ETV Bharat / international

Middle East conflict : ৰাষ্ট্ৰসংঘৰ আহ্বানকো আওকাণ কৰি নেতান্যাহুৰ নিৰ্দেশত গাজা ষ্ট্ৰিপত অব্যাহত ইজৰাইলৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 11:06 AM IST

গাজা ষ্ট্ৰিপত বৃদ্ধি পাইছে ইজৰাইলৰ আক্ৰমণ ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱকো নেওচা দি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ নিৰ্দেশত গাজা ষ্ট্ৰিপত অব্যাহত ইজৰাইলৰ ধাৰাষাৰ গোলাবৰ্ষণ ৷ ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত দুৰ্বিষহ, অবৰ্ণনীয় হৈ পৰিছে গাজাৰ পৰিস্থিতি ৷

Middle East conflict
ৰাষ্ট্ৰসংঘৰ আহ্বানকো আওকাণ কৰি নেতান্যাহুৰ নিৰ্দেশত গাজা ষ্ট্ৰিপত অব্যাহত ইজৰাইলৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ: ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱক আওকাণ কৰি ইজৰাইলে গাজা ষ্ট্ৰিপত অব্যাহত ৰাখিছে আক্ৰমণ ৷ ইজৰাইল-হামাছৰ মাজত সংঘাতৰ তীব্ৰতা ক্ৰমাৎ বৃদ্ধি পায় অহাত মানৱীয় যুদ্ধ বিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ ইজৰাইলে গাজা ষ্ট্ৰিপত নিজৰ স্থল আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইয়াক ইজৰাইলৰ অস্তিত্বৰ বাবে যুদ্ধ বুলি অভিহিত কৰে ।

গাজাৰ বাসিন্দাসকলে স্থল, আকাশ আৰু সাগৰৰ পৰা হোৱা এই বৃহৎ বোমাবৰ্ষণক 3 সপ্তাহজোৰা ইজৰাইল-হামাছ যুদ্ধৰ ভিতৰত আটাইতকৈ তীব্ৰ বোমাবৰ্ষণ বুলি অভিহিত কৰিছে । আন দেশ, ৰাষ্ট্ৰসংঘৰ বিষয়া আৰু সাহায্য সংস্থাবোৰে গাজাৰ এই ভয়াৱহ পৰিস্থিতিৰ বৰ্ণনা কৰিছে ৷ ইজৰাইলৰ নৃশংস আক্ৰমণৰ ফলত 23 লাখ লোক বহিঃজগতৰ পৰা বিচ্ছিন্ন হৈ পৰিছে আৰু চেলফোন বা ৰেডিঅ’ সেৱা নথকা এম্বুলেন্সে আহতসকলৰ স্থান নিৰ্ণয় কৰিবলৈ আৰ্টিলাৰীৰ শব্দ খেদি ফুৰে বুলি বৰ্ণনাত প্ৰকাশ পাইছে ।

হামাছ শাসিত গাজাত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি পেলেষ্টাইনী লোকৰ মৃতকৰ সংখ্যা 7700 অতিক্ৰম কৰিলে, ইয়াৰে অধিকাংশই মহিলা আৰু শিশু । দখলকৃত ৱেষ্ট বেংকত ইজৰাইলীৰ অভিযান আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে 110 জনতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে । ইজৰাইল চৰকাৰৰ মতে, ইজৰাইলত কমেও 310 জন সৈনিককে ধৰি হামাছৰ উগ্ৰপন্থীৰ আকস্মিক আক্ৰমণৰ সময়ত 1400 ৰো অধিক লোক নিহত হয় । কমেও 229 জন পণবন্দীক গাজালৈ লৈ যোৱা হয় আৰু চাৰিজন পণবন্দীক মুকলি কৰি দিয়া হৈছে ।

শেহতীয়াকৈ ইজৰাইল-হামাছ যুদ্ধত কি ঘটি আছে :

গাজাত হামাছৰ শীৰ্ষ নেতা য়েহিয়া ছিনৱাৰে কয় যে ইজৰাইলৰ জেলত থকা পেলেষ্টাইনী বন্দীসকলৰ বিনিময়ত ইজৰাইলৰ পণবন্দীসকলক মুকলি কৰি দিবলৈ পেলেষ্টাইনী উগ্ৰপন্থী সংগঠনসমূহ সাজু । শনিবাৰে সন্ধিয়া হামাছৰ সংবাদ মাধ্যমৰ গোটত প্ৰকাশ কৰা এক মন্তব্যত কয় যে আমি তৎক্ষণাত এনে এক বিনিময় চুক্তি কৰিবলৈ সাজু হৈছো ৷ য’ত জিয়’নিষ্ট দখলদাৰী শত্ৰুৰ কাৰাগাৰত থকা সকলো বন্দীক মুকলি কৰি দিয়াৰ বিনিময়ত প্ৰতিৰোধৰ বাবে ৰখা সকলো বন্দীক মুকলি কৰি দিয়া হ’ব ।

ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে এই প্ৰস্তাৱক মানসিক সন্ত্ৰাস বুলি নাকচ কৰি কয় যে ইজৰাইলে পণবন্দীসকলক মুক্ত কৰাৰ বাবে একাধিক চেনেলত কাম কৰি আছে । ইজৰাইলৰ সেনাই শনিবাৰে জানিবলৈ কয় যে তেওঁলোকৰ যুদ্ধ বিমানে উত্তৰ গাজাৰ 150 টা ভূগৰ্ভস্থ হামাছৰ লক্ষ্যত আঘাত হানে, য’ত সুৰংগ, যুদ্ধক্ষেত্ৰ আৰু অন্যান্য আন্তঃগাঁথনিও আছিল ।

ইজৰাইলৰ সৈন্য আৰু গাজা ষ্ট্ৰিপত আৱদ্ধ হৈ থকা 23 লাখ পেলেষ্টাইনী উভয়ৰে বাবে অন্যতম ডাঙৰ ভাবুকি হৈছে গভীৰ মাটিৰ তলত পুতি থোৱা । ইজৰাইলৰ সেনাই শনিবাৰে কয় যে তেওঁলোকৰ যুদ্ধ বিমানে উত্তৰ গাজাৰ 150 টা ভূগৰ্ভস্থ হামাছৰ লক্ষ্যত আঘাত হানে, য’ত সুৰংগ, যুদ্ধক্ষেত্ৰ আৰু অন্যান্য আন্তঃগাঁথনিও আছিল । হামাছক ভাঙি পেলাবৰ বাবে সুৰংগসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক: Israel Hamas War : গাজাত ইজৰাইলৰ দ্বিতীয় পৰ্যায়ৰ সামৰিক অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.