ইণ্টাৰনেশ্যনেল ডেস্ক , 16 অক্টোবৰ : ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ প্ৰভাৱ আমেৰিকা যুক্তৰাষ্ট্ৰত ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত ইলিনয়ত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ ইছলাম ধৰ্মক বিশ্বাস কৰাৰ বাবে এজন 71 বছৰীয়া ব্যক্তিয়ে এটা 6 বছৰীয়া কণমানিক হত্যা কৰাৰ বিপৰীতে এগৰাকী মধ্যবয়স্ক মহিলাক আঘাত কৰে ৷ ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰ প্ৰতিক্ৰিয়া হিচাপে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷ এই ঘটনাৰ পিচতে ইহুদী আৰু মুছলমান সম্প্ৰদায়ৰ সংগঠনসমূহে সামাজিক মাধ্যমত ঘৃণনীয় আৰু ভাবুকিপূৰ্ণ বাক্যবাণ প্ৰক্ষেপ কৰি পোষ্ট শ্বেয়াৰ কৰে ৷
শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চহৰ আৰু ফেডাৰেল কৰ্তৃপক্ষৰ আৰক্ষীয়ে এণ্টিমেটিক বা ইছলামোফোবিক হিংসাৰ বাবে তীব্ৰ সতৰ্কতা অৱলম্বন কৰিছে ৷ ইলিনয়ত এগৰাকী 32 বছৰীয়া মহিলাই 6 বছৰীয়া সন্তানটোৰ লগত বাস কৰিছিল ৷ পৰিয়ালটোৱে মুছলমান ধৰ্মক বিশ্বাস কৰে ৷ তেনেতে তেওঁলোকৰ ঘৰৰ স্বত্বাধিকাৰীয়ে মহিলাগৰাকীৰ লগতে পুত্ৰক ছুৰিকাঘাত কৰে ৷
মহিলাগৰাকীয়ে সুযোগ বুজি 911 নম্বৰত ফোন কৰি ঘটনাৰ সন্দৰ্ভত অৱগত কৰে ৷ মহিলাগৰাকীয়ে প্ৰাণ বচাবলৈ লোকজনৰ সৈতে তুমূল সংঘৰ্ষ কৰি কোনোমতে প্ৰস্ৰাৱগাৰলৈ গৈ প্ৰাণ বচাবলৈ সক্ষম হয় ৷ তাৰ পিচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মাতৃ-সন্তানক হাস্পতালত ভৰ্তি কৰায় যদিও পুত্ৰই কৰুণ মৃত্যুক আকোঁৱালি লয় ৷ মাতৃগৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংঘটিত কৰা লোকজনক গ্ৰেপ্তাৰ কৰিছে ৷ লোকজনৰ কঁপালত ছুৰীৰে কটাৰ চিন পৰিলক্ষিত কৰা গৈছে ৷
এই ঘটনা পোহৰলৈ অহাৰ পিচতে উইল কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ৰ পৰা ছ’চিয়েল মিডিয়াত এক বিবৃতিযোগে উল্লেখ কৰে যে, ইজৰাইলীসকলৰ সৈতে চলি থকা সংঘৰ্ষৰ বাবে মুছলমান পৰিয়ালটোক লক্ষ্য কৰি লৈছিল ৷
"আমি জন্তু নহয়, আমি মানুহ ৷ আমি বিচাৰো যে মানুহে আমাৰ পৰিচয় জানক, আমাক মানুহ হিচাপে গণ্য কৰক ৷ মানুহ হিচাপে আমাৰ সৈতে ব্যৱহাৰ কৰক ৷ "1999 চনতে চনত আমেৰিকালৈ প্ৰব্ৰজন কৰা এজন পেলেষ্টাইন-আমেৰিকান হান্নান নামৰ লোকজনে এনেদৰে মন্তব্য প্ৰকাশ কৰে ৷ ইজৰাইল-হামাছৰ যুদ্ধ আৰম্ভ হোৱাৰ পিচত লোকজনে বহুতো ঘৃণামূলক কল আৰু ইমেইল লাভ কৰিছিল বুলিও মন্তব্য প্ৰকাশ কৰে ৷
এটা মুছলমান গোটৰ কাৰ্যবাহী সঞ্চালক আহমেদ ৰিহেবে কয়, "পেলেষ্টাইনসকলৰ সৈতে ঘটি থকা ঘটনাবোৰে তেওঁলোকৰ হৃদয় কঁপাই তুলিছে ৷ মুক্ত গণতন্ত্ৰত বিশ্বাস কৰা এখন দেশত লোকৰ জীৱনক সুৰক্ষাৰ বিষয়েও চিন্তা কৰিব লাগিব ৷"
লগতে পঢ়ক: Sudan war : ছুডানত যুদ্ধৰ ৬ মাহতে প্ৰায় ৯০০০ লোকৰ মৃত্যু