ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ জুলাই: এলন মাস্কে টুইটাৰ ক্ৰয় কৰাক লৈ বিতৰ্ক অব্যাহত আছে (Elon Musk Twitter purchase controversy)। টুইটাৰৰ সৈতে টেছলাৰ মুৰব্বীয়ে প্ৰথমে ক্ৰয় চুক্তি সম্পন্ন কৰে আৰু পাছত চুক্তি বাতিলৰ ঘোষণা কৰে (Elon Musk terminates USD 44 billion deal for Twitter)। কিন্তু টুইটাৰ প্ৰকৃততে কাৰ হাতত থাকিব ?
আদালতত ১৭ অক্টোবৰৰ পৰা এই সন্দৰ্ভত এক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলিব (Trial in October on Elon Musk Twitter deal)। দুয়োপক্ষৰে অংশীদাৰিত্ব সম্পৰ্কীয় গোচৰতো ৫ দিন ধৰি চলিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী ন্যায়াধীশে ইতিমধ্যে এই গোচৰৰ বিচাৰৰ বাবে সাজু হোৱাৰ কথা প্ৰকাশ কৰিছে । বিচাৰটো পূব ৰাজ্য ডেলাৱেৰৰ এখন আদালতত চলিব আৰু মাস্কে চুক্তিৰ পৰা আঁতৰিব পাৰিব নে নাই এই বিচাৰৰ সময়ত সিদ্ধান্ত লোৱা হ'ব ।
উল্লেখ্য যে টেছলাৰ মুৰব্বী এলন মাস্কে টুইটাৰৰ ব'ৰ্ডক প্ৰতি শ্বেয়াৰত ৫৪.২০ ডলাৰৰ প্ৰস্তাৱ দি ৪৪ বিলিয়ন আমেৰিকান ডলাৰৰ ক্ৰয় চুক্তি সম্পন্ন কৰিছিল । কিন্তু ভুৱা আৰু স্পাম একাউণ্টৰ সংখ্যা সম্পৰ্কে টুইটাৰে তেওঁক বিপথে পৰিচালিত কৰাৰ অভিযোগত জুলাই মাহত এই চুক্তি বাতিলৰ ঘোষণা কৰিছিল মাস্কে । চুক্তি বাতিল সম্পৰ্কত টুইটাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মাস্কে ইতিমধ্যে চুক্তিটোত সন্মত হৈছে আৰু এতিয়া তেওঁ পিছুৱাব নোৱাৰে ।
ইফালে গোচৰটো সম্পৰ্কত ন্যায়াধীশ কাথালিন মেককৰ্মিকে দুয়োপক্ষলৈ বিশেষ আহ্বান জনাইছে । তেওঁ দুয়োপক্ষক সোঁৱৰাই দিয়ে যে তেওঁলোকে ইজনে সিজনক তথ্য হস্তান্তৰ কৰাৰ দৰে বিষয়ত "সৎ আৰু বিশ্বাসেৰে সহযোগিতা কৰিব" লাগে ।
উল্লেখ্য যে এপ্ৰিলত, মাস্কে টুইটাৰ ক্ৰয় কৰাৰ কথা প্ৰকাশ কৰিছিল । যাৰ বাবে টেছলাৰ মুৰব্বী এলন মাস্কক ৪৪ বিলিয়ন আমেৰিকান ডলাৰত কোম্পানীটো বিক্ৰী কৰাৰ কথা নিশ্চিত কৰিছিল টুইটাৰে । অৱশ্যে, মাস্কে মে' মাহত তেওঁৰ দলটোক টুইটাৰৰ দাবীৰ সত্যতা পৰ্যালোচনা কৰিবলৈ অনুমতি দিবলৈ চুক্তিটো স্থগিত ৰাখিছিল ।
জুন মাহত, মাস্কে মাইক্ৰ'ব্লগিং ৱেবছাইটটোক একত্ৰীকৰণ চুক্তি ভংগ কৰাৰ বাবে মুকলিকৈ অভিযোগ কৰিছিল আৰু তেওঁ স্পাম আৰু ভুৱা একাউণ্টৰ তথ্য বিচৰাৰ পাছতো টুইটাৰে তেওঁৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে অধিগ্ৰহণ নকৰাৰ ভাবুকি দিছিল । মাস্কে অভিযোগ কৰিছিল যে টুইটাৰে চুক্তিত উল্লেখ কৰা বিভিন্ন বিষয় পালন কৰাত বিফল হৈছে । স্পাম বা ভুৱা একাউণ্ট ৫ শতাংশতকৈও কম থকাৰ যি তথ্য সেই তথ্যও প্ৰকাশ কৰাত ব্যৰ্থ হৈছে টুইটাৰ ।
লগতে পঢ়ক :টেছলাৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিব টুইটাৰ