ETV Bharat / international

ইজৰাইলী কাৰ্গো জাহাজ হাইজেক, হুথি বিদ্ৰোহীক জাহাজখন শীঘ্ৰে মুকলি কৰাৰ আহ্বান জাপানৰ - Israel Hamas war

জাপানে ইজৰাইলী আৰু জাপানী কোম্পানীৰ দ্বাৰা পৰিচালিত হাইজেক মালবাহী জাহাজখনৰ মুকলিৰ বাবে য়েমেনৰ হুথি বিদ্ৰোহীসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে । ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীসকলে জাহাজখনৰ ২৫ গৰাকী কৰ্মচাৰীক বন্দী কৰি ৰাখিছে । হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ বন্ধ কৰাৰ দাবী বিদ্ৰোহীসকলৰ ।

Israel Hamas war
ইজৰাইলী কাৰ্গো জাহাজ হাইজেক
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:12 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২১ নৱেম্বৰ : আন্তৰ্জাতিক কাৰ্গো জাহাজ হাইজেক কৰা হুথি বিদ্ৰোহীসকলৰ সৈতে পোনপটীয়া আলোচনাৰ বাবে সাজু হৈছে জাপান । টকিঅ'ই সোমবাৰে ঘোষণা কৰিছে যে তেওঁলোকে গ্যালাক্সি লিডাৰ জাহাজক মুকলি কৰাৰ প্ৰচেষ্টাত আন দেশৰ উপৰিও ইজৰাইলৰ সৈতে যোগাযোগ কৰি আছে ।

উল্লেখ্য যে য়েমেনৰ হুথি বিদ্ৰোহীসকলে তুৰস্কৰ পৰা ভাৰতলৈ আহি থকা ইজৰাইলৰ মালবাহী জাহাজখন লোহিত সাগৰৰ এক গুৰুত্বপূৰ্ণ জাহাজ পথত জব্দ কৰি য়েমেনী উপকূললৈ লৈ গৈছে । তেওঁলোকে ইয়াৰ ২৫ গৰাকী কৰ্মচাৰীকো জিম্মাত লৈছে । এই হাইকেজে ইজৰাইল-হামাছ যুদ্ধক লৈ আঞ্চলিক উত্তেজনা বৃদ্ধি হোৱাৰ আশংকা বৃদ্ধি কৰে আৰু তীব্ৰ সংঘৰ্ষত এক নতুন সামুদ্ৰিক উত্তেজনাও বৃদ্ধি কৰিছে ।

ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীসকলে কৈছে যে তেওঁলোকে ইজৰাইলৰ সৈতে সম্পৰ্ক থকাৰ বাবে দেওবাৰে জাহাজখন হাইজেক কৰিছিল আৰু গাজাৰ হামাছ শাসকসকলৰ বিৰুদ্ধে ইজৰাইলৰ অভিযানৰ সমাপ্তি নোহোৱালৈকে জাহাজখন আৰু বন্দীসকলক মুকলি কৰি নিদিয়াৰ হুংকাৰ দিছে ।

হুথি বিদ্ৰোহীসকলে দাবী কৰিছে যে ইজৰাইলী সকলো জাহাজে তেওঁলোকৰ লক্ষ্য হ'ব । হুথিসকলৰ মুখ্য আলোচনাকাৰী আৰু মুখপাত্ৰ মহম্মদ আব্দুল-ছালামে পাছত এক অনলাইন বিবৃতিত কৈছে যে ইজৰাইলীসকলে কেৱল শক্তিৰ ভাষাহে বুজি পায় । তেওঁ লগতে কয় যে ইজৰাইলী জাহাজখন হাইজেক কৰাটো এক ব্যৱহাৰিক পদক্ষেপ যিয়ে সাগৰীয় যুদ্ধৰ ক্ষেত্ৰত য়েমেনী সশস্ত্ৰ বাহিনীৰ গম্ভীৰতা প্ৰমাণ কৰে । এয়া আৰম্ভণি বুলি হুথি বিদ্ৰোহী নেতাজনে দাবী কৰিছে ।

হাইজেক কৰা জাহাজখন এগৰাকী ইজৰাইলী ব্যৱসায়ীৰ আৰু এটা জাপানী কোম্পানীৰ দ্বাৰা পৰিচালিত । ইফালে জাপান চৰকাৰে এই কাৰ্যক তীব্ৰ গৰিহণা দিছে । টকিঅ'ই ইৰাণ, চৌদি আৰৱ, ওমান আৰু অন্যান্য ৰাষ্ট্ৰসমূহক জাহাজ খন আৰু বন্দীসকলক তৎক্ষণাৎ মুকলি কৰাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱেও এই কাৰ্যক গৰিহণা দিছে আৰু ইয়াক বিশ্বৰ ভিতৰতে এক অতি গুৰুতৰ ঘটনা বুলি অভিহিত কৰিছে । তেওঁ কয় যে ইজৰাইলে এখন আন্তঃৰাষ্ট্ৰীয় জাহাজৰ বিৰুদ্ধে ইৰাণৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে ।

লগতে পঢ়ক :ইজৰাইল-হামাছ সংঘৰ্ষ, পেলেষ্টাইনীৰ মৃত্যুৰ সংখ্যা ১৩ হাজাৰ অতিক্ৰম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.