ETV Bharat / international

হামাছৰ নেতাক লক্ষ্য কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত হামাছৰ দ্বিতীয় সৰ্বোচ্চ পদবীৰ ৰাজনৈতিক নেতা

author img

By PTI

Published : Jan 3, 2024, 8:26 AM IST

Israeli strike in the Lebanese capital of Beirut : গাজাৰ পাচত লেবাননটো ইজৰাইলে চলালে আক্ৰমণ ৷ ইজৰাইলে চলোৱা আক্ৰমণত হামাছৰ দ্বিতীয় সৰ্বোচ্চ পদবীৰ ৰাজনৈতিক নেতা চালেহ আৰুৰীয়ে নিহত হৈছে বুলি জানিব পৰা গৈছে ৷

Israeli strike in the Lebanese capital of Beirut
হামাছৰ নেতাক লক্ষ্য কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ

ইন্টাৰনেশ্যনেল ডেস্ক, 3 জানুৱাৰী: অধিক ভয়াবহ হোৱাৰ দিশে ইজৰাইল-হামাছৰ যুদ্ধ ৷ মঙলবাৰে লেবাননৰ ৰাজধানী বেইৰুতত ইজৰাইলে চলোৱা আক্ৰমণত হামাছৰ দ্বিতীয় সৰ্বোচ্চ পদবীৰ ৰাজনৈতিক নেতা নিহত হৈছে ৷ নিহত হামাছৰ নেতাজনৰ নাম চালেহ আৰুৰী ৷ উল্লেখ্য যে, হামাছৰ আটাইতকৈ জ্যেষ্ঠ চালেহ আৰুৰী গোটটোৰ সামৰিক শাখাৰ প্ৰতিষ্ঠাপক আছিল । তেওঁৰ মৃত্যুৰ পাছতে লেবাননত শক্তিশালী হৈ থকা হিজবুল্লাহে ইজৰাইলত আক্ৰমণ কৰিব পাৰে ৷ ফলত মধ্য প্ৰাচ্যৰ দেশসমূহত অধিক যুদ্ধৰ আশংকা কৰা হৈছে ৷ মঙলবাৰে বেইৰুতৰ শ্বেইতী জিলাৰ এটা অট্টালিকাত ইজৰাইলে আক্ৰমণ কৰিছিল ৷ যি আছিল হিজবুল্লাহৰ দুৰ্গ ৷

ইফালে ইজৰাইলে চলোৱা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি উল্লেখ কৰে হিজবুল্লাহ নেতা চৈয়দ হাছান নাছৰাল্লাহে ৷ উল্লেখ্য যে, গাজাত ইজৰাইলে চলোৱা সামৰিক অভিযানৰ পাছৰে পৰা হিজবুল্লাহ আৰু ইজৰাইলী সামৰিক বাহিনীৰ মাজত দৈনিক ইজৰাইল-লেবানন সীমান্তত গুলীয়াগুলী চলি থাকে ৷ লেবাননৰ চৰকাৰী ৰাষ্ট্ৰীয় সংবাদ সংস্থাই কৈছিল যে, ইজৰাইলে বেইৰুতত ড্ৰোনেৰে আক্ৰমণ কৰিছিল ৷

আনহাতে, হিজবুল্লাহ গোটৰ সদস্য নিহত হৈছে নে নাই সেই সন্দৰ্ভত ইজৰাইলৰ সেনাই কোনো মন্তব্য দিয়া নাই ৷ কিন্তু হামাছৰ বিৰুদ্ধে যুঁজ দিয়াত হে অধিক মনোনিৱেশ কৰা হৈছে বুলি সাংবাদিকৰ সৈতে বাৰ্তালাপত উল্লেখ কৰে ইজৰাইলৰ সামৰিক মুখপাত্ৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে আৰৌৰীয়ে ৷ তেওঁ লগতে কয়, "আমি যিকোনো পৰিস্থিতিৰ বাবে সাজু আছো ।’’

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হামাছক চূৰ্ণ-বিচূৰ্ণ নোহোৱালৈকে গাজাত আক্ৰমণ চলি থাকিব বুলি ঘোষণা কৰিছিল ৷ বিপৰীতে সোমবাৰে ইজৰাইলী সামৰিক বাহিনীয়ে গাজা ষ্ট্ৰিপৰ পৰা হাজাৰ হাজাৰ সৈন্য উভতাই আনিছে ৷ ইফালে গাজাত হামাছে এতিয়াও বন্দী কৰি ৰাখিছে প্ৰায় 100ৰো অধিক লোকক ৷

লগতে পঢ়ক : যুদ্ধৰ সমাপ্তি নে নতুন পৰিকল্পনা ? গাজাৰ পৰা কেইবা হাজাৰ সেনা প্ৰত্যাহৰ ইজৰাইলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.