ইন্টাৰনেশ্যনেল ডেস্ক, 1 জানুৱাৰী : বিশ্বৰ বিভিন্ন প্ৰান্তত মাজনিশা ইংৰাজী নতুন বৰ্ষক লৈ আনন্দ-উল্লাস পৰিৱেশ দেখা গ’ল ৷ বিভিন্ন চহৰত আলোক সজ্জাৰে ৰঙীন হৈ পৰিছিল, আয়োজন কৰা হৈছে ব্যতিক্ৰমী অনুষ্ঠানৰ ৷ কিন্তু পাকিস্তানৰ ৰাজধানী কৰাচীত একাংশ লোকে আনন্দ ফূৰ্তিতে শূন্যলৈ গুলীচালনা কৰি ইংৰাজী নৱ বৰ্ষটোক আদৰিলে ৷ সেই আনন্দ ফূৰ্তিতে শূন্যলৈ গুলীচালনাৰ ফলত 11 জনকৈ লোক আহত হৈছে ৷
নিশা হোৱা ঘটনাৰ পাছতে তৎপৰ হৈছে কৰাচী আৰক্ষীয়ে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কয়, ‘‘ইংৰাজী নৱবৰ্ষৰ আদৰা অনুষ্ঠানত একাংশ লোকে শূন্যলৈ গুলীচালনা কৰিছিল ৷ কৰাচীৰ বিভিন্ন স্থানত কেইবাটাও স্থানত শূন্যলৈ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ৷ প্ৰথমটো ঘটনা সিন্ধুৰ গুলশন টাউনৰ সমীপৰ বাহাদুৰাবাদত হৈছিল ৷ ফলত সাত বছৰীয়া এটি শিশু আহত হয় । ইফালে ফাইভ ষ্টাৰ চৌধুৰীত হোৱা গুলীচালনাত তিনিজন, চি ভি উত আন দুজন আৰু লিয়াকত আবাদ আৰু উত্তৰ নাজিমাবাদত এজনকৈ লোক আহত হৈছে ৷’’
কৰাচী আৰক্ষী প্ৰধান খাদিম হুছেইন ৰিন্দে কয়, ‘‘ নৱবৰ্ষৰ সময়ত শূনলৈ গুলীচালনাৰ বাবে কৰা লোকৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু সন্ত্ৰাসবাদৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে ৷ ঘটনাৰ সন্দৰ্ভত অভিযুক্ত বিচাৰি বজাৰ আৰু মছজিদত জাননী ৰখাৰ প্ৰয়োজনীয়তা আৰু যিকোনো হিংসাত্মক ঘটনাৰ প্ৰতিহত কৰিবলৈ আৰক্ষী কঠোৰ হৈছে ৷’’
ইফালে কৰাচীত শূন্যলৈ গুলীচালনা আৰু আগ্নেয়াস্ত্ৰ কঢ়িয়াই নিয়া বা প্ৰদৰ্শন কৰাৰ ওপৰত দুদিনীয়া নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে । এই কথা জানিবলৈ দিছে পাক সংবাদমধ্যম এ আৰ ৱাইয়ে ৷
লগতে পঢ়ক : লোহিত সাগৰত মালবাহী জাহাজক লৈ আমেৰিকাৰ সেনা- হুথি বিদ্ৰোহীৰ মাজত সংঘৰ্ষ