ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ মে' : ইছৰাইলত পেলেষ্টিনিয়ান ইছলামিক জিহাদে ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে (Palestinian Islamic Jihad fired rockets)। শ শ ৰকেটেৰে ইজৰাইলত আক্ৰমণ কৰাৰ ফলত সাধাৰণ নাগৰিকসকল শংকতি হৈ পৰিছে । ইফালে শেহতীয়াকৈ কিবুটজ নিৰিমত এনে ৰকেট আক্ৰমণৰ বাবে বহু লোকে নিৰাপদ স্থানলৈ স্থানান্তৰ হৈছে । বহু লোকে নিজ দেশতে শৰণাৰ্থী হিচাপে আশ্ৰয় ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে ইছৰাইলৰ সাম্প্ৰতিক পৰিৱেশৰ কথা বৰ্ণনা কৰি আৱেগিক এগৰাকী ৬৪ গৰাকী মহিলা ।
কিবুটজ নিৰিমত থকা তেওঁৰ ঘৰটো খালী কৰি নেতান্যাছ ৰামদা হোটেলত আশ্ৰয় লোৱা ৰিনাত গালিলিয়ে কয় যে নিজৰ দেশতে শৰণাৰ্থী হোৱাটো সহজ নহয় । বহু সুবিধা থকা হোটেলত আছে যদিও এয়া বলপূৰ্বক আৰু ইয়াক কোনেও ভাল নাপায় বুলি উল্লেখ কৰে গালিলিয়ে । তেওঁ উল্লেখ কৰা মতে নিজৰৰ ঘৰৰ পৰা বিতাড়িত হোৱাতকৈ তেওঁ ছুটিত থাকিবলৈ হে ভাল পায় (Refugees worried about Israel crisis)।
উল্লেখ্য যে ইজৰাইলৰ ওপৰত শ শ ৰকেট নিক্ষেপ কৰাৰ ফলত গালিলি নামৰ ৬৪ বছৰীয়া থেৰাপিষ্ট আৰু সমাজকৰ্মীগৰাকীয়ে নিৰিমত থকা তেওঁৰ ঘৰটো খালী কৰিবলৈ বাধ্য হৈছিল । প্ৰায় ৫০০ গৰাকী লোকে বাস কৰা কিবুটজ গাজা সীমান্তৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত । তেওঁ উল্লেখ কৰা মতে তেওঁ তিনি দিন ধৰি হোটেলৰ ভিতৰত আৱদ্ধ হৈ আছে । হোটেলখন ভাল যদিও গাজা সংঘৰ্ষৰ ফলত তেওঁ ক'লৈ যাব লাগে বাছনি কৰিবলৈ সক্ষম নহ'ল ।
নিৰিমত ৰকেট আক্ৰমণৰ ফলত অঞ্চলটোৰ লোকসকলক স্থানান্তৰিত কৰা হৈছে (Rocket attack at Nirim)। ইয়াৰ পাচত কিবুটজৰ বাসিন্দাসকল ক'ত যাব তাৰ সিদ্ধান্ত কোনেও ল'ব পৰা নাই । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এটা বিশেষ বিভাগ আছে যিয়ে সিদ্ধান্ত লয় কিবুটজ কাৰ হাতলৈ যাব । জনসংখ্যাৰ আকাৰ আৰু অন্যান্য মাপকাঠি অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সিদ্ধান্ত ল'ব বুলি তেওঁ উল্লেখ কৰে । ইয়াৰ মাজতে হাজাৰ হাজাৰ ইজৰাইলীক দেশৰ চাৰিওফালৰ সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হৈছে ।
উল্লেখ্য যে শিশুসহ নিৰিমৰ প্ৰায় ২০০ গৰাকী লোকক হোটেলত একেলগে আছে । কিন্তু আন ১০০-১৫০ গৰাকী লোক এতিয়াও সুৰক্ষিত নহয় । কিবুটজৰ বাসিন্দাৰ পোহনীয় পশু, কৃষি পথাৰ আদিৰ সুৰক্ষাৰ প্ৰয়োজন বুলিও মহিলাগৰাকীয়ে দাবী কৰে ।
বলপূৰ্বকভাৱে এনেদৰে কিমান দিন থাকিব লাগিব তাৰ কোনো নিশ্চয়তা নাই । গালিলিয়ে উল্লেখ কৰা মতে সম্ভৱত যুদ্ধবিৰতি আৰম্ভ হোৱালৈকে তেওঁলোকে নিজৰ ঘৰৰ পৰা আঁতৰি থাকিব লাগিব । মুঠতে ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষই এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক :Palestinian Islamic Jihad Targets Jerusalem : জেৰুজালেমত পেলেষ্টাইনী ইছলামিক জিহাদৰ ৰকেট আক্ৰমণ