ETV Bharat / international

ডাউদ ইব্ৰাহিমৰ বিষক্ৰিয়াৰ ঘটনাৰ পিছত গৃহবন্দী জাভেদ মিয়াঁদাদক

Dawood Ibrahim Poisoning Case : জাভেদ মিয়াঁদাদক পাকিস্তান আৰক্ষীয়ে পৰিয়ালটোৰ সৈতে নিজৰ ঘৰতে গৃহবন্দী কৰি ৰাখিছে । গৃহবন্দীৰ এই ঘটনাটো ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ডাউদক বিষাক্ত পদাৰ্থ প্ৰদান কৰা হৈছে । যাৰ ফলত তেওঁ কৰাচীত চিকিৎসাধীন হৈ আছে ।

Javed Miandad house arrested
ডাউদ ইব্ৰাহিমৰ বিষক্ৰিয়াৰ ঘটনাৰ পিছত গৃহবন্দী জাভেদ মিয়াঁদাদক
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 6:47 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৮ ডিচেম্বৰ : এইবাৰ ডাউদ ইব্ৰাহিমৰ অসুস্থতাৰ ঘটনাত সাঙোৰ খাই পৰিছে পাকিস্তানৰ এগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰ । তেওঁ হৈছে জাভেদ মিয়াঁদাদ । উল্লেখ্য যে পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিয়াঁদাদে প্ৰায়ে তেওঁৰ কিছুমান অদ্ভূত কৰ্মকাণ্ডৰ বাবে চৰ্চাত থাকে । বৰ্তমান পুনৰ এবাৰ তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

  • Entire family of former Pakistani cricketer Javed Miandad has been put under house arrest by the Pakistan Army and ISI 🔥🔥

    Javed Miyadad is a close relative of terrorist Dawood Ibrahim. There is something big which Pakistan is hiding⚡
    UNKNOWN MEN have created havoc in Karachi… pic.twitter.com/WPiHmZ9IoN

    — Meetali Singh (@SYMeetali) December 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এইবাৰ তেওঁৰ চৰ্চালৈ অহাৰ কাৰণ হৈছে আণ্ডাৰৱৰ্ল্ড ডন তথা সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিম । ডাউদৰ সাম্প্ৰতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত মিয়াঁদাদ আৰু তেওঁৰ সমগ্ৰ পৰিয়ালটোক পাকিস্তানী আৰক্ষীয়ে গৃহবন্দী কৰি ৰাখিছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ ম'ষ্ট ৱাণ্টেড ডাউদক কোনো অজ্ঞাত লোকে বিষ সেৱন কৰাইছে ।

তাৰ পিছত গুৰুতৰভাৱে অসুস্থ হৈ পৰা ডাউদক কৰাচীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তাত তেওঁ চিকিৎসাধীন হৈ আছে যদিও স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে, চিকিৎসালয়খনৰ এটা মহলা সম্পূৰ্ণভাৱে ডাউদৰ বাবেই আছুতীয়াকৈ প্ৰদান কৰা হৈছে । তাত তেওঁৰ চিকিৎসা চলি আছে ।

  • Dawood Ibrahim allegedly poisoned by Javed Miandad's daughter after she refused his advances for halala.
    Sources say Miandad has already gone underground as Dawood's condition is critical

    — Akshat Deora (@tigerAkD) December 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, জাভেদ মিয়াঁদাদক বৰ্তমান পাকিস্তান আৰক্ষীয়ে সতৰ্কতামূলক পদক্ষেপ হিচাপে গৃহবন্দী কৰি ৰাখিছে । উল্লেখ্য যে ডাউদ আৰু মিয়াঁদাদ হৈছে আত্মীয় । ডাউদৰ ডাঙৰ জীয়াৰী মাহৰুখ ইব্ৰাহিম মিয়াঁদাদৰ পুত্ৰ জুনেইদ মিয়াঁদাদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোক দুয়ো এই সম্পৰ্কৰ বাবে বিয়ৈ ।

ইফালে পাকিস্তানী সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ডাউদ ইব্ৰাহিমৰ অৱস্থা অতি সংকটজনক হৈ আছে । উল্লেখ্য যে ডাউদৰ জন্ম মুম্বাইত । তেওঁ ১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ গোচৰত অভিযুক্ত অপৰাধী । ক্ৰিকেট খেলৰ সময়ত ডাউদক প্ৰায়ে ষ্টেডিয়ামত খেল উপভোগ কৰা দেখা গৈছিল । আনহাতে, ডাউদৰ সাম্প্ৰতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানী ক্ৰিকেটাৰজনৰো সমস্যা বৃদ্ধি পাইছে ।

জাভেদ মিয়াঁদাদে পাকিস্তানৰ হৈ ১২১ খন টেষ্ট মেচৰ ১৮৯ টা ইনিংছত ২৩ টা শতক আৰু ৪৩ টা অৰ্ধশতকৰ সৈতে মুঠ ৮৮৩২ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, ২২৩ খন এদিনীয়া মেচৰ ২১৮ টা ইনিংছত তেওঁ ৮ টা শতক আৰু ৫০ টা অৰ্ধশতকসহ মুঠ ৭৩৮১ ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ উপৰি তেওঁৰ টেষ্টত ১৭ টা আৰু এদিনীয়াত ৭ টা উইকেটো আছে ।

লগতে পঢ়ক :আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমক ‘বিহ’ দিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.