ETV Bharat / international

2023 Nobel Prizes:জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰা কামৰ বাবে ভাৰতীয় মূলৰ অধ্যাপিকা জয়িতা গুপ্তালৈ ‘ডাচ নোবেল’ বঁটা

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 12:01 PM IST

ড৹ জয়িতা গুপ্তাই বিগত ৪ অক্টোবৰত হেগত অনুষ্ঠিত এক অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰা কামৰ বাবে ডাচ পুৰস্কাৰ লাভ কৰে । ডাচ ৰিচাৰ্চ কাউন্সিলে প্ৰদান কৰা এই স্পিনোজা বঁটাটোক ‘ডাচ নোবেল’ বুলিও কোৱা হয় ।

2023 Nobel Prizes
জয়ীতা গুপ্তালৈ ‘ডাচ নোবেল’ বঁটা

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 অক্টোবৰ : পুনৰ এগৰাকী ভাৰতীয়ৰ বিশ্ব দৰবাৰত সফলতা অৰ্জন ৷ এগৰাকী ভাৰতীয় মূলৰ শিক্ষাবিদ উজলি উঠিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৷ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতীয় মূলৰ অধ্যাপিকা ড৹ জয়িতা গুপ্তালৈ আন্তঃৰাষ্ট্ৰীয় সন্মান ৷

ভাৰতীয় মূলৰ অধ্যাপিকা ড৹ জয়িতা গুপ্তাই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰা কামৰ বাবে সন্মানীয় ডাচ নোবেল বঁটা লাভ কৰে । ড৹ জয়িতা গুপ্তা আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ আমষ্টাৰডাম ইনষ্টিটিউট ফৰ ছ’চিয়েল ছায়েন্স ৰিচাৰ্চ আৰু আই এইচ ই ডেলফ্ট ইনষ্টিটিউট ফৰ ৱাটাৰ এডুকেচনত বিশ্বৰ দক্ষিণৰ পৰিৱেশ আৰু উন্নয়ন বিভাগৰ এগৰাকী অধ্যাপিকা ।

৪ অক্টোবৰত হেগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই বঁটা লাভ কৰে ড৹ জয়িতা গুপ্তাই । ড৹ জয়িতা গুপ্তাই লাভ কৰা ডাচ ৰিচাৰ্চ কাউন্সিলৰ সন্মানীয় স্পিনোজা বঁটাক 'ডাচ নোবেল' বুলিও জনা যায় ।

2023 Nobel Prizes
জয়ীতা গুপ্তালৈ ‘ডাচ নোবেল’ বঁটা

লগতে পঢ়ক : 2023 Nobel Prize in Physics: ২০২৩ চনৰ পদাৰ্থবিদ্যাৰ নোবেল বঁটা ঘোষণা; তিনি বিজ্ঞানীলৈ যুটীয়াভাৱে এইবাৰৰ বঁটা

@IndiaDST @DiasporaDiv_MEA @moefcc @PMOIndia @RHDijkgraaf নেডাৰলেণ্ডৰ ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম, এক্স-ত পোষ্ট কৰে, "ডাচ ৰিচাৰ্চ কাউন্সিলৰ দ্বাৰা সন্মানীয় স্পিনোজা বঁটা লাভ কৰাৰ বাবে ড৹ জয়ীতা গুপ্তাক অভিনন্দন জনাইছো, ডাচ বিজ্ঞানৰ সৰ্বোচ্চ স্বীকৃতি লাভ কৰিছে তেওঁৰ অসাধাৰণ আৰু অগ্ৰণী কামৰ বাবে ৷

প্ৰতি বছৰে নেডাৰলেণ্ডত কাম কৰা স্ক’লাৰসকলক "আন্তৰ্জাতিক মানদণ্ড অনুসৰি বিশ্বব্যাপী সৰ্বশ্ৰেষ্ঠ গৱেষকৰ" স্পিনোজা বঁটা প্ৰদান কৰা হয়, যি হৈছে ডাচ্চ শিক্ষাৰ সৰ্বোচ্চ সন্মান । লক্ষণীয়ভাৱে, স্পিনোজা পুৰস্কাৰ হৈছে 1.5 নিযুত ইউৰোৰ বাৰ্ষিক বঁটা, যাক বৈজ্ঞানিক গৱেষণা আৰু সম্পৰ্কিত কাৰ্য্যকলাপত ব্যয় কৰা হ’ব ।

লগতে পঢ়ক : 2023 Nobel Prizes : নৰৱেৰ লেখক জন ফছেলৈ ২০২৩ চনৰ সাহিত্যৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.