ইন্টাৰনেশ্যনেল ডেস্ক, ১১ জানুৱাৰী : বুধবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে চীন ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে । বুধবাৰে দুয়োৰে মাজত হোৱা বৈঠকৰ অন্তত চীন আৰু মালদ্বীপে ২০ খন বৃহৎ চুক্তি স্বাক্ষৰ কৰে । ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক কৌশলগত আৰু সহযোগিতামূলক অংশীদাৰিত্বলৈ আগুৱাই নিয়াৰ বাবেও সহমতত উপনীত হয় ।
চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ প্ৰতিবেদন অনুসৰি, দুয়ো ৰাষ্ট্ৰপতিৰ মাজত বহু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বিষয়ত আলোচনা হয় । দুয়োৰে সাক্ষাৎকাৰটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ শেহতীয়াকৈ মালদ্বীপ আৰু ভাৰতৰ সম্পৰ্কত কিছু বিভেদ আহি পৰিছে ।
চীনৰ ৰাষ্ট্ৰপতি ঝি আৰু তেওঁৰ পত্নী পেং লিয়ুয়ানে গ্ৰেট হল অৱ দ্য পিপলত মুইজু আৰু তেওঁৰ পত্নী ছাজিদা মহম্মদক আনুষ্ঠানিকভাৱে আদৰণি জনায় । ৰাষ্ট্ৰপতি হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰা মুইজুক ৰাজ্যিক আদৰণি জনোৱা হয় । মুইজুক ৰেড কাৰ্পেটত আদৰণি জনোৱা হয় আৰু ২১ বন্দুকৰ চেলুটো দিয়া হয় ।
দুয়ো ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ অনুষ্ঠানৰ সাক্ষী হৈছিল :
মালদ্বীপ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত এক পোষ্টযোগে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে বিয়লি মালদ্বীপ চৰকাৰ আৰু চীন চৰকাৰৰ মাজত ২০ খন বৃহৎ চুক্তি স্বাক্ষৰিত হয় । মালদ্বীপৰ অতিথিসকলৰ সন্মানত চীনৰ ৰাষ্ট্ৰপতিয়ে এক বৃহৎ ভোজৰো আয়োজন কৰে ।
চীনৰ সৈতে সু-সম্পৰ্ক মালদ্বীপৰ :
এই ভ্ৰমণৰ সময়ত মালদ্বীপ আৰু বেইজিঙৰ মাজত প্ৰত্যক্ষ বিমানৰ সুবিধা আৰম্ভ কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয় । ইয়াৰ দ্বাৰা মালদ্বীপৰ ছাত্ৰ-ছাত্ৰীসকলে চীনৰ প্ৰখ্যাত বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰ অধিক সুযোগ লাভ কৰিব । মুইজুৱে কয় যে মালদ্বীপে এক চীন নীতি দৃঢ়ভাৱে মানি চলে । ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব, স্বাধীনতা আৰু ভূখণ্ডৰ অখণ্ডতাই মালদ্বীপ-চীন সম্পৰ্কৰ অবিৰত আৰু শক্তিশালী বিকাশৰ সুদৃঢ় ভেঁটি ।
লগতে পঢ়ক : মালদ্বীপ পৰ্যটনত মোদী ধুমুহা; ক্ষতি মেৰামতিৰ উদ্যোগ পৰ্যটন বিভাগৰ