ETV Bharat / international

North Korea missile over Japan: আৱাসীসকলক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান জাপানৰ

author img

By

Published : Oct 4, 2022, 11:58 AM IST

কিয়োডো নিউজৰ (Kyodo News) উদ্ধৃতিঅনুসৰি, মুখ্য কেবিনেট সচিব হিৰোকাজু মাৎসুনোৱে কয় যে উত্তৰ-পূব জাপান পাৰ হোৱাৰ পিছত মিছাইলটো স্থানীয় সময়মতে পুৱা প্ৰায় ৭.৪৪ বজাত জাপানৰ একচেতীয়া অৰ্থনৈতিক ক্ষেত্ৰৰ বাহিৰত প্ৰশান্ত মহাসাগৰত পৰা বুলি ধাৰণা কৰা হৈছে (North Korea fires missile) ।

Japan
Japan

ইণ্টাৰনেচনেল ডেস্ক, ৪ অক্টোবৰ : উত্তৰ কোৰিয়াই টকিঅ'ৰ ওপৰেৰে উৰি যোৱা এটা অচিনাক্ত বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত (North Korea fired ballistic missile over Tokyo) জাপানে মঙলবাৰে আৱাসীসকলক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান জনায় । কিয়োডো নিউজৰ মতে, মঙলবাৰে পুৱতি নিশা চৰকাৰে জাপানৰ উত্তৰতম মুখ্য দ্বীপ হোক্কাইডো আৰু দেশখনৰ উত্তৰ-পূব প্ৰান্ত আওমৰিৰ বাসিন্দাসকলক অট্টালিকাৰ ভিতৰত থাকিবলৈ আহ্বান জনাই এক সতৰ্কবাণী জাৰি কৰে ।

কিয়োডো নিউজৰ (Kyodo News) উদ্ধৃতিঅনুসৰি, এক সংবাদমেলত মুখ্য কেবিনেট সচিব হিৰোকাজু মাৎসুনোৱে (Chief Cabinet Secretary of Japan) কয় যে উত্তৰ-পূব জাপান পাৰ হোৱাৰ পিছত মিছাইলটো স্থানীয় সময়মতে পুৱা প্ৰায় ৭.৪৪ বজাত জাপানৰ একচেতীয়া অৰ্থনৈতিক ক্ষেত্ৰৰ বাহিৰত প্ৰশান্ত মহাসাগৰত (Pacific Ocean) পৰা বুলি ধাৰণা কৰা হয় ।

ইফালে দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে (South Korean military) কয় যে উত্তৰ কোৰিয়াই উত্তৰ প্ৰদেশ জাগাঙৰ মুপয়ং-ৰিৰ পৰা পূব দিশত এটা মধ্য-দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰে (North Korea fires missile) । জাপান চৰকাৰৰ সূত্ৰৰ উদ্ধৃতি দি কিয়োডো নিউজে জনাইছে যে বিমান বা জাহাজৰ ক্ষয়-ক্ষতিৰ কোনো তাৎক্ষণিক খবৰ পোৱা হোৱা নাই ।

উল্লেখ্য, ইয়াৰ পূৰ্বে উত্তৰ কোৰিয়াই যোৱা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰ (United States) আৰু দক্ষিণ কোৰিয়াৰ সৈতে জড়িত যুটীয়া নৌ আখৰাৰ বিৰুদ্ধে এক স্পষ্ট প্ৰতিবাদত শনিবাৰে মিছাইল নিক্ষেপ কৰে । সংবাদ মাধ্যমৰ সূত্ৰত এই কথা প্ৰকাশ ।

লগতে পঢ়ক :চীনত বন্ধ Google Translate সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.