ETV Bharat / international

লোহিত সাগৰত আমেৰিকাৰ এখন জাহাজত আক্ৰমণ হুথি বিদ্ৰোহীৰ

Houthis hit US owned ship in missile attack : হুথি বিদ্ৰোহীয়ে আক্ৰমণ চলাই আমেৰিকাৰ এখন মালবাহী জাহাজত ৷ সোমবাৰে মিছাইলেৰে হুথিসকলে আক্ৰমণ চলাই আমেৰিকাৰ ঈগল বাল্কৰ মালিকানাধীন আৰু পৰিচালিত এম ভি জিব্ৰাল্টাৰ ঈগল নামৰ জাহাজত ৷

author img

By ANI

Published : Jan 16, 2024, 1:23 PM IST

houthis hit us owned ship in missile attack in red sea
লোহিত সাগৰত আমেৰিকাৰ এখন জাহাজত আক্ৰমণ হুতি বিদ্ৰোহীৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 16 জানুৱাৰী : লোহিত সাগৰত বৃদ্ধি পাইছে হৈছে যুদ্ধ সদৃশ্য পৰিৱেশ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে সামাজিক মাধ্যমত কয় যে, আমেৰিকাৰ ঈগল বাল্কৰ মালিকানাধীন আৰু পৰিচালিত এম ভি জিব্ৰাল্টাৰ ঈগল নামৰ মালবাহী জাহাজত ইৰাণ হুথি বিদ্ৰোহী গোটে আক্ৰমণ চলাই ৷ আমেৰিকাৰ সেনাৰ তৰফৰপৰা জনৱো অনুসৰি, "15 জানুৱাৰীত ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে য়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চলৰ পৰা বেলিষ্টিক মিছাইলেৰে এম ভি জিব্ৰাল্টাৰ ঈগলত আঘাত কৰে ৷

উল্লেখ্য যে, কিছু দিনৰ পূৰ্বে আমেৰিকা আৰু ব্ৰিইটেনৰ ৰয়েল বাহিনীয়ে হুথি বিদ্ৰোহীৰ ঘাটিত আক্ৰমণ কৰিছিল ৷ তাৰ পাছতে আমেৰিকাৰ বিৰুদ্ধে অধিক আক্ৰমণ কৰা হ’ব বুলি হুংকাৰ দিছিল হুথি বিদ্ৰোহীয়ে ৷ এই ঘোষণাৰ 24 ঘন্টাৰ নৌ-হওতে হুথি বিদ্ৰোহীয়ে আমেৰিকাৰ এখন মালবাহী জাহাজক লক্ষ্য কৰি বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাই ৷

ইফালে হুথিসকলক সতৰ্ক কৰি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ যদি হুথিসকলে আক্ৰমণ অব্যাহত ৰাখে তেন্তে অধিক প্ৰত্যাহক্ৰমণ কৰা হ’ব ৷ চি এন এনৰ প্ৰতিবেদন অনুসৰি, " হুথিৰ আক্ৰমণত আমেৰিকা মালবাহী জাহাজ এম ভি জিব্ৰাল্টাৰ ঈগলৰ বিস্তৰ ক্ষতি হোৱা নাই ৷

এই ক্ষেত্ৰত, ঈগল বাল্ক শ্বিপিং কৰ্তৃপক্ষৰ তৰফৰ পৰা কয় যে, ষ্টীলৰ সামগ্ৰী কঢ়িয়াই আনিছিল জাহাজখনে ৷ তেনেতে এডেন উপসাগৰত প্ৰায় 100 মাইল দূৰত্বৰ পৰা জাহাজখনত এটা বিদ্ৰোহী গোটে আক্ৰমণ কৰে ৷ বৰ্তমানেও জাহাজখনৰ যাত্ৰা অব্যাহত আছে ৷ কম বেছি পৰিমাণে জাহাজখনৰ ক্ষতি হৈছে যদিও কেইবাজনো নাবিক আহত হৈছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, "ইয়াৰ পূৰ্বে সোমবাৰে হুথিসকলে এখন জাহাজক লক্ষ্য কৰি বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল ৷ কিন্তু মিছাইলটো বিফল হৈছিল ৷’’

লগতে পঢ়ক : ইৰাকৰ মাৰ্কিন দূতাবাসৰ সমীপত বিস্ফোৰণত 4 জনৰ মৃত্যু; বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ ইৰাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.