নেশ্যনেল ডেস্ক, 10 নৱেম্বৰ : ইজৰাইলে উত্তৰ গাজাৰ নিৰ্বাচিত অঞ্চলত দৈনিক 4 ঘণ্টীয়া সামৰিক অভিযান আৰম্ভ কৰিব ৷ যাতে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সংস্থাসমূহৰ পৰা মানৱীয় সাহায্য গাজাৰ পৰিবেষ্টিত অঞ্চলটোলৈ প্ৰেৰণ কৰিব পৰা যায় । বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে হোৱাইট হাউছে । হোৱাইট হাউছৰ বিষয়াসকলৰ উদ্ধৃতি দি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ কৰা অনুসৰি এই বিৰতিৰ উদ্দেশ্য হৈছে ঘেৰাও কৰা অঞ্চলটোলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰা আৰু সাধাৰণ নাগৰিকক যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ দিয়া ৷
ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয় যে ইজৰাইলে যুদ্ধ বিৰতিৰ সময় তিনি ঘণ্টা আগতেই ঘোষণা কৰিব । ইয়াক ‘‘সঠিক দিশত উঠোৱা এক পদক্ষেপ’’ বুলি অভিহিত কৰি কিৰ্বিয়ে কয় যে, ‘‘ইজৰাইলীসকলে আমাক কৈছে যে বিৰতিৰ সময়ছোৱাত এই অঞ্চলসমূহত কোনো সামৰিক অভিযান নহ’ব আৰু সেই প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে’’ ।
ইজৰাইলে চাৰি ঘণ্টীয়া বন্ধৰ অনুমতি দিয়াৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো প্ৰশাসনে মানৱীয় সাহায্য যাতে প্ৰৱেশ কৰিব পাৰে আৰু মানুহে নিৰাপদে ওলাই যাব পাৰে তাৰ বাবে বহু প্ৰচেষ্টা চলোৱাৰ পিচত লৈছে । কিৰ্বিয়ে কয় যে যুদ্ধ বিৰতিৰ ফলত হামাছে বন্দী কৰা ৰখা পণবন্দীসকলক নিৰাপদে উলিয়াই অনাৰ সুযোগ লাভ কৰিব ।
ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৰ মাজত হোৱা তীব্ৰ আলোচনাৰ পিচত ঘেৰাও কৰা অঞ্চলটোত দৈনিক মানৱীয় বিৰতি আৰোপ কৰাৰ ইজৰাইলে লোৱা সিদ্ধান্তক ‘গুৰুত্বপূৰ্ণ’ প্ৰথম পদক্ষেপ বুলি অভিহিত কৰা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুয়োখন চৰকাৰৰ আমোলাতন্ত্ৰিক স্তৰৰ শীৰ্ষ পৰ্যায়তো অনুসৰণমূলক আলোচনা অনুষ্ঠিত হৈছিল । CNN ৰ বাতৰি অনুসৰি কিৰ্বিয়ে কয়, ‘‘আমি ইজৰাইলীসকলক আহ্বান জনাইছো যে তেওঁলোকে সাধাৰণ নাগৰিকৰ মৃত্যু কম কৰিবলৈ আৰু সেই সংখ্যা হ্ৰাস কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাওক’’ । তেওঁ কয় যে তেওঁলোকে নাগৰিকসকলক এই ক্ষতিৰ পৰা আঁতৰাই আনিবলৈ “কেইঘণ্টামানৰ বাবে উশাহ লোৱাৰ স্থান” প্ৰদান কৰিব ।
ইজৰাইলে বাৰে বাৰে সাধাৰণ নাগৰিকক দক্ষিণ গাজালৈ যাবলৈ সকীয়ানি প্ৰদান কৰি আছে ৷ কিয়নো উক্ত অঞ্চলটোত আক্ৰমণ চলিয়ে আছে ৷ আনকি দক্ষিণ গাজাও তেওঁলোকৰ বাবে নিৰাপদ স্থান নহয় ৷ উক্ত স্থানত দৈনন্দিন জীৱনৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনি হোৱা দেকিবলৈ পোৱা হৈছে । যুদ্ধ আৰম্ভ হোৱাৰ পিচৰে পৰা বৃহৎ সংখ্যক সাধাৰণ নাগৰিকে গাজা এৰিব পৰা নাই ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শেহতীয়াকৈ বিদেশী নাগৰিকৰ দল আৰু কিছুমান আহত পেলেষ্টাইনীক এনক্লেভৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ দিয়া হৈছে । আমেৰিকাই বিচাৰিব যে যেতিয়ালৈকে গাজালৈ মানৱীয় সাহায্য প্ৰয়োজনীয় পৰ্যায়ত থাকিব তেতিয়ালৈকে দৈনিক অৱৰোধ অব্যাহত থাকিব।
ইফালে ৰাষ্ট্ৰপতি জ’ বাইডেনে সাংবাদিকৰ আগত কয় যে তেওঁ তিনিদিনতকৈ অধিক সময় ধৰি মানৱীয় বিৰতিৰ পোষকতা কৰি আহিছে । তিনিদিনৰ বাবে সামৰিক অভিযান স্থগিত ৰাখিবলৈ নেতান্য়াহুক হেঁচা দিয়া হৈছিল নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয়, ‘‘হয়, মই তিনিদিনতকৈ অধিক সময় ধৰি স্থবিৰতাৰ দাবী কৰি আহিছো’’ ।
লগতে পঢ়ক : India US ministerial dialogue: ভাৰতত উপস্থিত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন