীয়সহ ১২ জন নিহত

author img

By ANI

Published : Jan 13, 2024, 1:30 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী : নেপালত সংঘটিত হৈছে এক ভয়ানক বাছ দুৰ্ঘটনা । এই দুৰ্ঘটনাটোত ১২ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । মধ্য-পশ্চিম নেপালৰ ডং জিলাত সংঘটিত এই পথ দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত দুগৰাকী ভাৰতীয় নাগৰিক থকা বুলিও আৰক্ষী সূত্ৰত প্ৰকাশ ।

সূত্ৰ মতে, শুকুৰবাৰে নিশা ভালুবাঙত সংঘটিত এই দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত মাত্ৰ আঠগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা গৈছে । "যাত্ৰীবাহী বাছখন বাঙ্কেৰ নেপালগঞ্জৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল । কিন্তু যাত্ৰাপথত বাছখনে দলঙৰ পৰা ওলাই গৈ ৰাপ্তি নদীত পৰে । আমি কেৱল আঠগৰাকী নিহত যাত্ৰীৰ পৰিচয় নিশ্চিত কৰিছোঁ । ইয়াৰে ভিতৰত দুগৰাকী ভাৰতীয় আছে ।" ভলুবাঙৰ আৰক্ষী কাৰ্যালয়ৰ মুখ্য আৰক্ষী পৰিদৰ্শক উজ্জ্বল বাহাদুৰ সিঙে ফোনযোগে এএনআইক এই কথা নিশ্চিত কৰে । বাছখনত মুঠ ৩৫ গৰাকী যাত্ৰী থকা বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ মতে, বাছ দুৰ্ঘটনাত আন 22 গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় । আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । নিহত ভাৰতীয় দুজনক বিহাৰৰ মালাহীৰ যোগেন্দ্ৰ ৰাম (৬৭) আৰু উত্তৰ প্ৰদেশৰ মুনে (৩১) বুলি চিনাক্ত কৰা হৈছে । "মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে লামাহী চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।" মুখ্য পৰিদৰ্শকগৰাকীয়ে লগতে কয় ।

নিহতসকলৰ ভিতৰত আছে নেপালগঞ্জৰ কুসুম বাসনেট (৬০), মাকৱানপুৰ হেটাউণ্ডাৰ সৌৰভ বিষ্ট (৩৫) আৰু জুমলাৰ চান্দনাথ ৯-ৰ মুন বাহাদুৰ ৰাৱাট (৪০) বুলি চিনাক্ত কৰা হৈছে । আনসকল হৈছে বাঙ্কেৰ ৩০ বছৰীয়া ৰামবৰণ হৰিজন আৰু ৰুকুম গোটামকোট ৯-ৰ ২৫ বছৰীয়া দীপক দাংগী, কাঠমাণ্ডু চন্দ্ৰগিৰি পৌৰসভা ১৫-ৰ ৬৫ বছৰীয়া তাৰাকান্ত পাণ্ডে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাস্থলীতে সাতগৰাকী যাত্ৰীৰ মৃত্যু হয় আৰু চাৰিগৰাকীয়ে চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত মৃত্যুবৰণ কৰে । ডং জিলা আৰক্ষী কাৰ্যালয়ৰ ডিএছপি জনক বাহাদুৰ মাল্লাই জনোৱা মতে, চিকিৎসাৰ সময়ত এজনৰ মৃত্যু হয় ।

লগতে পঢ়ক :চীনৰ কয়লা খনিৰ দুৰ্ঘটনাত ৮ জন নিহত, সন্ধানহীন ৮

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.