ETV Bharat / international

PTI protest in Pakistan : পিটিআইক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা বিলাৱাল ভুট্টো জাৰ্দাৰীৰ

পাকিস্তানত ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফৰ প্ৰতিবাদ অব্যাহত আছে । বহু স্থানত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে (Violent protests in Pakistan)। তাৰ মাজতে পাকিস্তান চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে ইমৰাণ খানৰ দলক তীব্ৰ সমালোচনা কৰিছে । দলটোক সন্ত্ৰাসবাদী আখ্যা বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো-জাৰ্দাৰীৰ ।

PTI protest in Pakistan
পিটিআইক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা বিলাৱাল ভুট্টো জাৰ্দাৰীৰ
author img

By

Published : May 14, 2023, 1:41 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ মে': পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো-জাৰ্দাৰীৰ । ইমৰাণ খানৰ সমৰ্থকে কৰা হিংসাত্মক প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইমৰাণ খানৰ দল ৰাজনৈতিক সন্ত্ৰাসবাদী (Pak FM called PTI political terrorist)। তেনেস্থলত তেওঁলোকৰ সৈতে কেনেকৈ আলোচনা কৰিব পাৰি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ উল্লেখ কৰা মতে চৰকাৰে সদায় আলোচনাক সমৰ্থন কৰি আহিছে আৰু ইয়াৰ বাবে মিত্ৰশক্তিক সৈমান কৰিছিল (Bilawal Bhutto Zardari on PTI protest)। কিন্তু এতিয়া কেনেকৈ সন্ত্ৰাসবাদীৰ সৈতে আলোচনা কৰিব পাৰি বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে চৰকাৰে কেৱল তেওঁলোকৰ সৈতে হে আলোচনা কৰিব পাৰে যিসকলে সন্ত্ৰাসবাদক গৰিহণা দিয়ে আৰু এই ৰাজনৈতিক সন্ত্ৰাসবাদীসকলৰ পৰা নিজকে আঁতৰাই ৰাখে । ইফালে বিলাৱালে ন্যায়পালিকাক প্ৰয়োজনতকৈ অধিক ৰাজনৈতিক হোৱাৰ বাবেও সমালোচনা কৰে (Pak FM slams judiciary)।

এক ৰেলীত অংশ লৈ পিটিআইৰ মুৰব্বী ইমৰাণ খানক একাধিক গোচৰত জামিন প্ৰদান কৰা বাবে আদালতক বিলাৱালে নিন্দা কৰে । ন্যায়পালিকাক সমালোচনা কৰি তেওঁ কয় যে যেতিয়া একনায়কত্বৰ কথা আহে তেওঁলোক নীৰৱ হৈ থাকে আৰু এতিয়া আকৌ এবাৰ ন্যায়পালিকা প্ৰয়োজনতকৈ অধিক ৰাজনৈতিক হৈ পৰিছে ।

তেওঁ ন্যায়পালিকাক ৰাজনীতিত হস্তক্ষেপ নকৰিবলৈও আহ্বান জনায় । ইয়াৰ পূৰ্বে আল-কাদিৰ ট্ৰাষ্ট গোচৰত দলৰ মুৰব্বী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পাছত উদ্ভৱ হোৱা হিংসাত্মক প্ৰতিবাদৰ পাছত পাকিস্তান তেহৰিক-ই-ইনচাফৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই বুলি অভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে মন্তব্য কৰিছিল ।

ইছলামাবাদত সংবাদমেল সম্বোধন কৰি অভ্যন্তৰীণ মন্ত্ৰীগৰাকীয়ে কয় যে এই দলটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই । ছানাউল্লাহে লগতে কয় যে পিটিআই মুৰব্বীৰ একমাত্ৰ উদ্দেশ্য হৈছে দেশত বিশৃংখলতা আৰু অৰাজকতা বিয়পোৱা । তেওঁ দেশজুৰি হোৱা হিংসাত্মক প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তি ক্ষতিগ্ৰস্ত কৰা আৰু সমগ্ৰ দেশজুৰি সামৰিক প্ৰতিষ্ঠানসমূহত আঘাত কৰাৰ বাবে ইমৰাণ খান নেতৃত্বাধীন দলৰ কৰ্মী আৰু সমৰ্থকসকলক দায়ী কৰে ।

উল্লেখ্য যে পিটিআইৰ মুৰব্বী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰৰ পাছতে দেশখনত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে (Violent protests in Pakistan)। ইমৰাণ খানৰ সমৰ্থক আৰু দলীয় কৰ্মীসকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হিংসাত্মক কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক :Pakistan Army Chief Asim Munir : সেনাপ্ৰধানৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি ইমৰাণ খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.