ETV Bharat / international

Nigeria Boat Accident : ভয়ংকৰ নাও দুৰ্ঘটনা, একেখন গাঁৱৰে ৬৮ গৰাকী লোকৰ মৃত্যু - Nigeria boat accident latest update

নাইজেৰিয়াত ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰায় ১০৮ গৰাকী লোকৰ মৃত্যু । মৃত্যু হোৱা লোকসকলৰ ভিতৰত বেছি সংখ্যক মহিলা আৰু শিশু আছিল । নৈৰ ওচৰতে লোকসকলক সমাধিস্থ কৰা হয় ।

Nigeria oat Accident
একেখন গাঁৱৰে ৬৮ গৰাকী লোকৰ মৃত্যু
author img

By

Published : Jun 16, 2023, 5:40 PM IST

Updated : Jun 16, 2023, 6:08 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ জুন : উত্তৰ-মধ্য নাইজেৰিয়াত শোকাৱহ নাও দুৰ্ঘটনা । দুৰ্ঘটনাটোত ১০৮ গৰাকী যাত্ৰীৰ সলিল সমাধি হোৱাৰ খবৰ পোৱা গৈছে । নাওখনৰ অন্যান্য যাত্ৰী আৰু স্থানীয় প্ৰশাসনৰ মতে পানীত ডুব যোৱা লোকসকলৰ ভিতৰত বেছিভাগেই আছিল মহিলা আৰু সন্তান । জানিব পৰা মতে কাঠৰ নাওখন কোৱাৰা ৰাজ্যৰ নাইজাৰ নদীত ২৫০তকৈও অধিক যাত্ৰী লৈ গৈ আছিল । নাওখনত বিবাহ যাত্ৰী আছিল । বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ গৈ আছিল লোকসকল । নিশা নাওখনেৰে লোকসকলে যাত্ৰা কৰি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । কাঠৰ টুকুৰাত খুন্দা মৰাৰ পাছতে নাওখন দুটা ভাগত বিভক্ত হয় ।

দুৰ্ঘটনাটোত কোনোমতে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হোৱা এজন লোকে জনোৱা মতে তেওঁলোকে একাংশ কণ কণ ল'ৰা-ছোৱালীক উদ্ধাৰ কৰিছে । কিন্তু একাংশ মহিলাই তেওঁলোকৰ সন্তানক এৰি নিদিলে যাৰ বাবে তেওঁলোক পানীত ডুব গ'ল । লোকজনে জনোৱা মতে সেই নাওখনত থকা বেছিভাগ মহিলাৰে সন্তান আছিল । আনহাতে মৃত লোকসকলৰ বেছিভাগেই মহিলা আৰু শিশু । তেওঁ জনোৱা মতে তেওঁলোকে তিনিটা শিশুক উদ্ধাৰ কৰিছিল কিন্তু ৯ টা শিশুৱে মৃত্যুক আঁকোৱালি লয় । তেওঁ লগতে কয় যে গাঁওখনৰ ৰাইজে আবেলি উদ্ধাৰ অভিযান সমাপ্ত কৰে আৰু নিহত লোকসকলক ৰীতি-নীতি অনুসৰি নদীৰ কাষতে সমাধিস্থ কৰা হয় ।

ইফালে নাইজাৰ নদীত সংঘটিত নাও দুৰ্ঘটনাত কমেও ১৪৪ গৰাকী লোকক উদ্ধাৰ কৰা হয় । স্থানীয় প্ৰশাসনে জনোৱা মতে দুৰ্ঘটনাগ্ৰস্ত নাওখনত প্ৰায় ২০০ গৰাকী যাত্ৰী যাব পৰা আছিল কিন্তু কমেও ২৫০ গৰাকী লোকে নাওখনত উঠি যাত্ৰা কৰিছিল ।

প্ৰশাসনে জনোৱা মতে স্থানীয় লোকসকলে উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছিল । কিন্তু নৈখন যিহেতু অতি গভীৰ আছিল সেয়ে সকলো লোককে উদ্ধাৰ কৰাটো সম্ভৱ নাছিল । দুৰ্ঘটনাটোত মৃত্যু হোৱা প্ৰায় ৬৮ গৰাকী লোক একেখন গাঁৱৰে আছিল । পাটেগী আৰু নাইজেৰিয়াৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে সাধাৰণতে যাতায়তৰ বাবে নাও ব্যৱহাৰ কৰে । যাৰ বাবে সচৰাচৰ সেই লোকসকল নাও দুৰ্ঘটনাত পতিত হয় । যোৱা মে' মাহতো একেধৰণৰ এক নাও দুৰ্ঘটনাত শিশুসহ ১৫ গৰাকী লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক :Indian worker dead in Singapore : ছিংগাপুৰত শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰ ভাৰতীয় শ্ৰমিকৰ মৃতদহে

Last Updated : Jun 16, 2023, 6:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.