ETV Bharat / international

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত ৩ সন্ত্ৰাসবাদীসহ ৫ পেলেষ্টাইনী - Israel Hamas war

গাজাৰ ৱেষ্ট বেংকত ইজৰাইলী বাহিনীৰ আক্ৰমণ অব্যাহত আছে । শুকুৰবাৰে নিশা ইজৰাইলী বাহিনীৰ এক অভিযানত ৩ সন্ত্ৰাসবাদীসহ ৫ জন পেলেষ্টাইনী নিহত হোৱাৰ খবৰ পোৱা গৈছে ।

Israeli troops kill 5 Palestinians
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত ৩ সন্ত্ৰাসবাদীসহ ৫ পেলেষ্টাইনী
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 1:33 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ : ইজৰাইলী বাহিনীয়ে গাজাত আক্ৰমণ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ইজৰাইলী বাহিনীৰ আক্ৰমণত শুকুৰবাৰে গাজাৰ ৱেষ্ট বেংকত (পশ্চিম তীৰ) ৩ সন্ত্ৰাসবাদীসহ ৫ জন পেলেষ্টাইনী নিহত হয় । ইফালে ৭ অক্টোবৰত গাজা যুদ্ধ আৰম্ভ হোৱাৰ পাছত ৱেষ্ট বেংকত নিহত হোৱা পেলেষ্টাইনীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি পাইছে । ২০০০ চনৰ দ্বিতীয় পেলেষ্টাইনী বিদ্ৰোহৰ পাছত এই অঞ্চলটো আটাইতকৈ ভয়ংকৰ পৰিস্থিতিৰ মাজত আছে । ইজৰাইলে দাবী কৰিছে যে তেওঁলোকৰ এই অভিযানৰ লক্ষ্য হৈছে গাজাৰ শাসকীয় হামাছ আৰু পশ্চিম তীৰত সক্ৰিয় অন্যান্য সন্ত্ৰাসবাদী সংগঠন । কিন্তু গাজাৰ নেতৃত্বাধীন গোটে দাবী কৰা মতে ই হৈছে এক ইজৰাইলী কৌশল ।

উল্লেখ্য যে ৭ অক্টোবৰত গাজাৰ হামাছ সন্ত্ৰাসবাদীয়ে ইজৰাইলত প্ৰৱেশ কৰি কমেও ১,২০০ গৰাকী লোকক হত্যা কৰি ২৪০ জন লোকক অপহৰণ কৰাৰ ফলতে যুদ্ধৰ সূত্ৰপাত হয় । হামাছ শাসিত গাজাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ মতে ইজৰাইলে যুদ্ধ আৰম্ভ কৰাৰ পাছত গাজাত ১১,০০০ ৰো অধিক লোকৰ নিহত হৈছে । তাৰ বেছিভাগেই সাধাৰণ নাগৰিক বুলি দাবী কৰিছে । একে সময়তে, ইজৰাইলে সমগ্ৰ ৱেষ্ট বেংকত (পশ্চিম তীৰ) সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

বৃহস্পতিবাৰে নিশা ইজৰাইলৰ সামৰিক বাহিনীয়ে ট্ৰাক আৰু বুলড’জাৰ লৈ জেনিন শৰণাৰ্থী শিবিৰত প্ৰৱেশ কৰে আৰু কেইবাটাও অট্টালিকাৰ ওপৰত স্নাইপাৰ স্থাপন কৰে । হামাছ সন্ত্ৰাসবাদীৰ সৈতে ইজৰাইলৰ সামৰিক বাহিনীৰ গুলীয়াগুলিও হয় ।

এটা সময়ত, ইজৰাইলৰ এখন যুদ্ধ বিমানে সন্ত্ৰাসবাদীসকলক লক্ষ্য কৰি লয়। ইজৰাইলী সামৰিক বাহিনীয়ে দাবী কৰা মতে ইয়াৰ ফলত ৩ সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীকেইটা ইছলামিক জিহাদ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি জানিব পৰা গৈছে ।

ইয়াৰ বিপৰীতে পেলেষ্টাইনী স্বাস্থ্য বিষয়াসকলে দাবী কৰিছে যে এই আক্ৰমণত প্ৰায় ১৫গৰাকী লোক আহত হৈছে। ৪ জনৰ অৱস্থা অতি গুৰুতৰ বুলিও উল্লেখ কৰা হৈছে। আহতসকলক চিকিৎসালয়লৈ অনা হয় যদিও ইজৰাইলী বাহিনীয়েও অনুসৰণ কৰে আৰু চিকিৎসালয়ত উপস্থিত হয় । চিকিৎসালয়খনৰ চিকিৎসকৰ মতে ইজৰাইলী বাহিনীয়ে তেওঁলোকক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিছিল ।

লগতে পঢ়ক :আন্তৰ্জাতিক ফৌজদাৰী আদালতত বিচাৰ হ’ব পেলেষ্টাইনৰ ভূখণ্ডত সংঘটিত অপৰাধৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.