ETV Bharat / international

Nigeria mosque collapse : নামাজৰ সময়তে ভাঙি পৰে মছজিদ, জীৱন্তে সমাধিস্থ 7 জন - কাডুনাৰ গভৰ্ণৰ উবা ছানী

নাইজেৰিয়াৰ জাৰিয়াস্থিত জাৰিয়া চেণ্ট্ৰেল মছজিদত অঘটন ৷ শুকুৰবাৰে নামাজ পঢ়ি থকা অৱস্থাতে ভাঙি পৰে মছজিদৰ এটা অংশ ৷ ফলত থিতাতে 7 জন লোক নিহত হোৱাৰ লগতে আহত হয় বহুকেইজন লোক ৷

Etv Bharat
Etv Bharat
author img

By

Published : Aug 12, 2023, 9:40 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 12 আগষ্ট : শুকুৰবাৰে নাইজেৰিয়াত সংঘটিত হয় এক অঘটন ৷ নাইজেৰিয়াৰ অন্যতম বৃহৎ চহৰ জাৰিয়াত অৱস্থিত জাৰিয়া চেণ্ট্ৰেল মছজিদত নামাজ পঢ়ি থকা অৱস্থাতে মছজিদৰ এটা অংশ ভাঙি পৰে ৷ ফলত থিতাতে নিহত হয় সাতজন লোক ৷

নাইজেৰিয়াৰ উত্তৰ-পশ্চিম কাডুনা ৰাজ্যৰ বিভাগীয় মূৰব্বীয়ে উল্লেখ কৰা অনুসৰি, অঘটনটো সংঘটিত হোৱাৰ সময়ত জাৰিয়া চেণ্ট্ৰেল মছজিদত নামাজত অংশগ্ৰহণ কৰিছিল 100 ৰো অধিক লোকে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নাইজেৰিয়াতে এক উত্তেজনাই বিৰাজ কৰে ৷

এই ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ ব্যৱৰ্ধানত ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল আৰু আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ জানিব পৰা মতে, এই দুৰ্ঘটনাটোত বহু কেইজন লোক গুৰুতৰভাৱে আহত হয় ৷ সূত্ৰৰ পৰা জানিব পৰা মতে, বাতৰি যুগুত কৰা পৰলৈকে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে 33 জন লোকক অতি গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰায় ৷

নাইজেৰিয়াৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ বিষয়াই কয় যে এই মছজিদটো 1830 চনতে নিৰ্মাণ কৰা হৈছিল । 1830 চনতে নিৰ্মাণ কৰা এই মছজিদটোৰ এটা বহল অংশত শুকুৰবাৰে বহু লোকে নামাজ পঢ়ি আছিল ৷ কিন্তু নামাজ পঢ়ি থকাৰ মাজতে হঠাৎ মছজিদৰ ওপৰৰ এটা অংশৰ পৰি যায় ৷ ফলত এই ঘটনাটো সংঘটিত হয় ৷ এই দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে CCTV কেমেৰাত ৷

ইফালে কাডুনাৰ গভৰ্ণৰ উবা ছানীয়ে (Kaduna Gov Uba Sani) এই দুৰ্ঘটনাটোৰ তৎকালীন তদন্তৰ নিৰ্দেশ দিয়ে ৷ লগতে তেওঁ ক্ষতিগ্ৰস্তসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক : Illegal infiltrator entered Bangladesh : কুশিয়াৰা নৈ পাৰ হৈ অসমৰ পৰা বাংলাদেশ পালেগৈ এজন লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.