ETV Bharat / international

Israeli Palestinian clash : ইজৰাইলী সামৰিক বাহিনীৰ হাতত নিহত ৩ পেলেষ্টাইন উগ্ৰপন্থী

author img

By

Published : Jul 25, 2023, 3:48 PM IST

ৱেষ্ট বেংকত ইজৰাইল-পেলেষ্টাইনৰ সংঘাত বৃদ্ধি পাইছে । ইয়াৰ মাজতে ইজৰাইলী সামৰিক বাহিনীৰ হাতত নিহত হয় ৩ পেলেষ্টাইন উগ্ৰপন্থী । ক'লা ৰঙৰ এখন বাহনৰ ভিতৰত আছিল উগ্ৰপন্থীকেইটা ।

Israeli Palestinian clash
ইজৰাইলী সামৰিক বাহিনীৰ হাতত নিহত ৩ পেলেষ্টাইন উগ্ৰপন্থী

নেশ্যনেল ডেস্ক,২৫ জুলাই : ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে । ইয়াৰ মাজতে পেলেষ্টাইনৰ ৱেষ্ট বেংকত গুলীচালনা । ইজৰাইলী সামৰিক বাহিনীৰ গুলীত নিহত ৩ পেলেষ্টাইন বন্দুকধাৰী । ইজৰাইলী সামৰিক বাহিনীয়ে জনোৱা মতে মঙলবাৰে তেওঁলোকে পেলেষ্টাইন বন্দুকধাৰী কেইজনক লক্ষ্য কৰি গুলীচালনা কৰে ।

ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে জনোৱা মতে অঞ্চলটোৰ বাণিজ্যিক ৰাজধানী নাবলুছৰ ৱেষ্ট বেংক চহৰত এখন গাড়ীৰ পৰা পেলেষ্টাইন উগ্ৰপন্থীকেইটাই গুলীয়াইছিল আৰু ইজৰাইলী সামৰিক বাহিনীয়ে তাৎক্ষণিতভাৱে প্ৰত্যুত্তৰ দিয়ে আৰু পেলেষ্টাইনৰ উগ্ৰপন্থীক লক্ষ্য কৰি গুলীচালনা কৰে । নিৰাপত্তা বাহিনীয়ে জনোৱা মতে ক'লা ৰঙৰ এখন বাহনৰ ভিতৰত আছিল উগ্ৰপন্থীকেইটা ।

পেলেষ্টাইনৰ সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰা মতে নাবলুছৰ ওচৰত থকা এটা ইহুদী বসতিৰ ওচৰত থকা ইজৰাইলী বাহিনীৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণৰ চেষ্টাৰ পাছতে নিৰাপত্তা বাহিনীয়ে এই অভিযান চলাইছিল । ইজৰাইলী সামৰিক বাহিনীয়ে কোৱা মতে বাহনখনৰ পৰা ৩ টা এম-১৬ ৰাইফল আৰু অন্যান্য সঁজুলি জব্দ কৰা হৈছে । উল্লেখ্য যে ১৯৬৭ চনৰ মধ্যপ্ৰাচ্য যুদ্ধত ইজৰাইলে জৰ্ডানৰ পৰা দখল কৰা অঞ্চলটোত ইজৰাইল-পেলেষ্টিনিয়ানৰ সংঘাত বৃদ্ধি পাইছে । পেলেষ্টিনিয়ানসকলে পূব জেৰুজালেম আৰু গাজা ষ্ট্ৰিপৰ সৈতে অধিকৃত ৱেষ্ট বেংকো বিচাৰে ।

শেহতীয়া দিনবোৰত, ৱেষ্ট বেংসত স্থানীয় সশস্ত্ৰ পেলেষ্টাইন গোটবোৰে ইজৰাইলীসকলৰ বিৰুদ্ধে সঘনাই গুলীচালনা আৰু আক্ৰমণ চলাই থকা দেখা গৈছে । যাৰ বাবে অঞ্চলটোত প্ৰায় দৈনিক ইজৰাইলী সামৰিক অভিযান দেখা যায় । এই মাহৰ আৰম্ভণিতে এনে সংঘাতৰ ফলত ১২ জন পেলেষ্টাইনী আৰু এজন ইজৰাইলী সৈনিক নিহত হৈছিল ।

তথ্য অনুসৰি এই বছৰ এতিয়ালৈকে, ৱেষ্ট বেংকত ১৫০ৰো অধিক পেলেষ্টিনিয়ান নিহত হৈছে । সেইসকলৰ প্ৰায় আধা সংখ্যকে উগ্ৰপন্থী গোটৰ সৈতে জড়িত আছিল আৰু ইজৰাইলৰ সামৰিক অভিযানৰ সময়ত তেওঁলোক নিহত হয় । তাৰ ভিতৰত একাংশ নিৰীহ লোকো আছে । সমান্তৰালকৈ ইজৰাইলীসকলক লক্ষ্য কৰি কৰা পেলেষ্টাইনীসকলৰ আক্ৰমণত এই বছৰ কমেও ২৫ জন লোক নিহত হৈছে ।

লগতে পঢ়ক :Indonesian Boat Accident : ইণ্ডোনেছিয়াত নৌকা দুৰ্ঘটনাত নিহত ১৫, সন্ধানহীন ১৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.