ETV Bharat / international

Israeli Gaza war: যুদ্ধবিৰতিৰ বাবে সন্মত নহয় ইজৰাইল

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সোমবাৰে স্পষ্ট কৰি দিয়ে যে ইজৰাইলে যুদ্ধবিৰতিৰ বাবে সন্মত নহয় । ইজৰাইল আৰু গাজাৰ মাজত যুদ্ধবিৰতিৰ আহ্বান, হামাছাৰ ওচৰত ইজৰাইলৰ আত্মসমৰ্পণ কৰাৰ দৰে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 9:32 AM IST

Israeli Prime Minister Benjamin Netanyahu on ceasefire
যুদ্ধবিৰতিৰ বাবে সন্মত নহয় ইজৰাইল

নিউজ ডেস্ক, 31 অক্টোবৰ : ইজৰাইল আৰু গাজাৰ যুদ্ধই বৰ্বৰ ৰূপ ধাৰণ কৰিছে ৷ শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সোমবাৰে স্পষ্ট কৰি দিয়ে যে ইজৰাইল যুদ্ধবিৰতিৰ বাবে সন্মত নহয় । প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ইজৰাইল আৰু গাজাৰ মাজত যুদ্ধবিৰতিৰ আহ্বান, হামাছাৰ ওচৰত ইজৰাইলৰ আত্মসমৰ্পণ কৰাৰ দৰে ৷ পাৰ্ল হাৰ্বাৰত বোমা বিস্ফোৰণ আৰু 9/11 ৰ দৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আপোচ কেতিয়াও সম্ভৱ নহয় ৷ তাৰোপৰি ৭ অক্টোবৰৰ ভয়ংকৰ আক্ৰমণৰ পিচত ইজৰাইলে হামাছৰ দৰে সংগঠনৰ সৈতে শত্ৰুতাৰ অৱসান ঘটাবলৈ সন্মত নহয় ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, "যুদ্ধবিৰতিৰ আহ্বান হৈছে সন্ত্ৰাসবাদৰ ওচৰত আত্মসমৰ্পণ কৰা, বৰ্বৰতাৰ ওচৰত আত্মসমৰ্পণ কৰাৰ আহ্বান। এনেকুৱা কেতিয়াও নহয় । বাইবেলে কৈছে যে শান্তি আৰু যুদ্ধৰ সময় আছে।"

এই যুদ্ধক ৰাষ্ট্ৰখনৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰী নেতান্যাহুৱে কয় যে, সকলোৱে সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে যে, এতিয়া ভৱিষ্যতৰ বাবে যুঁজিবলৈ ইচ্ছুক নে অত্যাচাৰ আৰু সন্ত্ৰাসৰ ওচৰত আত্মসমৰ্পণ কৰিব। তেওঁ লগতে উল্লেখ কৰে যে, ইজৰাইলে যোৱা ৭ অক্টোবৰৰ পৰা যুদ্ধ অব্যাহত ৰাখিছে ৷

নেতান্যহুৱে উল্লেখ কৰে, "যোৱা ৭ অক্টোবৰত হামাছৰ বৰ্বৰতাই আমাক সোঁৱৰাই দিছে উজ্জ্বল ভৱিষ্যতৰ সপোন পূৰণ কৰিবলৈ হ’লে আমি সভ্য পৃথিৱীত বাস কৰি বৰ্বৰ একাংশৰ সৈতে যুঁজিবলৈ সাজু হ’ব লাগিব ৷ এয়া নেতা আৰু ৰাষ্ট্ৰখনৰ বাবে এক টাৰ্ণিং পইণ্ট।"

ইজৰাইলে এই যুদ্ধ আৰম্ভ কৰা নাই। ইজৰাইলে এই যুদ্ধ বিচৰা নাছিল। কিন্তু ইজৰাইলে এই যুদ্ধত জয়ী হ'ব। ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ বিষয়ে আৰু হামাছক পুঁজি যোগান ধৰাত ইৰাণৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ হামাছে আক্ৰমণৰ সময়ত পিতৃ-মাতৃৰ সন্মুখত শিশুসকলক হত্যা কৰাৰ লগতে, জীৱন্তে লোকসকলক জ্বলাই দিছিল, মহিলাক ধৰ্ষণ কৰিছিল, পুৰুষৰ শিৰচ্ছেদ কৰিছিল, গণহত্যাৰ পৰা বাচি যোৱা সকলক অত্যাচাৰ কৰিছিল। তেওঁলোকে শিশুসকলক নিৰ্মমভাৱে অপহৰণ কৰিছিল ৷ হামাছৰ আক্ৰমণ তেওঁলোকে কল্পনা কৰাতকৈ অধিক ভয়ংকৰ আছিল ৷

লগতে পঢ়ক: Air Marshal PK Barbora Passes Away : ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী অসমীয়া শীৰ্ষ বিষয়া পি কে বৰবৰাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.