ETV Bharat / international

যুদ্ধৰ সমাপ্তি নে নতুন পৰিকল্পনা ? গাজাৰ পৰা কেইবা হাজাৰ সেনা প্ৰত্যাহৰ ইজৰাইলৰ

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 9:57 AM IST

Updated : Jan 2, 2024, 11:15 AM IST

Israeli military : সেনাৰ মুখ্য মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে অৱশ্যে সৈনাৰ এটা অংশ প্ৰত্যাহাৰে যুদ্ধৰ এক নতুন পৰ্যায় প্ৰতিফলিত কৰিছে নেকি সেয়া নিশ্চিত কৰা নাই ।

গাজাৰ পৰা কেইবা হাজাৰ সেনা প্ৰত্যাহৰ ইজৰাইলৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ জানুৱাৰী : ইজৰাইলী সামৰিক বাহিনীয়ে গাজা ষ্ট্ৰিপৰ পৰা হাজাৰ হাজাৰ সৈন্য উভতাই আনিছে । সোমবাৰে ইজৰাইলী বাহিনীয়ে এই কথা নিশ্চিত কৰে । ইয়াৰ দ্বাৰা হামাছৰ বিৰুদ্ধে যুদ্ধৰ এক নতুন দীৰ্ঘম্যাদী পৰ্যায়ৰ পথ পৰিষ্কাৰ কৰিব পাৰে বুলি অনুমান কৰা হৈছে ।

এই কথাৰ নিশ্চিতি সেইদিনাই আহে, যিদিনা ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিতৰ্কিত ন্যায়িক পৰিৱৰ্তন পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ উপাদান বাতিল কৰিছিল ।

যদিও এই পৰিকল্পনাটো যুদ্ধৰ প্ৰচেষ্টাৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত নহয়, ই কিন্তু ইজৰাইলৰ আভ্যন্তৰীণ বিভাজনৰ গভীৰ উৎস হিচাপে পৰিগণিত হৈছে । উল্লেখ্য যে ৭ অক্টোবৰৰ হামাছ আক্ৰমণত সামৰিক বাহিনীৰ তৎপৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিত বৰ্তমান চলি থকা যুদ্ধৰ সূচনা কৰিছিল ।

আনহাতে, ৰাজনীতিবিদসকলে এই বিভাজনবোৰৰ পৰা এৰাই চলিবলৈ আৰু ইজৰাইল-হামাছ যুদ্ধত বিৰাজ কৰা ৰাষ্ট্ৰীয় ঐক্যৰ ক্ষতি নকৰিবলৈ সতৰ্ক কৰি দিছিল । কিন্তু নেতান্যাহুৱে ইয়াত কৰ্ণপাত নকৰি হামাছ সম্পূৰ্ণৰূপে ধ্বংস নোহোৱালৈকে আৰু গাজাত হামাছৰ দ্বাৰা বন্দী হৈ থকা শতাধিক বন্দীক মুকলি নকৰালৈকে সামৰিক আক্ৰমণ চলাই যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

কিন্তু ইজৰাইলৰ এই আক্ৰমণাত্মক দৃষ্টিভংগীক লেকাম লগাবলৈ ইজৰাইলে বৰ্ধিত আন্তৰ্জাতিক চাপৰ সন্মুখীন হৈছে । কিয়নো এই আক্ৰমণৰ ফলত প্ৰায় ২২,০০০ পেলেষ্টাইনীৰ মৃত্যু হৈছে । আনহাতে, ইজৰাইলক বাৰম্বাৰ পেলেষ্টাইনী নাগৰিকসকলৰ সুৰক্ষাৰ বাবে আহ্বান জনাই অহা আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন অহা সপ্তাহত অঞ্চলটোত উপস্থিত হোৱাৰ আশা কৰা হৈছে ।

ইজৰাইলী সেনাবাহিনীৰ ঘোষণাত কোৱা হৈছে যে আগন্তুক সপ্তাহবোৰত পাঁচটা ব্ৰিগেড বা কেইবা হাজাৰ সৈন্য গাজাৰ পৰা উভতাই অনা হ'ব । তাৰে কিছুমানে পৰৱৰ্তী প্ৰশিক্ষণ বা বিশ্ৰামৰ বাবে বেছ কেম্পলৈ ঘূৰি আহিব । আনহাতে, বহু জ্যেষ্ঠ সেনা ঘৰলৈ উভতি যাব । উল্লেখ্য যে এই যুদ্ধত অংশগ্ৰহণ কৰিবলৈ নিজৰ চাকৰি এৰি যোৱা, ব্যৱসায় বাদ দি যোৱা বা বিশ্ববিদ্যালয়ৰ অধ্যয়ন এৰি যোৱাৰ ফলত ইজৰাইলৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাইছে ।

সেনাৰ মুখ্য মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে অৱশ্যে সৈনাৰ এটা অংশ প্ৰত্যাহাৰে যুদ্ধৰ এক নতুন পৰ্যায় প্ৰতিফলিত কৰিছে নেকি সেয়া নিশ্চিত কৰা নাই ।

দেওবাৰে সাংবাদিকৰ আগত তেওঁ কয়, "যুদ্ধৰ মূল উদ্দেশ্যৰ বাবে দীঘলীয়া যুঁজৰ প্ৰয়োজন আৰু আমি সেই অনুসৰি প্ৰস্তুতি চলাই আছোঁ ।" এই পদক্ষেপটো ইজৰাইলী নেতাসকলে এক নিম্ন-তীব্ৰতাৰ আক্ৰমণৰ বাবে নিৰ্ধাৰণ কৰা পৰিকল্পনাৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰু ই বছৰটোৰ বেছিভাগ সময় চলিব বুলি আশা কৰা হৈছে । হামাছৰ অৱশিষ্ট দুৰ্গ আৰু প্ৰতিৰোধৰ পকেটৰ ওপৰত ই অধিক গুৰুত্ব দিছে ।

উল্লেখ্য যে ইজৰাইলে কৈছে যে উত্তৰ গাজাৰ বেছিভাগ অংশৰ ওপৰত বৰ্তমান ইজৰাইলৰ কাৰ্যকৰী নিয়ন্ত্ৰণ আছে । যাৰ ফলত তাত সেনাবাহিনীৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে । তথাপিও পেলেষ্টাইনৰ অন্যান্য অঞ্চলত, বিশেষকৈ দক্ষিণত ভয়ংকৰ যুদ্ধ অব্যাহত আছে । তাত হামাছৰ বহু বাহিনী এতিয়াও অক্ষত আছে আৰু তাৰ পৰা প্ৰায় ২৩ লাখ লোকে পলায়ন কৰিছে ।

লগতে পঢ়ক :নেতান্যাহু চৰকাৰৰ ন্যায়িক পৰিৱৰ্তন আইন প্ৰত্যাহাৰ ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ

Last Updated : Jan 2, 2024, 11:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.