ETV Bharat / international

গাজাত উদ্ধাৰ ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ জোৱানৰ মৃতদেহ

author img

By ANI

Published : Nov 18, 2023, 8:52 AM IST

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ জোৱান কৰ্পৰেল নোয়া মাৰ্চিয়ানোৰ মৃতদেহ উদ্ধাৰ ৷ উত্তৰ গাজাৰ শ্বিফা হাস্পতালৰ সমীপৰ পৰা আইডিএফৰ সেনাই শুকুৰবাৰৰ পুৱা উদ্ধাৰ কৰে জোৱানজনৰ মৃতদেহ ৷ 7 অক্টোবৰত কিবুটজ নাহাল অজৰ পৰা অপহৃত হৈছিল মাৰ্চিয়ানোক ৷

Israel recovers second body of hostage in two days
গাজাত উদ্ধাৰ ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ জোৱানৰ মৃতদেহ

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ: ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে শুকুৰবাৰৰ পুৱা গাজাত আন এজন পণবন্দীৰ মৃতদেহ উদ্ধাৰ কৰাৰ কথা ঘোষণা কৰে ৷ দুদিনৰ ভিতৰত দ্বিতীয়টো মৃতদেহ উদ্ধাৰ কৰা হৈছে । হামাছে অপহৰণ কৰা 19 বছৰীয়া ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ জোৱান কৰ্পৰেল নোয়া মাৰ্চিয়ানোৰ মৃতদেহ আইডিএফৰ সেনাই উত্তৰ গাজাৰ শ্বিফা হাস্পতালৰ কাষ পৰা উদ্ধাৰ কৰি উলিয়াই আনে ।

মধ্য ইজৰাইলৰ মোদীইনৰ বাসিন্দা মাৰ্চিয়ানোক 7 অক্টোবৰত কিবুটজ নাহাল অজৰ পৰা অপহৰণ কৰা হৈছিল, য’ত তেওঁ পহৰাদাৰ হিচাপে কৰ্মৰত আছিল । শুকুৰবাৰে তেওঁক সমাধিস্থ কৰা হ’ব বুলি জানিব পৰা গৈছে ।

সোমবাৰৰ নিশা হামাছে মাৰ্চিয়ানোৰ এটা ভিডিঅ’ প্ৰকাশ কৰে যিটোক ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে “মানসিক নিৰ্যাতন” বুলি অভিহিত কৰে । ভিডিঅ’টোত দাবী কৰা হৈছে যে হামাছৰ বিমান আক্ৰমণৰ স্থানত মাৰ্চিয়ানো নিহত হৈছে ।

ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিচত সামৰিক বিষয়াসকলে কয় যে মাৰ্চিয়ানোৰ আঘাত আৰু বিমান আক্ৰমণটোৰ মাজত কোনো সামঞ্জস্য নাই । আইডিএফে এক বিবৃতিযোগে কয়, “জোৱানগৰাকীৰ দেহত প্ৰত্যক্ষ কৰা ঘাঁবোৰ গুলীৰ আঘাতৰ সৈতে অধিক মিল থকা যেন লাগে ৷ লগতে ওখৰ পৰা পৰি যোৱাৰ সৈতেও তেওঁৰ আঘাতৰ মিল থকাৰ ইংগিত পোৱা গৈছে ।”

আনহাতে, বৃহস্পতিবাৰৰ নিশা আইডিএফে য়েহুদিত ৱেইছৰ মৃতদেহ উদ্ধাৰ কৰাৰ কথা ঘোষণা কৰে । কিবুটজ বে’ৰীৰ বাসিন্দা 64 বছৰীয়া ৱেইছ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । শ্বিফা হাস্পতালৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ হয় ৱেইছ । আইডিএফে জনোৱা মতে, ৱেইছক উদ্ধাৰ কৰা অট্টালিকাটোত ৰাইফল, ৰকেট চালিত গ্ৰেনেড আৰু অন্যান্য সামৰিক সঁজুলিও উদ্ধাৰ কৰা হৈছে ।

দক্ষিণ ইজৰাইলৰ জনগোষ্ঠীসমূহৰ ওপৰত আক্ৰমণ চলাই হামাছে 1200 জন লোকক হত্যা কৰাৰ লগতে প্ৰায় 240 জন লোকক পণবন্দী কৰিছিল । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পত্নী ছাৰা নেতান্যাহুৱে বৃহস্পতিবাৰে আমেৰিকাৰ প্ৰথম মহিলা জিল বাইডেনক নিশ্চিত কৰে যে এগৰাকী গৰ্ভৱতী পণবন্দীয়ে বন্দী অৱস্থাত সন্তান প্ৰসৱ কৰিছে ।

লগতে পঢ়ক: আন্তৰ্জাতিক ফৌজদাৰী আদালতত বিচাৰ হ’ব পেলেষ্টাইনৰ ভূখণ্ডত সংঘটিত অপৰাধৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.