ETV Bharat / international

Israel Hits Weapons Factories : হামাছৰ নিৰাপত্তা উলংঘনৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ প্ৰত্যাক্ৰমণ - Hamas attack on Israel

ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মতে, ইজৰাইলে দুটা সুৰংগত আঘাত কৰিছে (Israel struck two tunnels) । ইয়াৰে প্ৰথমটো উত্তৰ গাজা চহৰৰ বেইট হানুনত আৰু দ্বিতীয়টো খান ইউনুছৰ ওচৰৰ দক্ষিণ গাজা চহৰত অৱস্থিত ।

Israel
Israel
author img

By

Published : Apr 7, 2023, 9:16 AM IST

ইণ্টাৰনেচনেল ডেস্ক, ৭ এপ্ৰিল : ফিলিস্তিনি ভূখণ্ড আৰু লেবাননৰ পৰা নিক্ষেপ কৰা কেইবাটাও ৰকেটৰ পিচত বৃহস্পতিবাৰে নিশা ইজৰাইলে গাজা ষ্ট্ৰিপত দুটা লক্ষ্যত আঘাত হানে (Israel struck in Gaza Strip) । টাইমছ অৱ ইজৰাইলৰ বাতৰিত এই কথা প্ৰকাশ (Times of Israel) । ইজৰাইলৰ সুৰক্ষা বাহিনীৰ মতে (Israel Defence Force, IDF), এই আক্ৰমণে দুটা সুৰংগত আঘাত কৰিছে । ইয়াৰে প্ৰথমটো উত্তৰ গাজা চহৰৰ বেইট হানুনত আৰু দ্বিতীয়টো খান ইউনুছৰ ওচৰৰ দক্ষিণ গাজা চহৰত অৱস্থিত ।

উল্লেখ্য যে শেহতীয়া দিনবোৰত হামাছ উগ্ৰপন্থীয়ে কৰা নিৰাপত্তা উলংঘনৰ প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ কৰা হয় । গাজা ষ্ট্ৰিপ আৰু লেবাননৰ পৰা ৰকেট আক্ৰমণৰ কথা উল্লেখ কৰি আইডিএফে (IDF) বৃহস্পতিবাৰে এই কথা কয় । আনহাতে, সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে, "সুৰংগ দুটা ইজৰাইলী অঞ্চলত প্ৰৱেশ কৰা নাছিল আৰু ইজৰাইলী নাগৰিকসকলৰ বাবে কোনো ভাবুকিৰ সৃষ্টি কৰা নাছিল ।"

ইয়াৰ উপৰি, হামাছে অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা দুটা স্থানক এই আক্ৰমণৰ দ্বাৰা লক্ষ্য কৰি লোৱা হৈছিল । "আইডিএফে গাজা ষ্ট্ৰিপৰ পৰা উদ্ভৱ হোৱা সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে হামাছ সন্ত্ৰাসবাদী সংগঠনক দোষী সাব্যস্ত কৰিছে আৰু ই ইজৰাইলৰ বিৰুদ্ধে নিৰাপত্তা উলংঘনৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব (Hamas attack on Israel) ।" আইডিএফে লগতে কয় ।

ইফালে টাইমছ অৱ ইজৰাইলে আইডিএফৰ উদ্ধৃতি দি কয় যে দক্ষিণ লেবাননৰ পৰা পশ্চিম আৰু উজনি গালীলত ৩৪ টা ৰকেট নিক্ষেপ কৰাৰ পিচত এই আক্ৰমণটো সংঘটিত কৰা হয় । আইডিএফৰ মতে, আইৰণ ডোম আকাশী প্ৰতিৰক্ষা প্ৰণালীয়ে (Iron Dome air defence system) 25 টা এনে প্ৰক্ষেপণক প্ৰতিৰোধ কৰে । এই প্ৰক্ষেপণৰ দ্বাৰা ইজৰাইলী অঞ্চলত কমেও পাঁচটা ৰকেটে প্ৰভাৱিত কৰিছিল । আনহাতে, বাকী চাৰিটাৰ অৱস্থান এতিয়াও অজ্ঞাত বুলি আইডিএফে লগতে কয় ।

উক্ত ৰকেটৰ প্ৰভাৱত দুটা সামান্য আঘাতৰ ঘটনা আৰু কিছু ক্ষতি হয় । এই আকস্মিক আক্ৰমণৰ পিচত অৱশ্যে অসামৰিক লোকসকলক কোনো বিশেষ নিৰ্দেশনা দিয়া হোৱা নাই । আইডিএফৰ হোম ফ্ৰণ্ট কমাণ্ডে এই কথা কয় । আনহাতে, আক্ৰমণৰ ঘটনাৰ পিচত ইজৰাইলত এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা কেবিনেট অনুষ্ঠিত হয় । তাত সামৰিক আৰু প্ৰতিৰক্ষা বিষয়াসকলে দিয়া পৰামৰ্শৰ ওপৰত ভিত্তি কৰি কেইবাটাও সিদ্ধান্ত লোৱা হয় । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টাইমছ অৱ ইজৰাইলৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত এনেদৰে কয় ।

বিবৃতিটোত নেতানিয়াহুৱে কয় (Prime Minister of Israel Benjamin Netanyahu), "আজি নিশা আৰু তাৰ পিছত ইজৰাইলে দিয়া সঁহাৰিয়ে আমাৰ শত্ৰুসকলৰ পৰা এক গুৰুত্বপূৰ্ণ মূল্য নিৰ্ধাৰণ কৰিব ।" আনহাতে, সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে নিশাৰ আৰম্ভণিতে হামাছৰ নিৰাপত্তা উলংঘনৰ প্ৰতিক্ৰিয়া স্বৰূপে আইডিএফে গাজা ষ্ট্ৰিপৰ চাৰিটা হামাছৰ স্থানত আঘাত কৰে ।

লগতে পঢ়ক :Hindu temple vandalised in Canada : কানাডাৰ হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.